নগাঁৱৰ বৰঘাট বাইপাছৰ পাঠৰিত ৬ খন গৰুভৰ্তি বাহন জব্দ

নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰঘাট আৰক্ষী চকীৰ এলেকাধীন বৰঘাট বাইপাছৰ পাঠৰিত দেওবাৰে বিয়লি স্থানীয় ৰাইজে আৰক্ষীৰ সহযোগত গৰু সৰবৰাহ কৰা ৬খন বাহন জব্দ কৰে।

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ বৰঘাট বাইপাছৰ পাঠৰিত ৬ খন গৰুভৰ্তি বাহন জব্দ

ডিজিটেল সংবাদ, নগাঁও : নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰঘাট আৰক্ষী চকীৰ এলেকাধীন বৰঘাট বাইপাছৰ পাঠৰিত দেওবাৰে বিয়লি স্থানীয় ৰাইজে আৰক্ষীৰ সহযোগত গৰু সৰবৰাহ কৰা ৬খন বাহন জব্দ কৰে। স্থানীয় লোকে সদৰী কৰা মতে ইয়াৰে এখন বাহন বাগৰি পৰাৰ সময়ত তেওঁলোকে বাহনখনত গৰু প্ৰত্যক্ষ কৰে। 

Advertisment

এই ঘটনা প্ৰত্যক্ষ কৰি সন্দেহ ওপজাত লগে লগে এই বাহনখনৰ পিছে পিছে অহা আন পাঁচখন বাহন পৰীক্ষা কৰাত আটাইকেইখন বাহনত গৰু প্ৰত্যক্ষ কৰি তেওঁলোকে বৰঘাট আৰক্ষী চকীৰ আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত ৬ খন গৰু ভৰ্তি বাহন জব্দ কৰে। 

আৰক্ষীয়ে বাহন কেইখনৰ পৰা বৃহৎ সংখ্যক গৰু উদ্ধাৰ কৰে। আৰক্ষীয়ে জব্দ কৰা বাহনকেইখনৰ নম্বৰ হ’ল-  এ এছ ০২  বি চি ৬৬৮৩ , এ এছ ০২ ডি চি ২০০৮, এ এছ ০৫ এ চি ৫২৩৭ , এ এছ ০২ ডি চি ৪৩৩৮ , এ এছ ৩১ চি ৩১১৭ আৰু এ এছ  ০২ ডি চি ৬৩৯০ । বাহন কেইখনত সৰবৰাহ কৰা গৰুসমূহ কম বয়সীয়া । 

স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে বাহন কেইখনৰ গৰু সৰবৰাহ কৰাৰ প্ৰয়োজনীয় নথি পত্ৰ আৰক্ষীক দেখুওৱাব পৰা নাই । অৱশ্যে এখন বাহনে জানুৱাৰী মাহৰ এখন ৰচিদ প্ৰদৰ্শন কৰে । জানিব পৰা মতে গোলাঘাট জিলাৰ বিহৰা বজাৰৰ পৰা হোজাইলৈ সৰবৰাহ কৰা গৰুকেইটা বৈধভাৱে সৰবৰাহ কৰা হয় নে নহয় সেয়া এতিয়াও নিশ্চিত হোৱা নাই । আৰক্ষীৰ তদন্ততহে সমগ্ৰ বিষয়টো পোহৰলৈ আহিব। 

উল্লেখ্য যে বিগত সময়ত নগাঁও বাইপাছৰ মাজেৰে হোজাই, মেঘালয় আদিলৈ চোৰাং গৰু সৰবৰাহ হৈ আছে । বহু কেইখন আৰক্ষী থানাৰ সন্মুখৰে  চোৰাংভাৱে গৰু সৰবৰাহ হৈ থকাৰ পিছতো আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ আছে আৰক্ষীৰ বিৰুদ্ধে।

nagaon police