দিপাৱলীৰ পাছতেই হ'ব বছৰটোৰ দ্বিতীয়টো সূৰ্য গ্ৰহণ...

বছৰটোৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ ২৫ অক্টোবৰত হ'ব

author-image
Asomiya Pratidin
New Update
দিপাৱলীৰ পাছতেই হ'ব বছৰটোৰ দ্বিতীয়টো সূৰ্য গ্ৰহণ...

solar eclipse

ডিজিটেল ডেস্ক: বছৰটোৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ ২৫ অক্টোবৰত হ'ব। বিশেষজ্ঞ সকলৰ মতে, এইটো এক আংশিক সূৰ্যগ্ৰহণ হ'ব। ভাৰতত সূৰ্যাস্তৰ প্ৰথম আবেলি গ্ৰহণ আৰম্ভ হ'ব আৰু ইয়াক বেছিভাগ ঠাইৰ পৰা দেখা যাব।

Advertisment

অৱশ্যে এই গ্ৰহণ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, আইজল, ডিব্ৰুগড়, ইম্ফল, ইটানগৰ, কোহিমা, শিৱসাগৰ, শিলচৰ আদিৰ পৰা দেখা পোৱা নাযাব।

ভাৰত চৰকাৰৰ পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ মতে,ভাৰতত গ্ৰহণৰ শেষৰ অংশ দেখা নাযাব। কাৰণ এই গ্ৰহণ সূৰ্যাস্তৰ পাছতো হৈ থাকিব।

সূৰ্যগ্ৰহণ খালী চকুৰে চোৱা উচিত নহয়। আনকি চন্দ্ৰই সূৰ্যৰ বেছিভাগ অংশ আৱৰি থাকিলেও, ইয়াক খালী চকুৰে চাব নালাগে। কিয়নো ই চকুৰ ক্ষতি কৰিব পাৰে, যাৰ ফলত অন্ধও হ'ব পাৰে। সূৰ্যগ্ৰহণ চাবলৈ এলুমিনিয়াম মাইলাৰ, ক'লা পলিমাৰ, গ্লাছ ব্যৱহাৰ কৰিব লাগে।

india solar eclipse