/asomiyapratidin/media/media_files/2025/05/17/tzmr1OZVGVK4oCieOtNi.jpg)
আৰক্ষীৰ জালত ৬টাকৈ গভাইত চোৰ
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৬টাকৈ গভাইত চোৰক। অঞ্চলটোৰ জীয়াভৰলী নদীৰ ওপৰত থকা চকীঘাট দলঙৰ বৈদ্যুতিক তাঁৰ চুৰি কৰিবলৈ আহি হাতেলোটে গ্ৰেপ্তাৰ হয় গভাইত চোৰকেইটা ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ কেইটা হ'ল আব্দুল হুছেইন, ফাইজুল হক, নুৰুল হক, আব্বু বক্কৰ চিদ্দিক, জাকিৰ হুছেইন আৰু জহৰউদ্দিন। ধৃত চোৰকেইটাৰ ঘৰ পাঁচমাইল অঞ্চলৰ বিহিয়া গাঁৱত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা চোৰ কেইটাক তেজপুৰৰ জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে।