ডিজিটেল ডেস্কঃ জ্যেষ্ঠ নাগৰিক সকলৰ বাবে নতুন পদক্ষেপ গ্ৰহণ কৰিছে দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ে। ৩২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৪,৭৯৯ গৰাকী জ্যেষ্ঠ নাগৰিকক এম এল, এ আই, আৰু বিগ ডাটাৰ পাঠ্যক্ৰম প্ৰদানৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্প’ৰেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ভেদমণি তিৱাৰীয়ে।
তিৱাৰীয়ে কয় যে, “এছআইডিএইচ-এ জ্যেষ্ঠ নাগৰিকসকলক (৫০ বছৰৰ ওপৰৰ) উদ্যোগ ৪.০ পাঠ্যক্ৰম প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। আমি দেখিছো যে, তেওঁলোকৰ মাজত ৱেব ডিজাইন, চাইবাৰ সুৰক্ষা আৰু কিছান ড্ৰ’ন অপাৰেচন জনপ্ৰিয় হৈ পৰিছে। ভৱিষ্যতৰ বাবে সাজু ভাৰত গঢ়িবলৈ আজীৱন শিক্ষা অতি প্ৰয়োজনীয়। এই লেখাত ৩ গৰাকী উদ্যোগীৰ প্ৰেৰণাদায়ক তথ্যও উল্লেখ কৰা হৈছে।”
প্ৰথম গৰাকী হৈছে ৫১ বছৰীয়া পাৰ্থ বৰুৱাই অসমৰ যোৰহাটত ট্ৰেভেল এজেন্সী চলাই আছে। তেওঁ কিষাণ ড্ৰ’ন অপাৰেটৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল। ইয়াৰ জৰিয়তে তেওঁ নিজ খেতি পদ্ধতি আধুনিকীকৰণ কৰাই নহয়, অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্যকো কেমেৰাত বন্দী কৰি আহিছে, যিয়ে তেওঁৰ ট্ৰেভেল এজেন্সীক অধিক উন্নয়ণমুখী কৰি তুলিছে।
তিৱাৰীয়ে বৰুৱাৰ লগতে ৫৫ বছৰীয়া প্ৰফুল্ল ৰাৱত আৰু সঞ্জীৱ নিগমৰ কথাও উল্লেখ কৰে।লগতে ২০২৩ চনৰ ১৩ ছেপ্টেম্বৰত আৰম্ভ হোৱা এছআইডিএইচ এবছৰৰ ভিতৰতে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ সম্পদ হৈ পৰিছে বুলিও জানিবলৈ দিয়ে।