/asomiyapratidin/media/media_files/2025/03/03/F1gbXgUDnTRqcxzk1igR.jpg)
লম্বোদৰ শইকীয়া আৰু নাই
ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ জাজৰি ঢলপুৰীয়া নিৱাসী বিশিষ্ট সমাজকৰ্মী-অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক লম্বোদৰ শইকীয়া (লক্ষী খুড়া)ৰ সোমবাৰে পুৱা ১০.২৫ বজাত গুৱাহাটীৰ এক ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৩ বছৰ।
উল্লেখযোগ্য যে বিগত কেইবছৰমানৰ পৰা স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈ থকা শইকীয়াৰ হঠাৎ শাৰীৰিক অৱস্থা অধিক অৱনতি ঘটাত দেওবাৰে বিয়লি ততাতৈয়াকৈ পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰা। অৱশ্যে চিকিৎসাধীন অৱস্থাতে আজি পুৱা তেওঁৰ বিয়োগ ঘটে।
জাজৰি অঞ্চলৰ এগৰাকী শিক্ষাবিদৰূপে সমাদৃত মিষ্টভাষী শইকীয়াই ১৯৬৩ চনত নগাঁৱৰ হাতীচোং মজলীয়া বিদ্যালয়ত শিক্ষকতা জীৱন আৰম্ভ কৰিছিল। তাৰ পৰৱৰ্তী সময়ত মাজগাঁও মজলীয়া বিদ্যালয় আৰু কাকমাৰি মজলীয়া বিদ্যালয়ত শিক্ষকৰূপে সেৱা আগবঢ়াই ১৯৯২ চনৰ পৰা নগাঁৱৰ লতোবোৱা মজলীয়া বিদ্যালয়ত শিক্ষকতা কৰি প্ৰধান শিক্ষক হিচাপে উক্ত বিদ্যালয়ৰ পৰা ২০০১ চনত অৱসৰগ্ৰহণ কৰে।
এগৰাকী নিষ্ঠাবান শিক্ষক হিচাপে সুনাম থকা শইকীয়া জাতীয় বিদ্যালয় জাজৰিৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক, বেলতল সাৰ্বজনীন শিৱ মন্দিৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক,মাজ-জাজৰি পানী যোগান আঁচনিৰ প্ৰাক্তন সভাপতি, জাজৰি ডাকঘৰ পৰিচালনা সমিতিৰ সভাপতি, জাজৰি আঞ্চলিক বিজ্ঞান শাখাৰ প্ৰাক্তন সভাপতি, জাজৰি ঢলপুৰীয়া যুৱক সংঘৰ বৰ্তমানৰ উপদেষ্টা, ঢলপুৰীয়া খেল সমাজৰ প্ৰাক্তন সভাপতি হিচাপে দায়িত্ব পালন কৰাৰ লগতে বৃহত্তৰ জাজৰি অঞ্চলৰ সামাজিক ক্ষেত্ৰলৈ অশেষ বৰঙণি আগবঢ়াই থৈ গৈছে।
শইকীয়াৰ নশ্বৰদেহ আজি বিয়লি তেওঁৰ জাজৰি ঢলপুৰীয়াস্থিত নিজা বাসগৃহ আহি পোৱাত অলেখ গুণমুগ্ধ-শুভাকাংক্ষীসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৃত্যুৰ সময়ত শইকীয়াই পত্নী,পুত্ৰ,বোৱাৰী,জী-জোৱাই,নাতি-নাতিনীকে ধৰি অনেক আত্মীয়-স্বজনক ইহসংসাৰত এৰি যায়।
তেখেতৰ মৃত্যুত ঢলপুৰীয়া যুৱক সংঘ,অনন্ত পুথিভঁৰাল আৰু সামূহিক কেন্দ্ৰ,জাজৰি শাখা সাহিত্য সভা,জাজৰি প্ৰেছ ক্লাৱ,জাজৰি বেলতল সাৰ্বজনীন শিৱ মন্দিৰ পৰিচালনা সমিতি,জাজৰি আঞ্চলিক বিজ্ঞান শাখাকে আদি কৰি বৃহত্তৰ জাজৰি অঞ্চলৰ অনেক ব্যক্তি প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।