ভাৰতৰ স্মাৰ্টফোনৰ ৰপ্তানি ১৪০ শতাংশলৈ বৃদ্ধি...

মাহেকীয়া ৰপ্তানি চলিত বৰ্ষৰ জানুৱাৰী মাহত ২৫০ বিলিয়ন টকা হৈছিল। ২০২৪ চনৰ জানুৱাৰী মাহৰ তুলনাত ১৪০ শতাংশ বৃদ্ধি। স্মাৰ্ট ফোন ৰপ্তানীৰ ক্ষেত্ৰত হাত উজান দিছে এপলে। চলিত বৰ্ষৰ জানুৱাৰী মাহত এপলে ১৯ হাজাৰ কোটি টকাৰ আইফোন ৰপ্তানি কৰিছিল।

author-image
Asomiya Pratidin
New Update
fsfsdf

ডিজিটেল ডেস্কঃ  ভাৰতৰ স্মাৰ্ট ফোন ব্যৱসায়ে অভিলেখ সৃষ্টি কৰিছে। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ১০ মাহত প্ৰায় ৫০% বৃদ্ধি পাইছে স্মাৰ্ট ফোনৰ ৰপ্তানী। এপ্ৰিল-জানুৱাৰী মাহৰ ভিতৰত ভাৰতৰ স্মাৰ্টফোনৰ ৰপ্তানি ১.৫ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে, যিটো যোৱা বছৰৰ একে সময়ৰ তুলনাত ১ লাখ কোটি টকা আছিল।

Advertisment

এই পৰ্যন্ত সৰ্বাধিক মাহেকীয়া ৰপ্তানি চলিত বৰ্ষৰ জানুৱাৰী মাহত ২৫০ বিলিয়ন টকা হৈছিল। ২০২৪ চনৰ জানুৱাৰী মাহৰ তুলনাত ১৪০ শতাংশ বৃদ্ধি। স্মাৰ্ট ফোন ৰপ্তানীৰ ক্ষেত্ৰত হাত উজান দিছে এপলে। চলিত বৰ্ষৰ জানুৱাৰী মাহত এপলে ১৯ হাজাৰ কোটি টকাৰ আইফোন ৰপ্তানি কৰিছিল।

এপলৰ বাবে আইফোন নিৰ্মাণ কৰা ফক্সকনৰ লগতে টাটা ইলেক্ট্ৰনিকছ আৰু পেগাট্ৰনে প্ৰডাকচন লিংকড ইনচেন্টিভ (পিএলআই) আঁচনিৰ অধীনত ২০২১ চনৰ পৰা ভাৰতত আইফোন উৎপাদন কৰি আহিছে। ইয়াৰ পূৰ্বে ২০২৪ চনৰ ডিচেম্বৰ মাহত এপলে সৰ্বাধিক ১৪ হাজাৰ কোটি টকাৰ আইফোন ৰপ্তানি কৰিছিল। পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ফক্সকনৰ ৰপ্তানি ৪৩ শতাংশ বৃদ্ধি পাইছে।

ৰপ্তানীৰ ক্ষেত্ৰত তামিলনাডুৰ পেগাট্ৰনে ১২ শতাংশ অৰিহণা যোগাইছে। শেহতীয়াকৈ টাটা ইলেক্ট্ৰনিকছে কোম্পানীটোৰ অংশীদাৰিত্ব ক্ৰয় কৰিছে। মুঠ স্মাৰ্টফোন ৰপ্তানীৰ প্ৰায় ২০ শতাংশ ছেমছাঙে অৰিহণা যোগাইছিল, বাকীখিনি ঘৰুৱা প্ৰতিষ্ঠান আৰু ব্যৱসায়িক সামগ্ৰী ৰপ্তানীৰ পৰা আহিছিল।

 

স্মাৰ্টফোন