/asomiyapratidin/media/media_files/2025/02/08/HaSKqWuJ4M9gECMKizm9.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা নগৰৰ পদপথত ক্ষুদ্ৰ ফলমূলৰ দোকান দি জীৱন নিৰ্বাহ কৰা বাঁহপৰা গাঁৱৰ নিৰীহ ব্যক্তি নবজ্যোতি গগৈৰ( ৫১) মৃত্যুত আজিও শোকাচন্ন ঢকুৱাখনা ।বালিগাঁওস্থিত অস্থায়ী ঘৰৰ পৰা চাইকেলত কল লৈ নিৰীহ ক্ষুদ্ৰ ব্যৱসায়ী গৰাকী ঢকুৱাখনা নগৰৰ নিজা ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ চাইকেলেৰে গৈ থকা অৱস্থাতে ডাম্পাৰে খুন্দা মৰাৰ ফলত নিহত হৈছিল লোকজন ।
উল্লেখযোগ্য যে পাঞ্জাৱ নেচনেল বেংকৰ সমীপত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত এ আৰ ২২-৪৩৬১ নম্বৰৰ এখন ডাম্পাৰে খুন্দিয়াই দেহৰ ওপৰেৰে পাৰ হৈ যায় । ফলত মৃত্যু হয় নিৰীহ ব্যৱসায়ী নবজ্যোতি গগৈৰ । সংগৃহীত তথ্য মতে ব্যৱসায়ী গৰাকীৰ আগত থকা এখন ৰঙা বৰণৰ লঘু বাহনৰ বাবে আকস্মিকভাবে ৰাজপথৰ ওপৰত দুৰ্ঘটনাত পতিত হয় নৱজ্যোতি গগৈ ।এনেতে পাছত আহি থকা ডাম্পাৰখনৰ পাছৰ চকা অসাৱধানবশত দুৰ্ঘটনাত পতিত ব্যক্তিজনৰ ওপৰত উঠি যায় আৰু ব্যক্তিজনৰ মৃত্যু ঘটে।
বৃহস্পতিবাৰে মৃতদেহ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পাছত শুকুৰবাৰে বিয়লি মৃতদেহ স্বগৃহলৈ অনা হয় । এক শোকাকুল পৰিবেশৰ মাজত মৃতকৰ প্ৰতি শ্ৰদ্ধা জনায় শুক্ৰবাৰে বিয়লি ঢকুৱাখনা নগৰৰ সমূহ ফল-মূল ব্যৱসায়ীযে সকলো দোকান দিনটোৰ বাবে বন্ধ ৰাখি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে ।
ঢকুৱাখনা নগৰৰ প্ৰয়াত ব্যৱসায়ী গৰাকীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে অনুষ্ঠিত কৰে শোক সভা । সভাত মৃতকৰ প্ৰতিচ্ছবিত পুষ্প মাল্য অৰ্পণ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায় বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰে । এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বহু সংখ্যক সাধাৰণ নাগৰিকেও অংশগ্ৰহণ কৰে। ক্ষুদ্ৰ পদপথৰ ব্যৱসায়ী সকলে মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আদায় দিয়াৰ দাবী জনোৱাৰ লগতে ঢকুৱাখনা নগৰত ব্যস্ত সময়ত অৰ্থাৎ বিদ্যালয়লৈ অহা যোৱাৰ লগতে বিয়লি সময়ত এনেবোৰ উদণ্ড ডাম্পাৰ বা গধুৰ মালবাহী বাহনৰ চলাচলত বাধা দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ঢকুৱাখনা সমজিলা প্ৰশাসনক । লগতে ঢকুৱাখনা আৰক্ষীৰো এই ক্ষেত্ৰত অধিক সক্ৰিয়তা কামনা কৰে নাগৰিক আৰু ব্যৱসায়ী সকলে ।