মায়ঙৰ বিশিষ্ট সমাজকৰ্মী সোমেশ্বৰ মেধিৰ দেহাৱসান

মায়ঙৰ বিশিষ্ট সমাজকৰ্মী তথা মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সোমেশ্বৰ মেধি আৰু নাই। সোমবাৰে পুৱাৰ ভাগত দেহাৱসান ঘটে বিশিষ্ট সমাজকৰ্মীগৰাকীৰ...

author-image
Asomiya Pratidin
New Update
medhi

medhi

ডিজিটেল সংবাদ, মায়ং : মায়ঙৰ বিশিষ্ট সমাজকৰ্মী তথা মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সোমেশ্বৰ মেধি আৰু নাই। সোমবাৰে পুৱাৰ ভাগত দেহাৱসান ঘটে বিশিষ্ট সমাজকৰ্মীগৰাকীৰ। 

পৰিয়ালৰ লোকে জনোৱা অনুসৰি ৯০ বছৰ বয়সত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় প্ৰাক্তন অধ্যক্ষগৰাকীৰ। তেখেতৰ মৃতদেহ ঘৰ আহি পোৱাৰ পিছতেই অঞ্চলটোৰ বহু অনুষ্ঠান- প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধা জনায়। 

উল্লেখযোগ্য যে মৃত্যুৰ সময়ত তেওঁ ইহ সংসাৰত পুত্ৰ- বোৱাৰী, জী -জোঁৱাই, পৰিবাৰ আৰু নাতী- নাতিনীৰ লগতে আত্মীয় স্বজনক এৰি থৈ যায়। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে তেখেত মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, শংকৰদেৱ শিশু নিকেতন মায়ঙৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। 

ইয়াৰ উপৰি মায়ং আঞ্চলিক মহাবিদ্যালয়ৰো প্ৰতিষ্ঠাপক সদস্য আছিল।  বৃহত্তৰ মায়ং অঞ্চলৰ সৰ্বাঙ্গীন উন্নয়ন আৰু বহুতো সামাজিক কামত তেখেতৰ অৱদান অতুলনীয় আছিল। এনে এগৰাকী বিশিষ্ট ব্যক্তিৰ বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

MAYANG