কঠীয়াতলীৰ সমাজকৰ্মী আনন্দ কুমাৰ চৌধুৰী আৰু নাই

কঠীয়াতলীৰ বিশিষ্ট সমাজকৰ্মী, ভাৰতীয় জনতা পাৰ্টীৰ জিলা কাৰ্যবাহী সদস্য, সূৰ্য ষষ্ঠী সমাজ কল্যাণ কমিটীৰ কঠীয়াতলী শাখাৰ সভাপতি আনন্দ কুমাৰ চৌধুৰীৰ বুধবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়

author-image
Asomiya Pratidin
New Update
আনন্দ কুমাৰ চৌধুৰী আৰু নাই

ডিজিটেল সংবাদ, কামপুৰ : কঠীয়াতলীৰ বিশিষ্ট সমাজকৰ্মী, ভাৰতীয় জনতা পাৰ্টীৰ জিলা কাৰ্যবাহী সদস্য, সূৰ্য ষষ্ঠী সমাজ কল্যাণ কমিটীৰ কঠীয়াতলী শাখাৰ সভাপতি আনন্দ কুমাৰ চৌধুৰীৰ বুধবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ ।

Advertisment

চৌধুৰীৰ মৃত্যুৰ খবৰ পাই পুৱাই বিভিন্ন দল -সংগঠনৰ লোকে শ্ৰদ্ধা নিবেদন কৰে। পুৱাতে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰা, বামুণী মণ্ডল বিজেপিৰ সভাপতি অভিষেক সোমৰ লগতে বিজেপিৰ কৰ্মকৰ্তাসকলে শেষ শ্ৰদ্ধা নিবেদন কৰে।

তেওঁৰ মৃত্যুত কঠীয়াতলী ব্যৱসায়ী সন্থা, কঠীয়াতলী প্ৰেছ ক্লাব, কঠীয়াতলী আঞ্চলিক শিৱ মন্দিৰ কমিটী, কঠীয়াতলী নৱশিখা সংঘ, বিশ্ব হিন্দু পৰিষদৰ কঠীয়াতলী, কঠীয়াতলী আঞ্চলিক শাখা সাহিত্য সভাৰ লগতে বহু দল- সংগঠনে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ, দুগৰাকী কন্যা, নাতি  নাতিনীৰ লগতে বহু আত্মীয়ক এৰি থৈ যায়।

Kathiyatoli