/asomiyapratidin/media/media_files/2026/02/14/122-2026-02-14-07-20-24.jpg)
ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব । কিছু সময় পাছতে মোডীক কঢ়িয়াই অনা বিমানে অসমৰ ভূমিত অৱতৰণ কৰিব। মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সদৰী কৰা অনুসৰি শনিবাৰে পুৱা ৭.১৫ বজাত নতুন দিল্লীৰ পৰা চাবুৱা অভিমুখে ৰাওনা হ'ব প্ৰধানমন্ত্ৰী মোডী ।
প্ৰধানমন্ত্রীগৰাকীয়ে পুৱা ৯.৫০ বজাত চাবুৱা এয়াৰ ফিল্ডত উপস্থিত হ’ব । ১০ বজাত চাবুৱাৰ পৰা মৰাণলৈ আহিব । মৰাণৰ ইমাৰজেন্সী লেণ্ডিং ফিল্ডত বা এডভান্স লেণ্ডিং ফিল্ডত প্ৰধানমন্ত্রীগৰাকীয়ে অৱতৰণ কৰিব ।
ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা এই ইমাৰজেন্সী লেণ্ডিং ফিল্ডৰ সমীপত নিৰ্মাণ কৰা মঞ্চত উপস্থিত হ'ব প্ৰধানমন্ত্রীগৰাকী । সেই স্থানৰ পৰাই প্ৰধানমন্ত্রীগৰাকীয়ে আধা ঘণ্টা সময়ৰ বাবে ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব' উপভোগ কৰিব ।
ইমাৰজেন্সী লেণ্ডিং ফিল্ডত বায়ুসেনাৰ বিমান অৱতৰণ আৰু উৰণ কৰিব । ১৬ খন যুদ্ধ বিমানৰ একাংশই ইমাৰজেন্সী লেণ্ডিং ফিল্ডত অৱতৰণ কৰিব আৰু আন একাংশ বিমানে আকাশমাৰ্গত উৰণ কৰি বিভিন্ন কৌশল প্ৰদৰ্শন কৰিব । ভাৰতীয় বায়ুসেনাৰ ছুখই, ৰাফেল আদি যুদ্ধ বিমানে এয়াৰ শ্ব' কৰিব আৰু কেইবাখনো বিমান ৰাস্তাৰ ওপৰত অৱতৰণ কৰিব ।
ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব' উপভোগ কৰি দিনৰ ১২.৩০ বজাত প্ৰধানমন্ত্রীয়ে মৰাণৰ ইমাৰজেন্সী লেণ্ডিং ফিল্ডৰ পৰাই বিশেষ বিমানযোগে গুৱাহাটীলৈ আহিব ৷ গুৱাহাটীত উপস্থিত হৈ প্ৰধানমন্ত্রীয়ে প্ৰথমে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰবৰ্মা সেতু আনুষ্ঠানিকভাৱে মুকলি কৰিব । দিনৰ ১ বজাৰ পৰা ১.১৫ বজালৈ প্ৰধানমন্ত্রী সেতুখনত থাকি সেতুখন নিজে প্ৰত্যক্ষ কৰিব ।
প্ৰধানমন্ত্রীয়ে দলঙখন উদ্বোধন কৰাৰ পাছত লাচিত ঘাটলৈ আহিব । লাচিত ঘাটৰ পৰা প্ৰধানমন্ত্রীয়ে আনুষ্ঠানিকভাৱে আই আই এম গুৱাহাটীৰ অস্থায়ী চৌহদটো মুকলি কৰিব । এই অস্থায়ী চৌহদটো বঙৰাত হ'ব । আই আই এম গুৱাহাটী পলাশবাৰীত স্থায়ীভাৱে নিৰ্মাণ কৰা হ'ব ।
লাচিত ঘাটৰ পৰাই প্ৰধানমন্ত্রীয়ে আমিনগাঁৱত এন আই চিয়ে কৰা ডাটা চেণ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব । তদুপৰি প্ৰধানমন্ত্রীয়ে কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ বাবে দিয়া ১০০ খন ইলেক্ট্ৰনিক বাছ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব ।
লাচিত ঘাটৰ পৰা ২ বজাত প্ৰধানমন্ত্রী খানাপাৰালৈ ৰাওনা হ'ব । খানাপাৰাত দিনৰ ২ বজাৰ পৰা ৩ বজালৈ আয়োজন কৰা বিজেপিৰ 'বুথ বিজয় সন্মিলন'ত প্ৰধানমন্ত্রীয়ে অংশগ্ৰহণ কৰিব । ৰাজ্যৰ প্ৰায় এক লাখ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাই এই সন্মিলনত অংশগ্ৰহণ কৰিব ।
প্ৰধানমন্ত্রীয়ে বুথ বিজয় সন্মিলন উদ্বোধন কৰি কাৰ্যকৰ্তাসকলক সম্বোধন কৰিব । তাৰপিছত বিয়লি প্ৰধানমন্ত্রী নতুন দিল্লী অভিমুখে ৰাওনা হ'ব ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us