গ্ৰামাঞ্চলত স্মাৰ্ট মিটাৰ সংযোগৰ ক্ষেত্ৰত দেশৰ ভিতৰতে সৰ্বস্থান অসমৰ

সমগ্ৰ দেশজুৰি গ্ৰামাঞ্চলত চলিত বৰ্ষৰ নৱেম্বৰ মাহ পৰ্যন্ত স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে সৰ্বমুঠ ২৪ লাখ ২৫ হেজাৰ ৬৭৩টা। ইয়াৰে কেৱল অসমতে সংযোগ কৰা হৈছে ১৮ লাখ ২৭ হাজাৰ ১৫৪ টা।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, গোলাঘাট: স্মাৰ্ট মিটাৰক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে ৰাজ্য সভাত উন্মোচিত হৈছে ভয়াৱহ তথ্য। সমগ্ৰ দেশজুৰি গ্ৰামাঞ্চলত চলিত বৰ্ষৰ নৱেম্বৰ মাহ পৰ্যন্ত স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে সৰ্বমুঠ ২৪ লাখ ২৫ হেজাৰ ৬৭৩টা। ইয়াৰে কেৱল অসমতে সংযোগ কৰা হৈছে ১৮ লাখ ২৭ হাজাৰ ১৫৪ টা। অৰ্থাৎ অসমৰ বাহিৰৰ ৰাজ্য সমূহত এই পৰ্যন্ত স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে মাত্ৰ ৫ লাখ ৯৮ হেজাৰ ৫১৯টা।

Advertisment

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ৰাজ্য সভাত উথাপন হোৱা তথ্য সদৰী কৰি অসম চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে। বিদ্যুৎ শইকীয়াৰ অভিযোগ যিসময়ত প্ৰধানমন্ত্ৰীগৰাকীৰ গৃহৰাজ্য গুজৰাটত দুই লাখ পঞ্চাশ হাজাৰ স্মাৰ্ট মিটাৰ স্থাপন কৰা হৈছে তেনে সময়ত অসমত স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ বাবে চৰকাৰ খন ইমান তৎপৰ হৈ পৰিছে কিয়।

সম্পাদকগৰাকীয়ে উল্লেখ কৰা অনুসৰি ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ গ্ৰামাঞ্চলৰ স্মাৰ্ট মিটাৰ লগোৱাৰ তুলনাত অসমৰ গ্ৰামাঞ্চলত তিনিগুণতকৈও বেছি স্মাৰ্ট মিটাৰ লগোৱা হৈছে ৷ ইয়াৰ পিছতো অসমত স্মাৰ্ট মিটাৰ লগোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে কোনোধৰণৰ ব্যৱস্থা হাতত লোৱা নাই ৷ স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত পূৰ্বৰ তুলনাত অধিক হাৰত বিদ্যুতৰ বিল বৃদ্ধি হোৱাত সাধাৰণ লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৷

গুজৰাট, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যই স্মাৰ্ট মিটাৰক লৈ উত্থাপন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি স্মাৰ্ট মিটাৰ স্থাপনত বিশেষ গুৰুত্ব প্ৰদান কৰা নাই, তেনে সময়ত অসমত ইমান খৰটকীয়াকৈ স্মাৰ্ট মিটাৰ স্থাপন কৰিছে কিয় বুলি প্ৰশ্ন উত্থাপন কৰে সংগঠনৰ নেতাগৰাকীয়ে ।

স্মাৰ্ট মিটাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি