সচাঁকৈয়ে বাংলাদেশ, আমেৰিকাৰ পৰা নিয়ন্ত্ৰণ হয় নেকি গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈৰ ছচিয়েল মিডিয়া...

সচাঁকৈয়ে বাংলাদেশ, আমেৰিকাৰ পৰা নিয়ন্ত্ৰণ হয় নেকি গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈৰ ছচিয়েল মিডিয়া...

author-image
Asomiya Pratidin
New Update
সচাঁকৈয়ে বাংলাদেশ, আমেৰিকাৰ পৰা নিয়ন্ত্ৰণ হয় নেকি গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈৰ ছচিয়েল মিডিয়া...

ডিজিটেল ডেস্কঃ কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈৰ ছচিয়েল মিডিয়া নিয়ন্ত্ৰিত হয় আমেৰিকাৰ পৰা, গৌৰৱ গগৈৰ ফেন ক্লাৱ নিয়ন্ত্ৰিত হয় বাংলাদেশীৰ দ্বাৰা আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ ছচিয়েল মিডিয়াও নিয়ন্ত্ৰিত হয় নৰৱেৰ পৰা- ফেচবুকত স্কীনশ্বৰ্টসহ প্ৰমাণ সহকাৰে এই অভিযোগ উত্থাপন কৰিলে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

Advertisment

মন্ত্ৰীগৰাকীয়ে এই অভিযোগ উত্থাপন কৰি ছচিয়েল মিডিয়াত এই তিনিগৰাকী কংগ্ৰেছ নেতাৰ ফেচবুক পেইজ কৰ পৰা হেণ্ডেল কৰি আছে তাৰ স্কীনশ্বৰ্ট শ্বেয়াৰ কৰে নিজা সামাজিক মাধ্যমৰ পেইজত। মন্ত্ৰীগৰাকীয়ে কয় যে, - এতিয়া সকলো পৰিষ্কাৰকৈ ওলাই পৰিছে যে কিদৰে কংগ্ৰেছে বিদেশী হস্তক্ষেপেৰে ভাৰতীয় নিৰ্বাচনৰ ওপৰত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে। কংগ্ৰেছৰ নেতাসকলৰ ওপৰত বিদেশী গোষ্ঠীৰ প্ৰভাৱ থকাটো কোনো আচৰিত কথা নহয়, য'ত অনুৰাগীসকলৰ ভিতৰত বাংলাদেশী সকল অন্যতম।

তেওঁ আৰু কয়, আনহাতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সামাজিক মাধ্যমৰ পেজসমূহ আমেৰিকা আৰু নৰৱেৰ সংস্থাসমূহৰ দ্বাৰা পৰিচালিত হয়। আজি যিসকলে ভাৰতীয় সংবিধান ৰক্ষা কৰাৰ শপত লৈছে, তেওঁলোকেই নিজৰ ডিজিটেল মাধ্যম বিদেশী এজেন্টৰ হাতত দিয়া কথা খুবেই উদ্বেগজনক। এইটো অসম আৰু দেশৰ বাবে এক ডাঙৰ ভাবুকি!

উল্লেখ কৰা প্ৰয়োজন যে, আমাৰ দেশৰ ৰাজনৈতিক নেতাসমূহৰ সামাজিক মাধ্যমবোৰ বেলেগ ৰাষ্ট্ৰৰ লোকে পৰিচালনা কৰাটো কোনো নতুন কথা নহয়। ইয়াৰ পূৰ্বেও আম আদমী পাৰ্টিৰ অধিক সংখ্যক নেতা তথা তেওঁলোকৰ দলৰ সামাজিক মাধ্যমৰ একাউন্ট কাটাৰ আৰু আমেৰিকাৰ পৰা পৰিচালনা কৰিছিল। ইয়াৰ ভিতৰত অৰবিন্দ কেজৰিৱালৰ একাউন্টো অন্তভূৰ্ক্ত আছিল।

ইফালে গৌৰৱ গগৈৰ ফেন ক্লাৱ বাংলাদেশীয়ে নিয়ন্ত্ৰণ কৰে বুলি জয়ন্ত মল্ল বৰুৱাই অভিযোগ উত্থাপন কৰিছে যদিও ইয়াক লৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই কংগ্ৰেছ সাংসদগৰাকীয়ে। আনফালে এই বিষয়টোক লৈ সামাজিক মাধ্যমতে নাম নোলোৱাকৈ প্ৰত্যুত্তৰ দিলে সাংসদ প্ৰদ্যুত বৰদলৈয়ে।

নগাঁৱৰ কংগ্ৰেছ সাংসদগৰাকীয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক প্ৰত্যুত্তৰ দি লিখে- অল্পবুদ্ধিগ্ৰস্থতাৰে সততে উৰ্দ্ধবাহু হোৱাৰ প্ৰৱনতা থকা এচাম বিজেপি নেতাই হঠাতে দোষাৰোপ কৰিবলৈ আৰম্ভ কৰিছে বোলে মোৰ এই ফেচবুক পেজ খন আমেৰিকাৰ কোনো সন্দেহযুক্ত লোকৰ দ্বাৰা পৰিচালিত হয়। তেখেতসকলৰ জ্ঞাতাৰ্থে জনাওঁ যে আমাৰ সৰু পুত্ৰ শ্ৰীমান ৰনীজ বৰদলৈ, একেবাৰে এজন পাক্কা ভাৰতীয় নাগৰিক হৈয়ো, আমেৰিকাত কলেজীয়া পঢ়াশুনা সামৰি সদ্যহতে ডিজিটেল প্ৰযুক্তি বিশেষকৈ AI আৰু IOT বিষয়ৰ ওপৰত কাম কৰি আছে। মোৰ ফেচবুক পেজকে ধৰি সামাজিক মাধ্যমত মোৰ লগত কাম কৰা আন কেইবাজনো ভাৰতীয় নৱ প্ৰজন্মৰ যুৱক যুৱতীৰ মাজত শ্ৰীমান ৰনীজেও অন্যতম এজন "এডমিন" সমল ব্যক্তি হিচাবে নিজে আমেৰিকাত থাকিও মাজে মাজে মই নজনা নতুন কথা বিলাক শিকাই দি সহায় কৰে।

উল্লেখ কৰা প্ৰয়োজন যে, এই বিষয়টোক লৈ শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়টো চৰ্চা হৈছে। বিশেষকৈ মল্লিকাৰ্জুন খৰ্গেৰ একাউন্ট নৰৱেৰ পৰা কোনে নিয়ন্ত্ৰিত কৰে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কৰ্ণাটক বিজেপিয়ে। সামাজিক মাধ্যমত এই সন্দৰ্ভত এক পোষ্টো কৰিছে কৰ্ণাটক বিজেপিয়ে।

গৌৰৱ গগৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা প্ৰদ্যুৎ বৰদলৈ