চুনচালী প্ৰাথমিক বিদ্যালয়ত 'সম্ভাৱনাৰ সোনালী দিন '

চুনচালী প্ৰাথমিক বিদ্যালয়ত 'সম্ভাৱনাৰ সোনালী দিন '

author-image
Asomiya Pratidin
New Update
চুনচালী প্ৰাথমিক বিদ্যালয়ত 'সম্ভাৱনাৰ সোনালী দিন '

ডিজিটেল সংবাদ, গুৱাহাটীঃ চুনচালী প্ৰাথমিক বিদ্যালয়ত বুধবাৰে কম্পিউটাৰ, যোগশিক্ষা আৰু গ্ৰন্থাগাৰৰ আনুষ্ঠানিক শুভাৰম্ভ কৰাৰ লগতে অভিভাৱকসকলৰ লগত এক অন্তৰংগ অনুষ্ঠানৰো আয়োজন কৰা হয়। এই অনুষ্ঠানতে ছাত্ৰ-ছাত্ৰীসকলক স্কুল ইউনিফৰ্মসমূহো বিতৰণ কৰা হয়।

Advertisment

এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাকতৰ মূখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰী, বিশিষ্ট গল্পকাৰ তথা নন্দিনীৰ সম্পাদক মাইনী মহন্ত, যোগবিদ হৰি প্ৰসাদ তালুকদাৰ, স্থানীয় পাৰিষদ মনোজ কুমাৰ নাথ আৰু অন্যান্য বিশিষ্ট ব্যক্তি সকলৰ লগতে চুনচালী প্ৰাথমিক বিদ্যালয়ৰ অভিভাৱকসকল আৰু চুনচালী হাইস্কুলৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল।

চুনচালী প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হেমন্ত ভাগৱতীয়ে অনুষ্ঠানটি আঁত ধৰে। অনুষ্ঠানটি প্ৰথমে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে হেমন্ত ভাগৱতীয়ে ৰচনা আৰু সুৰ কৰা চুনচালী প্ৰাথমিক বিদ্যালয়ৰ শীৰ্ষ গীত সমবেত কণ্ঠত পৰিবেশন কৰে। উপস্থিত অতিথিসকলক বিদ্যালয়ৰ ফালৰ পৰা গামোচা আৰু সজীৱ ফুলৰ টাবৰ সৈতে প্ৰদান কৰা হয়।

অতিথিসকলে নিজৰ নিজৰ ভাষণত ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ন, খেলাধূলা, যোগা অভ্যাস ইত্যাদিৰ বিষয়ে কয়। সাধু আৰু গীত মাতৰ জৰিয়তে অতিথিসকলে জীৱন গঢ়াৰ মন্ত্ৰ শিকাই। হৰি প্ৰসাদ তালুকদাৰে যোগ শিক্ষাৰ দ্বাৰাই যে নিৰুগী হৈ থাকিব পাৰি সেই বিষয়ে কয়।

শিল্পী প্ৰিয়াক্ষী মচে এটি সুন্দৰ গীতৰে সকলোকে আপ্লুত কৰে। প্ৰাথমিক বিদ্যালয় আৰু হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলেও কেইবাটাও গীত পৰিৱেশন কৰে।শলাগৰ শৰাই আগবঢ়াই প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী সোনালী শইকীয়াই।

চুনচালী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী মানসী ৰাজখোৱাই ব্যক্তব্য ৰাখে। অনুষ্ঠানটোত উপস্থিত থাকে সেউজ নগৰ উন্নয়ন সমিতিৰ সভাপতি মহেন্দ্ৰ দত্ত, সমাজ সেৱক নিকুঞ্জ দাস, চুনচালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিস্থাপক প্ৰধান শিক্ষক মহেন্দ্ৰ মোহন মেধি ,মুন্না পাছোৱান আদি।

Also Read: ভাল খবৰঃ বোকাখাতৰ ৫.২৪কোটি টকাৰ ৰঙালাউ বহিঃৰাজ্যলৈ প্ৰেৰণ

chunchali Maini Mahanta