গোলকগঞ্জত জব্দ বৃহৎ‌ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী, আটক সৰবৰাহকাৰী

ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে ধুবুৰী আৰক্ষীৰ অভিযান। মঙলবাৰে আৰক্ষীয়ে অভিযান চলাই বৃহৎ‌ পৰিমাণৰ ড্ৰাগছসহ আটক কৰিলে এজন কুখ্যাত ড্ৰাগছ সৰৱৰাহকাৰীক।

author-image
Asomiya Pratidin
New Update
new ap web 1 (9)

ডিজিটেল সংবাদ, ধুবুৰীঃ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে ধুবুৰী আৰক্ষীৰ অভিযান। মঙলবাৰে আৰক্ষীয়ে অভিযান চলাই বৃহৎ‌ পৰিমাণৰ  ড্ৰাগছসহ আটক কৰিলে এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক। 

পুৱতি নিশা এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে অসম বংগ সীমান্তৰ চৰ খলিচামাৰীৰ আচৰ উদ্দিন মণ্ডল নামৰ কুখ্যাত ড্ৰাগছ মাফিয়া জনৰ ঘৰত চলাইছিল এই অভিযান।

আৰক্ষীয়ে এই অভিযানত ৫ টাকৈ চাবোনৰ বাকচত অবৈধ ব্ৰাউন চুগাৰসহ ৩৮ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, ৮০ টাকৈ নিচাযুক্ত য়াবা টেবলেট, নগদ ধন ৩ লাখ ২ হাজাৰ ৪০০ টকা, এখন WB64-AD-5716 নম্বৰৰ চাৰি চকীয়া বিলাসী বাহন, WB64-J-7194 নম্বৰৰ গ্লেমাৰ বাইক, ৩ টাকৈ মোবাইল ফোন জব্দ কৰে।  ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

গোলকগঞ্জ