/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/cf9c8ff8-2f97-47e6-abaf-4e92c62af7b2/AP_FOR_WEB_new_solar_ecilips.jpg)
ডিজিটেল ডেস্কঃ কাইলৈ অৰ্থাৎ ২০ এপ্ৰিলত হ'ব বছৰটোৰ প্ৰথমটো সূৰ্য গ্ৰহণ।এই সূৰ্য গ্ৰহণৰ সময়-সীমা পুৱা ৭ বাজি ৪ বজাৰ পৰা দিনৰ ১২ বাজি ২৯ মিনিটলৈ। এইবাৰৰ সূৰ্যগ্ৰহণটো বিশেষ হ'ব কিয়নো ৩ টা প্ৰকাৰৰ সূৰ্য গ্ৰহণ দেখিবলৈ পোৱা যাব। যাৰ বাবে বৈজ্ঞানিক দৃষ্টিকোনৰ পৰা ইয়াক 'হাইব্ৰিড' সূৰ্যগ্ৰহণ বুলি কোৱা হয়।
অৱশ্যে ভাৰতৰ পৰা এই সূৰ্য গ্ৰহণ প্ৰত্যক্ষ নহ'ব। কিন্তু জ্যোতিষ শাস্ত্ৰ মতে বিভিন্ন ৰাশিৰ ওপৰত প্ৰভাৱ পৰিব। এই সূৰ্য গ্ৰহণ চীন, আমেৰিকা,মালেছিয়া, ফিজি. জাপান, ছিংগাপুৰ, থাইলেণ্ড, নিউজিলেণ্ড, ইণ্ডোনেচিয়া আদি দেশৰ পৰা প্ৰত্যক্ষ হ'ব।
নাছাই এই সূৰ্যগ্ৰহণ লাইভ কৰিব। উল্লেখ্য যে, ইয়াৰ পৰৱৰ্তী সূৰ্য গ্ৰহণ ১৪ অক্টোবৰত হ'ব।
Also Read: অসমৰ নদীত ১২০ কিলো ওজনৰ গৰুৱা মাছ, বজাৰত চাবলৈ হেতা-ওপৰা....