/asomiyapratidin/media/media_files/2025/07/11/jalukbari-11-2025-07-11-08-22-32.jpg)
ডিজিটেল সংবাদ শুৱালকুছিঃ যিসময়ত ৰাজ্যত চৰকাৰী ভূমি বেদখলৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ, চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ হুংকাৰেৰে সৰ্বত্ৰে উচ্ছেদ অভিযান চলাইছে সেই সময়তে স্বয়ং মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে চৰকাৰী ভূমি বেদখল কৰি স্থানীয় গো-পালকক বঞ্চিত কৰি একাংশ সন্দেহজনক লোকক লীজত দিয়াৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য যে, ৰাজ্যত চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চৰকাৰী ভূমি বেদখল কৰাৰ বিৰুদ্ধে যুদ্ধদেহিং ৰূপ ধাৰণ কৰিছে।যি কোনো পৰিস্থিতিত বেদখলমুক্ত কৰাৰ বাবে উঠিপৰি লাগিছে চৰকাৰ।
কিন্তু তেনে সময়তে পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ গৃহসমষ্টিৰ কামৰূপৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাক্ষসিনী চৰৰ বিশাল ভূমি এতিয়া সন্দেহজনক নাগৰিকৰ হাতত পৰিছে। শ শ বিঘা ভূমিৰে আগুৰি থকা ভূমিখনি স্থানীয় একাংশ দালালে বেদখল কৰাই নহয়, সেই চৰকাৰী ভূমি লীজত দিছে একাংশ সন্দেহযুক্ত নাগৰিকক।
যাৰ পৰিণতিত অঞ্চলটোৰ গো-পালক তথা খিলঞ্জীয়া লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আজ্ঞাঠুৰি, দলিবাৰী, শিঙিমাৰী, গন্ধমৌ, ৰৌমাৰীকে ধৰি কেইবাখনো গঞা ৰাইজৰ প্ৰায় তিনি হাজাৰ গৰু আৰু ম'হৰ বিচৰণস্থলী হিচাপে অস্থায়ী ভাৱে ব্যৱহাৰ কৰি আহিছিল অঞ্চলটোৰ ৰাইজে।
কিন্তু হঠাৎ একাংশ দালালে সেই চৰকাৰী ভূমিকে লীজত দি মুনফা আদায় কৰি অন্ধকাৰ নমাই আনিছে স্থানীয় গোপালক তথা কৃষকৰ মাজত। স্থানীয় কৃষকসকলক বঞ্চিত কৰি এনেদৰে চৰকাৰী ভূমি বেদখল কৰি একাংশ সন্দেহযুক্ত লোকক দিয়াৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে কৃষক তথা স্থানীয় গঞা ৰাইজে।
এইক্ষেত্ৰত একাংশ শাসকীয় দলৰ নেতা পালিনেতা জড়িত থকাৰো অভিযোগ কৃষকৰ। স্থানীয় গো-পালকসকলক বঞ্চিত কৰি চৰকাৰী ভূমি বেদখল কৰি সন্দেহযুক্ত নাগৰিকক লীজত দিয়াৰ পিছতো নীৰৱ ভূমিকাত স্থানীয় গাওবুঢ়া, হাজো ৰাজহ চক্ৰ বিষয়াৰ লগতে জিলা প্ৰশাসন।