/asomiyapratidin/media/media_files/2025/03/16/XDI4K4JEGdkWnHokOxgo.jpg)
বাচ্ছু মিঞা আনছাৰীৰ কেলেংকাৰী
ডিজিটেল সংবাদ, মানকাচৰ: কৃষিকাৰ্য সম্পাদনৰ বাবে ৰাজ্য চৰকাৰে কৃষক সকলক ৰাজসাহায্যযুক্ত ছোলাৰ পাম্প আৱণ্টন দিছে। বহু হিতাধিকাৰীয়ে ৯০ হেজাৰ টকাৰে ৰাজ সাহায্যয়ুক্ত টেংকি লাভ কৰিছে। পিছে ১ হেজাৰ লিটাৰ পানী জমা ৰাখিব পৰাকৈ টেংকি নিৰ্মাণত ঠিকাদাৰে দূৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।
বিভাগীয় নিয়ম অনুসৰি ছোলাৰ পাম্পৰ টেংকি হিতাধিকাৰীয়ে নিজে টেংকি নিৰ্মাণ কৰাৰ পাছত হিতাধিকাৰীজনৰ একাউণ্টত ৰাজ সাহায্যৰ ধন জমা হয়। কিন্তু এইজন বাচ্ছু মিঞা আনছাৰীকে ধৰি একাংশ ঠিকাদাৰে নিম্নমানৰ ১০০০ লিটাৰৰ টেংকি নিৰ্মাণ কৰি ৰাজ সাহায্যৰ ধনখিনি হিতাধিকাৰীৰ পৰা আদায় কৰি আহিছে। টেংকি নিৰ্মাণৰ পাছত হিতাধিকাৰীৰ একাউণ্টত সোমাবলগীয়া ৯০ হেজাৰ টকা ঠিকাদাৰক আদায় দিয়াৰ বাবে এইখন এগ্ৰিমেণ্ট কৰা হৈছে। ঠিকাদাৰ বাচ্ছু মিঞা আনছাৰী আৰু হিতাধিকাৰী আব্দুছ ছোবাহানৰ মাজত কৰা হৈছে এখন এগ্ৰিমেণ্ট ভাইৰেল হৈছে।
ৰাইজে প্ৰশ্ন কৰিছে, ঠিকাদাৰ বাচ্ছু মিঞা আনছাৰী কেনেকৈ বিভাগীয় নিয়ম ভংগ কৰি হিতাধিকাৰীৰ সৈতে এগ্ৰিমেণ্ট কৰিবলৈ সাহস পালে? মানকাচৰত প্ৰায় শতাধিক ছোলাৰ পাম্প হিতাধিকাৰীয়ে ১ হেজাৰ লিটাৰ পানী জমা কৰা টেংকি লাভ কৰিছে। প্ৰায় প্ৰতিটো টেংকি নিৰ্মাণৰ নামত হিতাধিকাৰীৰ ৰাজ সাহায্যৰ ধন ঠিকাদাৰে লুটিছে বুলি বিজেপিৰ নেতা মনিৰুজ্জামান মনিৰে অভিযোগ উত্থাপন কৰিছে। টেংকি নিৰ্মাণৰ নামত কৃষি বিভাগৰ ঠিকাদাৰে হিতাধিকাৰীৰ নামত অহা ৰাজ সাহায্যৰ ধন আত্মসাৎ কৰা ঘটনা গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগও তুলিলে বিজেপিৰ জ্যেষ্ঠ নেতাজনে।