ডিজিটেল ডেস্ক : চলিত ব’ৰ্ডাৰ- গাভাস্কাৰ টেষ্ট ট্ৰফীত সম্পৰ্ণৰূপে ব্যৰ্থ হোৱাৰ পাছত ৰোহিত শৰ্মাক লৈ চৌদিশে ক্ৰিয়া- প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেওঁৰ অধিনায়ক পদক লৈও সৃষ্টি হৈছে চৰ্চাৰ। অষ্ট্ৰেলিয়াৰ মাটিত উন্নত প্ৰদৰ্শন দাঙি ধৰিব পৰা নাই ৰোহিত, বিৰাট কোহলি, কে এল ৰাহুলৰ দৰে ৰথী- মহাৰথীয়ে। যাৰ বাবে সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছে এওলোক।
উল্লেখযোগ্য যে ভাৰতীয় জাতীয় দলৰ অধিনায়কগৰাকীৰ শোচনীয় প্ৰদৰ্শনৰ বাবেই শৃংখলাৰ অন্তিম টেষ্টত বিশ্ৰাম দিয়া হৈছে। যাৰ বাবে দলৰ নেতৃত্বৰ দায়িত্ব যশপ্ৰীত বুমৰাহৰ হাতত অৰ্পণ কৰা হৈছে। ইয়াৰ উপৰি ৰোহিতৰ স্থানত শুভমন গীলক মূল একাদশত স্থান দিয়া হৈছে।
অৱশ্যে এই বিশ্ৰামৰ যুক্তিযুক্ততা ক’ত বুলি একাংশ ক্ৰিকেট বিশেষজ্ঞই নিজৰ মত প্ৰকাশ কৰিছে। ৰোহিত শৰ্মাক বিশ্ৰামক দিয়া কাৰ্যকলৈ প্ৰশিক্ষক গৌতম গম্ভীৰকো জগৰীয়া কৰিছে একাংশ লোকে। শৃংখলাৰ ৩খন টেষ্ট খেলা ৰোহিত শৰ্মাক কিহৰ ভিত্তিত নিৰ্বাচক মণ্ডলী তথা বিচিচিআয়ে জিৰণি দিছে তাক লৈও চৰ্চা অৱ্যাহত আছে।
উল্লেখযোগ্য যে টেষ্ট শৃংখলা চলি থকাৰ মাজত অথবা মূল একাদশত খেলি থকা এগৰাকী অধিনায়কক ৰিজাৰ্ভ বেঞ্চত বহুৱাই থোৱা ঘটনা অতি বিৰল। বিশ্ব টেষ্ট ক্ৰিকেটৰ ইতিহাসত এনে ঘটনা এবাৰেই হৈছিল। ইতিহাস সৃষ্টি কৰা এই ঘটনাকলৈ এতিয়া অনুৰাগী তথা সমৰ্থকৰ লগতে একাংশ অভিজ্ঞ ক্ৰিকেটাৰ নাৰাজ।
এনে সময়তে অৰ্থাৎ অন্তিমখন টেষ্টৰ আগেয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অধিনায়ক ৰোহিত শৰ্মাই। তেওঁ কয় যে ২০০৭চনৰ পৰাই দেশক প্ৰতিনিধিত্ব কৰিছো। কেতিয়াও হাৰিম বুলি ক্ৰিকেট খেলা নাই। খেলত হৰা- জিকা স্বাভাৱিক। পৰাজয়ৰ মানসিকতাৰে কোনো খেলুৱৈয়ে ক্ৰিকেট নেখেলে।
ইফালে তেওঁ টেষ্ট ক্ৰিকেটক বিদায় জনোৱাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ৰোহিত শৰ্মাই এই সন্দৰ্ভত কয়- মই এতিয়াই অৱসৰৰ কথা ভবা নাই। মই সদায় বৰ্তমানত থাকো। বৰ্তমান সময়ত কি কৰিব লাগে, সেই বিষয়ে চিন্তা কৰোঁ।
অন্যহাতে পঞ্চম তথা অন্তিম টেষ্টত বাদ পৰাৰ সম্পৰ্কতো কেতবোৰ মন্তব্য কৰে ৰোহিতে। তেওঁ কয়- মোৰ ফৰ্ম বেয়া, বিগত মেচত মই ভাল প্ৰদৰ্শন কৰিব পৰা নাই। সেয়ে অন্তিম টেষ্টত মই বাদ পৰিছো। ইয়াকলৈ মোৰ আক্ষেপ নাই। কিয়নো জীৱন প্ৰতিদিনে সলনি হয় আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে এই দুৰ্দিন আঁতৰিব, পৰিস্থিতি সলনি হ'ব।