আন্ধাৰ নে পোহৰৰ বাট দেখুৱাইছে ছ’চিয়েল মিডিয়াই?

আন্ধাৰ নে পোহৰৰ বাট দেখুৱাইছে ছ’চিয়েল মিডিয়াই?

author-image
asomiyapratidin
New Update
আন্ধাৰ নে পোহৰৰ বাট দেখুৱাইছে ছ’চিয়েল মিডিয়াই?

► মৃদুল কুমাৰ সন্দিকৈ

Advertisment

তই অকল ম'বাইলটোত কিমান লাগি থাক'? ফেচবুক-হোৱাটছএপ এইবোৰে তোক খুৱাব নেকি? কাম নাই যদি এনেই থাক। ম'বাইলটো খুচৰি কিমান থাক' আৰু?… এয়া আছিল কিছুদিনৰ আগলৈকে নৱ-প্ৰজন্মৰ ল'ৰা- ছোৱালীক উদ্দেশ্যি অভিভাৱকে দিয়া গালি। ইয়াৰ যুক্তিও নথকা নহয়। ম'বাইলত দিনটো ফেচবুক-হোৱাটছএপ কৰি সময় অতিবাহিত কৰাটো এক নিচা হৈ পৰিছিল বহুতৰ বাবে।

ৰাজ্যৰ এজন বিশিষ্ট সাহিত্যিক। বয়স প্ৰায় ৬০ৰ ওচৰা-ওচৰি। সাহিত্যক্ষেত্ৰখনত তেওঁ যথেষ্ট প্ৰতিষ্ঠিত। তেওঁৰ গল্পৰ, উপন্যাসৰ বিশেষ শ্ৰেণীৰ পাঠক আছে। শক্তিশালী গদ্য লিখক হিচাপে তেখেতৰ নাম আছে। তেখেতৰ বহু কেইখন উপন্যাস যথেষ্ট চৰ্চিত। এক অভিজাত লেখক। এদিন তেওঁৰ গল্পৰ বাবে কাকত-আলোচনীৰ সম্পাদকে খাটনি ধৰিব লাগিছিল। এতিয়াও তেওঁ গল্প লিখে। কাকত, আলোচনীৰ উপৰিও ফেচবুকত লিখে গল্প। হঠাৎ তেওঁৰ এই পৰিৱৰ্তন।

মুখ্যমন্ত্ৰীয়ে দিনটো কি কৰিলে? এতিয়া কাকো সুধিব নালাগে। ফেচবুকত মুখ্যমন্ত্ৰীৰ নামত এটা পেজ আছে।সেই পেজটোত চালেই গম পোৱা যায় মুখ্যমন্ত্ৰীৰ দিনটোৰ কাৰ্যসূচী। প্ৰায় সকলোবোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ ফটো আৰু বিৱৰণ ইয়াত থাকে। একেদৰে কোনো এক ঘটনাৰ পাছত প্ৰতিক্ৰিয়া জানিবলৈ এতিয়া কাৰো সহায় লব নালাগে। টুইটাৰত দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰায় প্ৰতিষ্ঠিত লোকসকলে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। আনকি টুইটাৰযোগেই সফলতাৰ বাবে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিয়ে অভিনন্দন জনায়।

সময় সলনি হৈছে। সলনি হৈছে মানুহৰ মন আৰু মাধ্যম। এতিয়া বাতৰি কাকত বা টেলিভিচনতকৈ আগতে খবৰ পোৱা যায় ছ'চিয়েল মিডিয়াত। সকলোৰে হাতে হাতে কেমেৰা থকা ম'বাইল। লগতে আছে এই ম'বাইলত ছ'চিয়েল মিডিয়া বিশেষ ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম, টুইটাৰ আদি। যিকোনো এজন লোকেই যিকোনো ঘটনা প্ৰত্যক্ষ কৰি মুহূৰ্তৰ ভিতৰতে বিশ্বজুৰি সেই খবৰ এই মাধ্যমবোৰৰ জৰিয়তে প্ৰচাৰ কৰি দিয়ে। মুল সুতি সাংবাদিকৰ বাবে এইবোৰ খবৰৰ উৎস হৈ পৰিছে। তেনেদৰে প্ৰতিজন সাধাৰণ নাগৰিকেই হৈ পৰিছে একো একোজন সাংবাদিক।

