Advertisment

চিদলীৰ কাশিকোত্ৰাত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ আটক সৰবৰাহকাৰী...

শনিবাৰে চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত কাশিকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বুজন পৰিমানৰ নিষিদ্ধ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, চিৰাংঃ  শনিবাৰে চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত কাশিকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বুজন পৰিমানৰ নিষিদ্ধ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক ।

Advertisment

ধৃত ড্ৰাগছ সৰবৰাহকাৰী জন বঙাইগাঁও জিলাৰ গৰাইমাৰীৰ ২৫ বছৰীয়া মনিৰুল ইছলাম । ধৃত মনিৰুল ইছলামৰ পৰা আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি ২৭ টা প্লাষ্টিকৰ কন্টেইনাৰ উদ্ধাৰ কৰে । উদ্ধাৰ হোৱা ড্ৰাগছ খিনিৰ পৰিমাণ ৩০ গ্ৰাম ।

উল্লেখযোগ্য যে শনিবাৰে চিদলী-কাশিকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষা চলি থকাৰ সময়তে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে লৈ অহা অটোৰিক্সাত এজন অচিনাকী যুৱকে এটা কাপোৰৰ টোপোলা ৰাখি তাৰ পৰা পলায়ন কৰে। অটোৰিক্সাত বহি থকা অভিভাৱকসকলে টোপোলাটো খুলি চোৱাত ভিতৰত প্লাষ্টিকৰ কন্টেইনাৰত সন্দেহজনক ড্ৰাগছ দেখিবলৈ পোৱাত তেওঁলোকৰ মাজত হুৱাদুৱা লাগে । 

তাৰে মাজত এজনে টোপোলাটো জংঘলত পেলাই দিয়ে । তাৰ ক্ষন্তেক পিছতেই যুৱক জনক অন্য এখন অটোৰিক্সাত উঠি পলায়ন কৰা দেখি উপস্থিত অভিভাৱক সকলে স্থানীয় ৰাইজৰ সহযোগত খেদি গৈ যুৱক জনক আটক কৰি চিদলী আৰক্ষী থানাক অৱগত কৰে ।

খবৰ লাভ কৰি ড্ৰাগছ সৰবৰাহকাৰী যুৱক জনক কৰায়ত্ব কৰি থানালৈ নিয়ে আৰক্ষীয়ে ।  ইপিনে কাশীকোত্ৰাত এইদৰে দিনৰ পোহৰত নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ হোৱাৰ পিছত স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

নিচাযুক্ত দ্ৰব্য