SSB,আৰক্ষীক মেনেজ কৰি ভূটানৰ পৰা অবৈধ তেল সৰবৰাহঃ ৫ জনক গ্ৰেপ্তাৰ, ৫ খন বাহন জব্দ

বৃহস্পতিবাৰে পুৱতি নিশা চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত পশ্চিম বিলাসপুৰত আৰক্ষীৰ অভিযানত পাঁচ চোৰাং তেল সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
SSB,আৰক্ষীক মেনেজ কৰি ভূটানৰ পৰা অবৈধ তেল সৰবৰাহঃ ৫ জনক গ্ৰেপ্তাৰ, ৫ খন বাহন জব্দ

ডিজিটেল সংবাদ,  চিৰাং: বৃহস্পতিবাৰে পুৱতি নিশা চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত পশ্চিম বিলাসপুৰত আৰক্ষীৰ অভিযানত পাঁচ চোৰাং তেল সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তাৰোপৰি তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং ডিজেল জব্দ কৰাৰ লগতে চাৰিখন বাহন জব্দ কৰে। 

Advertisment

কাজলগাঁও থানাৰ আৰক্ষীয়ে চলোৱা অভিযানত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা অবৈধভাবে বিভিন্ন আকাৰৰ প্লাষ্টিকৰ ড্ৰামত ভৰ্তি কৰি কৌশলপূৰ্ণ ভাবে মাৰুতি অল্ট' আৰু মহিন্দ্ৰা বোলেৰ' বাহনেৰে প্ৰায় ১২০০ লিটাৰ ডিজেল কঢ়িয়াই আনি থকা অৱস্থাত চাৰিখন বাহন জব্দ কৰে। অভিযানকাৰী আৰক্ষীয়ে বাহন কেইখনৰ পৰা মুঠ পাঁচ জন চোৰাং সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। 

গ্ৰেপ্তাৰ হোৱা চোৰাং তেল সৰবৰাহকাৰী কেইজন ক্ৰমে বিলাসপুৰ গাঁৱৰ ইনামুল হক (২৬), জাকিৰ আলী (৩৫), আফছাৰ আলী(২৬), কানিভুৰগাঁৱৰ লাল চান্দ আলী(২৮) আৰু দূৰ্গাপুৰৰ মফিদুল আলী(২১)। ইপিনে জব্দ কৰা চাৰিখন অল্ট' বাহনৰ পঞ্জীয়ন নম্বৰ ক্ৰমে এ এছ ০১ ৱাই ৪৮৩৯,  এ এছ ১৯ বি ৭৮৩৮, এ এছ ১৫ কে ৯২৭২ আৰু বোলেৰ' পিক আপ ভেনখনৰ পঞ্জীয়ন নম্বৰ এ এছ ১৯ এ চি-১৫৪৩।

উল্লেখ্য যে ভাৰতৰ তুলনাত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত প্ৰেট্ৰল, ডিজেলৰ মূল্য যথেষ্ট কম। সেই সুযোগ গ্ৰহণ কৰি ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্ত দাদগিৰি অঞ্চলত এক চোৰাং তেলৰ ব্যবসায়ী চক্ৰই ভূটানৰ কম মূল্যৰ পেট্ৰল, ডিজেল সংগ্ৰহ কৰি নিৰাপত্তাৰ দায়িত্বত থকা এছ এছ বি আৰু আৰক্ষীৰ সৈতে গোপন বুজাবুজি কৰি চোৰাং ভাবে সৰবৰাহ কৰি আহিছে। 

ভূটানৰ পৰা কম মূল্যত ক্ৰয় কৰা সেই ডিজেল, প্ৰেট্ৰল চিৰাং,বঙাইগাঁও আৰু কোকৰাঝাৰ জিলাৰ গ্ৰামাঞ্চলত সৰবৰাহ কৰি ৰমৰমীয়া ব্যবসায় কৰি আছে বুলি বিভিন্ন দল সংগঠনৰ পৰা অভিযোগ উত্থাপন কৰি আহিছিল। 

আজি ধৃত তেল সৰবৰাহকাৰী কেইটাক সীমান্তত এছ এছ বি, আৰক্ষীৰ পহৰাৰ মাজতে কিদৰে চোৰাং তেল সৰবৰাহ কৰি আহিছিল সেই প্ৰশ্ন কৰা হৈছিল। সাংবাদিকৰ এই প্ৰশ্নত এজন চোৰাং তেল সৰবৰাহকাৰীয়ে কয়, ভূটানৰ পৰা তেল কঢ়িয়াই অনাৰ সময়ত দাদগিৰিৰ এলেকাৰ চোৰাং তেলৰ ব্যৱসায়ীসকলৰ সৈতে এছ এছ বি আৰু আৰক্ষীৰ গোপন বুজাবুজি কৰা আছে। সেয়ে ভূটানৰ পৰা আমি তেল কঢ়িয়াই অনাৰ সময়ত কোনো সমস্যা নহয়।

এই স্বীকাৰোক্তিৰ পিছত ভূটানৰ পৰা প্ৰেট্ৰল, ডিজেলৰ চোৰাং ব্যৱসায় চক্ৰৰ সৈতে যে ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্তৰ সুৰক্ষাৰ দায়িত্বত থকা এছ এছবি আৰু দাদগিৰিৰ আৰক্ষী জড়িত হৈ আছে সেই তথ্য ফাদিল হৈছে। এতিয়া লক্ষ্যণীয় হ’ব উৰ্ধতম কৰ্তৃপক্ষই এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে। 

কাজলগাওঁ চিৰাং