ছ'চিয়েল মিডিয়াৰ প্ৰতি থকা মানুহৰ নেতিবাচক ধাৰণা লাহে লাহে সলনি হৈছে। ইয়াৰ কেৱল বেয়া ব্যৱহাৰ দেখা লোকসকলৰ মানসিকতা সলনি কৰিছে নৱ-প্ৰজন্মই। ছ'চিয়েল মিডিয়াৰ ব্যাপক প্ৰভাৱ এতিয়া চৌদিশে।সেই বাবেই ৰাষ্ট্ৰীয় তথা আঞ্চলিক ভাষাৰ প্ৰতিষ্ঠিত সংবাদ মাধ্যমে এই মাধ্যমৰ জৰিয়তে সংবাদ পৰিবেশনৰ প্ৰতি গুৰুত্ব দিছে। আনকি ডিজিটেল মিডিয়া সংগঠন গঢ়ি তুলিছে। ইয়াৰ কাৰণ হ'ল ছ'চিয়েল মিডিয়াৰ ব্যাপক প্ৰভাৱ।

হোৱাটছএপ, ফেচবুক আদিত ভাইৰেল হোৱা ভিডিঅ' এতিয়া খবৰ। গাঁৱে-ভূঞে এই মাধ্যমৰ জৰিয়েত এজাক প্ৰহৰী সৃষ্টি হৈছে। ইয়াত আগ-ভাগ লৈছে নৱ-প্ৰজন্মই। এনেদৰে ভাইৰেল হোৱা ভিডিঅ' তথা বাতৰিবোৰেহে এতিয়া সমাজত প্ৰভাৱ পেলোৱাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত,  বিশ্ব পৰ্যায়ৰ সংবাদমাধ্যমৰ শীৰ্ষ বাতৰি হৈছে।

ছ'চিয়েল মিডিয়াৰ ইতিবাচক আৰু  নেতিবাচক দুই প্ৰভাৱ আছে। কি মানসিকতাৰে  ইয়াক ব্যৱহাৰ কৰা হৈছে সেইটোৱেহে বৰ্তমান গুৰুত্বপূৰ্ণ বিষয়। শেহতীয়াকৈ হোৱাটছএপে ভাৰতত অভিযোগ গ্ৰহণকাৰী বিষয়া নিযুক্তি দিছে। পুলিচে এই মাধ্যমবোৰৰ ওপৰত চোকা দৃষ্টি ৰাখে। কিন্তু সেইবোৰৰ লগতে নৱ প্ৰজন্মৰ দৃষ্টিভংগী সলনি হ'লেহে ইয়াক সংযত আৰু সঠিক ৰূপত ব্যৱহাৰ কৰিব পৰা যাব।

নৱ প্ৰজন্মই ফেচবুক বা হোৱাটছএপক কেৱল টাইম পাছৰ আহিলা হিচাপে লোৱা নাই। জ্ঞান অন্বেষণৰ আহিলাৰূপে গ্ৰহণ কৰিছে। শক্তিশালী যোগাযোগৰ মাধ্যমৰূপে লৈ নিজক আগুৱাই নিছে। গুজৱ সৃষ্টিকাৰী কিছু সংখ্যক লোকে এই মাধ্যমসমূহক লঘু কৰিলেও বেছি সংখ্যক লোকৰ বাবে এতিয়া হোৱাটছএপ, ফেচবুক দৈনন্দিন জীৱনৰ অংগ হৈ পৰিছে।

ফেচবুক আৰু হোৱাটছএপ তথা ছ'চিয়েল মিডিয়া ব্যৱহাৰ সন্দৰ্ভত বিভিন্ন সময়ত বিভিন্ন সমীক্ষা হৈছে। এই সমীক্ষাবোৰৰ তথ্যই এটা কথা উদঙাই দিয়ে যে, বিশ্বৰ ৮০ শতাংশতকৈ অধিক লোকক এতিয়া খবৰ দিয়ে এই ছ'চিয়েল মিডিয়াই। তাৰ ভিতৰত ফেচবুকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইফালে খবৰ আৰু বিভিন্ন তথ্যপাতি বিনিময়ৰ বাবে বিশ্বজুৰি এক গুৰুত্বপূৰ্ণ মাধ্যম হৈ পৰিছে হোৱাটছএপ।

ফেচবুকৰ মুখ্য কাৰ্যালয়
ফেচবুকৰ মুখ্য কাৰ্যালয়

২০০৪চনৰ ৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল ফেচবুক। অৰ্থাৎ এই মাধ্যম ১৪বছৰ পুৰণি। গাঁৱে-ভূঞে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ দিনকদিনে বাঢ়ি গৈ আছে। যোৱা দুবছৰ ভাৰততে যিবোৰ গুৰুত্বপূৰ্ণ খবৰে বিশেষ চৰ্চা লাভ কৰিছে সেই খবৰবোৰো কিন্তু প্ৰথমে প্ৰকাশ পাইছে ডিজিটেল মাধ্যমত। তাৰ পৰাহে এই খবৰবোৰ গৈ মূল সংবাদমাধ্যম পাইছিলগৈ।

ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰৰ সন্দৰ্ভত একাষাৰে নেতিবাচক মন্তব্য কৰা সকলেই এতিয়া এই মাধ্যমৰ শৰণাপন্ন হৈছে। এনে কথা-বতৰাও চৰ্চা হৈছে যে, সকলো থকাৰ পাছতো ম'বাইলত ইণ্টাৰনেট নাথাকিলে মানুহ এতিয়া স্থবিৰ হৈ পৰা দিন আহিছে। কাৰণ এই মাধ্যমবোৰৰ জৰিয়তে সকলোৱেই সম্ভৱ।

২০১৪ চন, ভাৰতীয় ৰাজনীতিৰ কাৰণে আছিল এটা গুৰুত্বপূৰ্ণ বছৰ। পৰিৱৰ্তনৰ ছুনামী অহা এই বছৰটোতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যুৱ প্ৰজন্মক ছ'চিয়েল মিডিয়াৰ জৰিয়তে আকৰ্ষিত কৰিবলৈ ৰাজনৈতিক দলবোৰে চেষ্টা কৰিছিল। সেই দৌৰত শাসনাধিষ্ঠ বিজেপি দলে যথেষ্ট সফলতা লাভ কৰিছিল। যুৱ প্ৰজন্মই সেই বছৰ নিৰ্বাচনৰ ফলাফলত বিশেষ ভূমিকা লৈছিল। কিন্তু ৫ বছৰ নৌহওঁতেই তেওঁলোকৰ মানসিকতা, দৃষ্টিভংগী আৰু শাসনলৈ অহা সকলৰ বেয়া কামৰ সমালোচনা এই মাধ্যমৰ জৰিয়তে আৰম্ভ কৰিছে। অৰ্থাৎ ইয়াক কোনো কৰাণতে একপক্ষীয় কৰি ৰাখিব নোৱাৰি। সকলোৰে ইচ্ছা অনুসৰি নিজৰ মতামত, দৃষ্টিভংগী ব্যক্ত কৰিবলৈ ই এক সুন্দৰ মাধ্যম।

ছ'চিয়েল মিডিয়া আৰু উৰা বাতৰি আন এক গুৰুত্বপূৰ্ণ বিষয়।বিভিন্ন জনে এই মাধ্যমৰ জৰিয়তে এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰে।সেয়ে নৱপ্ৰজন্ম সজাগ আৰু সচেতন হ'ব লাগিব। যিসকলৰ বাবে ছ'চিয়েল মিডিয়া সমালোচনাৰ সন্মুখীন হয়, কেৱল তেওঁলোকই এই মাধ্যমৰ ব্যৱহাৰকাৰী নহয়।তেওঁলোকৰ উপৰিও সঠিকভাৱে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা লোক আছে। এই সকল কেনেদৰে এই মাধ্যমৰ পৰা উপকৃত হৈছে তাকো বিচাৰ বিশ্লেষণ কৰিব লাগিব।

নৱ প্ৰজন্মক গালি পাৰি ফেচবুক, হোৱাটছএপৰ জৰিয়তে মন্তব্য কৰা সকলে এইটো উপলব্ধি কৰিব লাগিব যে সময়ৰ দ্ৰুত পৰিৱৰ্তনৰ সৈতে খাপ খোৱাবলৈ নিজকে সলনি কৰিব পাৰিব লাগিব। সাহিত্য চৰ্চা, সংগীত সাধনা, ৰাজনীতি, সামাজিক সমস্যাৰ ব্যাপক প্ৰচাৰ, যোগাযোগৰ মাধ্যম, কিছু মুহূৰ্তৰ বাবে বিনোদন আদি সকলোৱে দিব পাৰে এই মাধ্যমসমূহে।

অতি শেহতীয়াকৈ সাহিত্য চৰ্চাৰ বাবে এই নব্য মাধ্যমে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। ব্যৱসায়ী সকলৰ বাবে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ প্ৰচাৰ-প্ৰসাৰৰ এখন ক্ষেত্ৰ দিছে। এইবোৰ দিশক কেতিয়াও আওকাণ কৰিব নোৱাৰি। ফেচবুক ব্যৱহাৰ কৰা মানেই কেৱল নেতিবাচক মানসিকতাৰ বিষয়টো চালি জাৰি চালে নহ'ব।

