ওদালগুৰিৰ সমাজসেৱক, ব্যৱসায়ী খগেন চৌধুৰীলৈ ভাৰত গৌৰৱ সন্মান

ওদালগুৰিৰ সমাজকৰ্মী, ব্যৱসায়ী খগেন চৌধুৰীক 'ভাৰত গৌৰৱ' সন্মান প্রদান কৰিছে নেচনেল ক্রাইম ইন্টেলিজেঞ্চ এজেন্সিয়ে। সংস্থাটোৰ সঞ্চালক ড° উজ্জ্বল শইকীয়াৰ তত্ত্বাৱধানত ২৪ জুলাইত গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এক অনুষ্ঠানত

author-image
Asomiya Pratidin
New Update
AP FOR WEB award

ডিজিটেল সংবাদ, ওদালগুৰি : ওদালগুৰিৰ সমাজকৰ্মী, ব্যৱসায়ী খগেন চৌধুৰীক 'ভাৰত গৌৰৱ' সন্মান প্রদান কৰিছে নেচনেল ক্রাইম ইন্টেলিজেঞ্চ এজেন্সিয়ে। সংস্থাটোৰ সঞ্চালক ড° উজ্জ্বল শইকীয়াৰ তত্ত্বাৱধানত ২৪ জুলাইত গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এক অনুষ্ঠানত ওদালগুৰিৰ সমাজকৰ্মী, ব্যৱসায়ী খগেন চৌধুৰীলৈ এই সন্মান আগবঢ়ায় সংস্থাটোৱে।

Advertisment

ৰাষ্ট্ৰীয় সংস্থাটোৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক প্রধান অমিত পাল স্বাক্ষৰিত অভিনন্দন পত্রত চৌধুৰীয়ে অসমৰ মানৱীয় প্ৰচেষ্টা, মহিলা আৰু শিশু কল্যাণ আৰু তৃণমূল পৰ্যায়ৰ উন্নয়নৰ পদক্ষেপৰ প্ৰতি ব্যতিক্ৰমী নিষ্ঠা প্ৰদৰ্শন কৰি কৃতিত্ব আৰু বিশিষ্ট বৰঙণি আগবঢ়োৱাৰ বাবে এই সন্মান আগবঢ়োৱাৰ কথা উল্লেখ কৰে। সন্মান লাভ কৰি সুখ অনুভৱ কৰা বুলি চৌধুৰীয়ে জানিবলৈ দি সমাজৰ বাবে কৰি অহা কামৰ এয়া এক অন্যতম স্বীকৃতি বুলি গৌৰৱবোধ কৰে।

ওদালগুৰি