Advertisment

আগন্তুক বিত্তীয় বৰ্ষত ২০বিলিয়ন আইফোন ৰপ্তানিৰ লক্ষ্য ভাৰতৰ...

আইফোনৰ ৰপ্তানিৰ জৰিয়তে ইতিমধ্যে ভাৰতে অভিলেখ ৰচিছে।  ভাৰতে চলিত বৰ্ষৰ নৱেম্বৰ মাহত স্মাৰ্টফোনৰ ৰপ্তানিৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিছিল ৷  বিগত এমাহৰ ভিতৰত প্ৰথমবাৰৰ বাবে ২০ হাজাৰ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে স্মাৰ্টফোনৰ ৰপ্তানিয়ে ।

author-image
Asomiya Pratidin
New Update
আইফোন

আইফোন Photograph: (আইফোন)

ডিজিটেল ডেস্কঃ আইফোনৰ ৰপ্তানিৰ জৰিয়তে ইতিমধ্যে ভাৰতে অভিলেখ ৰচিছে।  ভাৰতে চলিত বৰ্ষৰ নৱেম্বৰ মাহত স্মাৰ্টফোনৰ ৰপ্তানিৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিছিল ৷  বিগত এমাহৰ ভিতৰত প্ৰথমবাৰৰ বাবে ২০ হাজাৰ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে স্মাৰ্টফোনৰ ৰপ্তানিয়ে । উদ্যোগৰ তথ্য অনুসৰি স্মাৰ্টফোনৰ ৰপ্তানিয়ে ২০,৩০০কোটি টকা অতিক্ৰম কৰিলে, যিটো যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ৯০ শতাংশতকৈ অধিক বৃদ্ধি ।

Advertisment

এই অভিলেখৰ পিছতে ভাৰতে ২৫বিত্তীয় বৰ্ষৰ বাবে অন্য এক সিদ্ধান্ত গ্ৰহণ কৰিছে। আইফোনৰ ৰপ্তানি বৃদ্ধিৰ ফলত চৰকাৰে ২৫ বিত্তীয় বৰ্ষৰ ভিতৰত স্মাৰ্টফোনৰ ৰপ্তানিৰ পৰিমাণ ২০ বিলিয়ন ডলাৰ অতিক্ৰম কৰাৰ লক্ষ্য লৈছে।

২৪ বিত্তীয় বৰ্ষত ইতিমধ্যে স্মাৰ্টফোনৰ ৰপ্তানিয়ে ১২ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। স্মাৰ্টফোন পিএলআই আঁচনিৰ অধীনত এই বৃদ্ধিত এপল আৰু চেমচাঙৰ দৰে অন্যান্য কোম্পানীয়ে যথেষ্ট অৰিহণা যোগাইছে। যোৱা বৰ্ষত ১৫বিলিয়ন স্মাৰ্টফোন ৰপ্তানি হৈছিল ভাৰতৰ পৰা। ইয়াৰ ভিতৰত গৰিষ্ঠ সংখ্যক স্মাৰ্টফোন  আছিল চেমচাং আৰু এপলৰ। 

 

আইফোন