/asomiyapratidin/media/media_files/2024/12/02/OX0Ldae6oVLjd0Vc6bXo.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: ৰাজ্য কঁপাই যোৱা ঢকুৱাখনাৰ জাহাঙ্গীৰ হুছেইন হত্যাকাণ্ডৰ ঘটনাৰ তদন্তই পুনৰ সাৰ পাইছে। বিগত ৬ টা মাহে জলজীৱন মিছনৰ মিস্ত্ৰী জাহাংগীৰ হুছেইনৰ শৰীৰৰ বিচ্ছিন্ন মুণ্ড বিচাৰি নোপোৱা অসম আৰক্ষীৰ ফোঁপোলা স্বৰূপ উদঙাই অৱশেষত মাছমৰীয়াই উদ্ধাৰ কৰি এই হত্যাকাণ্ডৰ তদন্ত পুনৰুজ্জীৱিত কৰি তুলিছে।
নিৰ্মম হত্যাকাণ্ডৰ প্ৰায় ৬ টা মাহ সম্পূৰ্ণ হোৱাৰ দিনাই ঘিলামৰা থানাৰ অন্তৰ্গত শিঙিয়া দলঙৰ তলৰ এটা ডুবিত বস্তাত প্ৰকাণ্ড শিল সহ ভৰাই পেলাই দিয়া অৱস্থাত উদ্ধাৰ কৰিছিল অঞ্চলটোৰ একাংশ মাছমৰীয়াই।
গলিত দুৰ্গন্ধময় নৰ মুণ্ডটো আৰক্ষীয়ে জব্দ কৰি সংৰক্ষণ কৰি ৰখাৰ সময়তে দেওবাৰে নিশা ঢকুৱাখনাত উপস্থিত হয় নৃশংস হত্যাকাণ্ডৰ তদন্তকাৰী চি আই ডিৰ এটা তদন্তকাৰী গোট। উপ আৰক্ষী অধীক্ষক ৰবীন ডেকাৰ নেতৃত্বত অহা দলটোৱে সোমবাৰে দুপৰীয়া নৰমুণ্ড উদ্ধাৰ হোৱা শিঙিয়া জানৰ পাৰত উপস্থিত হৈ ঘটনাস্থলী পৰ্যবেক্ষণ কৰে। দলটোৱে লাওখোলা উদ্ধাৰ কৰা মাছমৰীয়া সকলক শিঙিয়া জানলৈ মাতি আনি সবিশেষ জ্ঞাত হয় ।
ঢকুৱাখনা আৰু ঘিলামৰা আৰক্ষীৰ সহযোগত যোৱা দলটোৱে ইয়াৰ পাছতে জাহাংগীৰ হুছেইনক অগ্নিদগ্ধ কৰা সাপতিয়া চেতিয়া গাঁৱৰ পৰিত্যক্ত চুমনিত উপস্থিত হৈ হত্যাকাণ্ডস্থলীৰ পৰা লাওখোলা উদ্ধাৰ হোৱা স্থানৰ দূৰত্ব,পথ মেপ আৰু ঘটনাস্থলীৰ পৰা অন্য স্থানলৈ যোৱাৰ পথ যোগাযোগ ব্যৱস্থাৰ সূক্ষ্ম পৰ্যবেক্ষণ কৰে। পৰৱৰ্তী সময়ত দলটো ঘিলামৰা আৰক্ষী থানাত উপস্থিত হৈ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে আলোচনাত মিলিত হয়।
ইপিনে উদ্ধাৰকৃত লাওখোলাতো তদন্তকাৰী দলটোৱে ফৰেঞ্চিক পৰীক্ষাৰ লগতে ডি এন এৰ নমুনা সংগ্ৰহৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অন্যহাতে এই পাশবিক ঘটনাৰ পাছৰে পৰা সন্ধানহীন হৈ থকা সাপতিয়া চেতিয়া গাঁৱৰ জলজীৱন মিছনৰ ঠিকাদাৰ,গেৰুৱা কৰ্মী সুনীল গগৈৰ সন্ধান উলিওৱাত নির্লজ ভাবে ব্যৰ্থতা প্ৰদৰ্শন কৰিছে অসম আৰক্ষীয়ে।
বিগত প্ৰায় ৬ টা মাহে সন্ধানহীন সুনীলৰ উৱাদিহ উলিওৱাত ব্যৰ্থ হৈ অহা অসম আৰক্ষীৰ নিষ্কর্মা ভূমিকাত ক্ষুব্ধ সুনীলৰ পত্নী পুষ্পা গগৈ সহ আত্মীয় স্বজন। আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত পূৰ্ণ সহযোগিতা আগবঢ়াই অহা ন্যায়কামী দুৰ্ভগীয়া পৰিয়ালটোৱে পলাতক ঘোষণা কৰা সুনীল জীৱিত নে মৃত তাৰ পতিয়ন যোগ্য আৰু বিশ্বাস যোগ্য সুদত্তৰ বিচাৰিছে আৰক্ষীৰ পৰা।
পৰিয়ালৰ দাবী যদি সুনীল গগৈ এনে দুষ্কাৰ্যত জড়িত থকাৰ বিশ্বাসযোগ্য প্ৰমাণ আছে কঠোৰ শাস্তি বিহক। কিন্তু যদি এনে তথ্য প্ৰমাণ নাই তেন্তে শীঘ্ৰেই উলিয়াই দিয়ক। চি আই ডিক সুনীল পত্নীৰ আহ্বান ঘটনাৰ নিৰপেক্ষ তদন্ত হওঁক আৰু আৰক্ষীৰ কথা মতে যদি সুনীল জীয়াই আছে তেন্তে জীয়াই থকাৰ প্ৰমাণ দিয়ক। অকাল আৰু অনিশ্চিত বৈধৱ্যক বুকুত সাৱটি জীয়াই থকাৰ যন্ত্ৰণা এবাৰ অসম আৰক্ষী আৰু মুখ্যমন্ত্ৰীয়ে অনুভৱ কৰক ।