/asomiyapratidin/media/media_files/2025/01/06/XUjcZ4uqRM7v97fGxI97.jpg)
The magnanimity of social worker Bakul Chandra Bara
ডিজিটেল সংবাদ, বেবেজীয়া : বেবেজীয়াৰ মাহৰিআটিৰ বিশিষ্ট সমাজসেৱক তথা নগাঁও সমবায় বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-পঞ্জীয়ক বকুল চন্দ্ৰ বৰাই পেঞ্চনৰ পৰা নগদ ১০ লাখ টকা স্থানীয় মন্দিৰৰ ন্যাসলৈ আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিছে । মাহৰিআটিত অৱস্থিত ঐতিহাসিক হৰি-হৰ দেৱালয়ৰ হৰি-হৰ সমাজ কল্যাণ সংঘৰ ন্যাসলৈ সমাজকৰ্মীগৰাকীয়ে ১০ লাখ টকাৰ চেক সোমবাৰে এক গাম্ভীৰ্যপূৰ্ণ সভাত হৰি-হৰ দেৱালয় পৰিচালনা সমিতিৰ সভাপতি বলোৰাম শৰ্মাৰ হাতত প্ৰদান কৰে ।
উল্লেখ্য যে আজিৰ এই সভাত মহেন্দ্ৰ শৰ্মা, অভিজিৎ শৰ্মা, দুলেন বেজবৰা, ধৰ্মেশ্বৰ বৰা, প্ৰফুল্ল শৰ্মা, নবীন বেজবৰা, বসন্ত বৰা, ৰঞ্জিত শৰ্মা, অনন্ত বেজবৰা, হেমচন্দ্ৰ বৰা, মৃনাল নাথকে প্ৰমূখ্য বিশিষ্ট লোকসকল উপস্থিত থাকে । সমাজকৰ্মীগৰাকীৰ এই মহানুভৱতাক সকলোৱে শলাগ লৈছে।