/asomiyapratidin/media/media_files/2025/07/22/vice-president-2025-07-22-09-48-32.jpeg)
ডিজিটেল ডেস্কঃ দিনটো সঠিকভাৱেই তেওঁ ৰাজ্যসভা পৰিচালনা কৰিছিল। তাৰ পিছত সন্ধিয়া হঠাৎ পদত্যাগ কৰিলে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে। সোমবাৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ এই পদত্যাগক সাধাৰণ ভাৱে লোৱা নাই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে।
এই পদত্যাগৰ আঁৰত তেওঁ বিচাৰি পাইছে গভীৰ ৰহস্য। এক্সৰ এটা পোষ্টত জয়ৰাম ৰমেশে উল্লেখ কৰিছে যে ২১ জুলাই, সোমবাৰে ৰাজ্যসভাৰ অধ্যক্ষৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ব্যৱসায়িক পৰামৰ্শদাতাৰ সমিতিৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী জে পি নড্ডা আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰণ ৰিজিজু ইচ্ছাকৃতভাৱে উপস্থিতি নাছিল।
তাৰ পিছতেই উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে পদত্যাগ কৰা বিষয়টোৱে ইয়াৰ আঁৰত গভীৰ ৰহস্য নিহিত হৈ থকাটোকে নিশ্চিত কৰিছে বুলি দাবী কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁ জনোৱা অনুসৰি সোমবাৰে বি এ চিৰ প্ৰথমখন বৈঠকত জে পি নড্ডা আৰু কিৰণে ৰিজিজু দুয়োগৰাকী নেতা উপস্থিত আছিল।
তাৰ পিছত বিয়লি ৪-৩০ বজাত অনুষ্ঠিত হোৱা বি এ চিৰ দ্বিতীয়খন বৈঠকত এই দুয়োগৰাকী নেতা ইচ্ছাকৃতভাৱে উপস্থিত নাছিল। বিয়লিৰ নিৰ্ধাৰিত সময়ত অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে দুয়োগৰাকী নেতালৈ অপেক্ষা কৰিছিল। কিন্তু তেওঁলোক দুয়ো আহি উপস্থিত নহ’ল। তেওঁলোক যে এই বৈঠকত উপস্থিত নাথাকে সেই বিষয়ে পূৰ্বে অৱগত কৰা নাছিল।
ইয়াৰ পিছতে জগদীপ ধনখড়ে ২২ জুলাইৰ দিনৰ ১ বজাত পুনৰ বি এ চিৰ বৈঠকৰ সময় নিৰ্ধাৰণ কৰে। কিন্তু সন্ধিয়ালৈ তেওঁ পদত্যাগ কৰে। জয়ৰাম ৰমেশে কয়, সোমবাৰে দিনৰ ১ বজাৰ পৰা বিয়লি ৪-৩০ বজাৰ ভিতৰত অতি গুৰুতৰ কিবা এটা হৈছে।
তেওঁ লগতে কয় যে, জগদীপ ধনখড়ে যদিও পদত্যাগ পত্ৰত স্বাস্থ্যজনিত কাৰণৰ কথা উল্লেখ কৰিছে তথাপিও কিবা এটা গুৰুতৰ কাৰণ নিহিত হৈ থকা সন্দেহ কৰিছে। অৱশ্যে তেওঁ ধনখড়ৰ এই সিদ্ধান্তক সন্মান কৰা উচিত বুলিও উল্লেখ কৰিছে।
জয়ৰাম ৰমেশে আৰু কয়, জগদীপ ধনখড়ে বৰ্তমানৰ জি-২ শাসনৰ অধীনত সম্ভৱপৰ পৰিমাণে বিৰোধীক গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ কৃষক আন্দোলনৰ সময়ত জগদীপ ধনখড়ে লোৱা ভূমিকাৰ কথাও সোঁৱৰাই দিছে।