নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী প্ৰভাত চন্দ্ৰ দাসৰ দেহাৱসান...

শনিবাৰে দুপৰীয়া নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী প্ৰভাত চন্দ্ৰ দাসৰ দেহাৱসান...

সমাজকৰ্মী প্ৰভাত চন্দ্ৰ দাস

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও চহৰৰ হয়বৰগাঁও এ,টি ৰোড নিবাসী বিশিষ্ট সমাজকৰ্মী,জ্যেষ্ঠ নাগৰিক প্ৰভাত চন্দ্ৰ দাসে (৮৩) শনিবাৰে দুপৰীয়া নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে ৷ দাসৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বহু সংখ্যক গুণমুগ্ধ আৰু শুভাকাংক্ষীয়ে তেখেতৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷

উল্লেখযোগ্য যে, প্ৰয়াত দাস হয়বৰগাঁও নাট্য সমিতি, নগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনী, হয়বৰগাঁও শ্মশান সমিতি,সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা ,বৃহত্তৰ হয়বৰগাঁও ব্যৱসায়ী সন্থা,সদৌ নগাঁও ভোগালী বিহু সমিতি,সত্য সাই কমিটি,উত্তৰ হয়বৰগাঁও নামঘৰ কমিটি আদিৰ লগত নিবিড়ভাৱে জড়িত হৈ আছিল ৷

সমাজকৰ্মী দাসৰ নশ্বৰদেহ বিয়লি ভাগত হয়বৰগাঁও-চান্দমাৰীস্থিত শ্মশানত শেষকৃত্য সম্পন্ন কৰে ৷ মৃত্যুৰ সময়ত প্ৰয়াত দাসে পত্নী ,একমাত্ৰ পুত্ৰ,বোৱাৰী আৰু এগৰাকী নাতিনী ইহসংসাৰত এৰি থৈ বৈকুণ্ঠগামী হয় ৷

nagaon assam