/asomiyapratidin/media/media_files/2024/12/16/VVSETd3ao4YyYrcjs50a.jpg)
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ নৱেম্বৰ মাহত ভাৰতৰ স্মাৰ্টফোনৰ ৰপ্তানিয়ে স্পৰ্শ কৰিছে ২০,৩৯৫ কোটি টকা । যিটো যোৱা বছৰৰ একে মাহৰ তুলনাত ৯২ শতাংশ বেছি । যোৱা বৰ্ষত নৱেম্বৰ মাহত এই সংখ্যা আছিল ১০,৬৩৪ কোটি টকা ।
পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ভাৰতৰ পৰা স্মাৰ্টফোন ৰপ্তানিয়ে প্ৰথমবাৰৰ বাবে এমাহতে ২০ হাজাৰ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে বুলি কোম্পানীসমূহে দাখিল কৰা তথ্য আৰু উদ্যোগ সংস্থাসমূহৰ তথ্যৰ পৰা জানিব পৰা গৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us