বেবেজীয়াৰ সমাজকৰ্মী ফণীধৰ বৰাৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু...

উল্লেখযোগ্য যে, ৮৩ বছৰীয়া ফণীধৰ বৰা বৃহস্পতিবাৰে নিশা হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ পৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেখেতক তেজপুৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰাই যদিও আজি কাহিলি পুৱাতে মৃত্যু হয় লোকজনৰ৷ 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ টোকোলাই বেবেজীয়া নিৱাসী ফণীধৰ বৰাৰ শুকুৰবাৰে পুৱা তেজপুৰ চৰকাৰী চিকিৎসালয়ত মৃত্যু হয়৷  

উল্লেখযোগ্য যে, ৮৩ বছৰীয়া ফণীধৰ বৰা বৃহস্পতিবাৰে নিশা হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ পৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেখেতক তেজপুৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰাই যদিও আজি কাহিলি পুৱাতে মৃত্যু হয় লোকজনৰ৷ 

গাঁৱৰ বিভিন্ন সামাজিক, ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত বৰাৰ বিয়োগত অঞ্চলৰ বিভিন্নজনে শোক প্ৰকাশ কৰিছে৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ- বোৱাৰী,  জীয়ৰী-জোৱাইসহ বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায়৷ 

সমাজকৰ্মী