মূল সংবাদমাধ্যমৰ লোকসকলো আজি ছ'চিয়েল মিডিয়াৰ ওপৰত নিৰ্ভৰশীল। বিশেষকৈ ডিজিটেল সংবাদ মাধ্যমসমূহে মানুহৰ মাজত জনপ্ৰিয়তা লাভ কৰা অন্যতম কাৰণ হৈছে- যিকোনো স্থানতে তাৎক্ষণিকভাৱে কোনো এক খবৰ লাভ কৰিব পাৰি। সেই সুবিধা এতিয়া আন মাধ্যমসমূহত নাই। এইটো ঠিক যে, এই মাধ্যমসমূহৰ ব্যৱহাৰ আৰু অধিক সচেতনতাৰে আৰু গভীৰ ভাৱে মূল্যায়ন হ'ব লাগিব। ইয়াৰ সৈতে জড়িত লোকসকলে কোনো খবৰৰ তথ্য নিষ্ঠতা নিৰূপনৰ বাবে অধিক পৰিশ্ৰমৰ প্ৰয়োজন আছে।

ছ'চিয়েল মিডিয়া এতিয়া শক্তিশালী মাধ্যম। তাক অস্বীকাৰ কোনেও কৰিব নোৱাৰে। সেয়েহে এতিয়া সকলোৰে দৃষ্টি এই মাধ্যমৰ ওপৰত পৰিছে। বিশ্বৰ বৃহৎ কোম্পানীৰ পৰা আৰম্ভ কৰি গাঁৱৰ সৰু অনু্ষ্ঠানলৈকে সকলো এতিয়া ফেচবুক-হোৱাটছএপৰ ওপৰত নিৰ্ভৰশীল। এনে দিন আহিছে, বিবাহ, সভা, উৎসৱ-পাৰ্বন আদিলৈ মানুহে ছ'চিয়েল মিডিয়াৰ জৰিয়তে নিমন্ত্ৰণ কৰে। পৰিয়ালৰ লোকসকল বিশ্বৰ বিভিন্ন প্ৰান্তত থাকিলে এই মাধ্যমৰ জৰিয়তে সম্পৰ্ক ৰক্ষা কৰি চলে।

পৰিৱৰ্তনশীল সময়ত ছ'চিয়েল মিডিয়া জীৱনৰ পৰা কেতিয়াও বৰ্জনীয় হ'ব নোৱাৰে। কোনোবাই ব্যক্তিগত কাৰণত এনে মাধ্যমক আওকাণ কৰি চলিলেও, নৱ প্ৰজন্মই এই মাধ্যমক শক্তিশালী আৰু নিৰপেক্ষ মাধ্যমৰূপে গঢ়ি তুলিছে। সেয়েহে ইয়াত বন্দনা যেনেদৰে চলে একেধৰণে সমালোচনাও কৰে। তাত বাধা দিব পৰা কোনো নাই। এই ক্ষেত্ৰত যেতিয়ালৈকে ব্যৱহাৰকাৰী সকলৰ গভীৰ চিন্তা ধাৰা প্ৰতিফলন নঘটে, তেতিয়ালৈকে কিছু সমস্যা নিশ্চয় সৃষ্টি  হ'ব।

এদিন ৰুচিবোধ সলনি হ'ব। সেইদিনা তৰল কথাবোৰ তল পৰিব। আৰু উজ্বলি উঠিব এই সাৰ্বজনীন মাধ্যম। সেইদিন আহি আছে। সেয়েহে আমি আমাৰ মানসিকতা সলনি কৰি ৰুচিবোধ ৰক্ষাৰে এই মাধ্যমক আকোৱালি ল'লে এই ছ'চিয়েল মিডিয়া সমূহে আমাক ভাবিব নোৱাৰা ধৰণে সহায় কৰিব। লাহে লাহে এতিয়া তেনে পৰিৱেশেই আহিছে। নৱ প্ৰজন্মৰ এই ক্ষেত্ৰত আছে গুৰুত্বপূৰ্ণ দায়িত্ব। যি দায়িত্ব ইতিমধ়্যে তেওঁলোকে গ্ৰহণ কৰিছে।

ফেচবুক, হোৱাটছএপৰ দৰে আন মাধ্যমো ওলাব। সেইবোৰত হয়তো ইয়াতকৈ অধিক সুবিধা থাকিব। কিন্তু এক সামাজিক মাধ্যমৰূপে ইয়াৰ ব্যৱহাৰ আমি কেনেদৰে কৰিম সেইটো নিৰ্ভৰ কৰিব আমাৰ নিজৰ ওপৰত।