মাজ সাগৰত জাহাজৰ ভিতৰত সোমাল পানী : কথমপি প্ৰাণ ৰক্ষা পৰিল ৬ ভাৰতীয় নাবিকৰ

ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন ! এই অপ্তবাক্যশাৰীকেই প্ৰতিয়মান কৰি মৃত্যুৰ দুৱাৰডলিৰ পৰা ৰক্ষা পৰিল ৬গৰাকী নাবিক। কাৰ্যতঃ এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ পৰা জীৱন ৰক্ষা পৰিল এই ৬ ভাৰতীয় নাবিকৰ।

author-image
Asomiya Pratidin
New Update
কথমপি প্ৰাণ ৰক্ষা পৰিল ৬ ভাৰতীয় নাবিকৰ

কথমপি প্ৰাণ ৰক্ষা পৰিল ৬ ভাৰতীয় নাবিকৰ

ডিজিটেল ডেস্ক : ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন ! এই অপ্তবাক্যশাৰীকেই প্ৰতিয়মান কৰি মৃত্যুৰ দুৱাৰডলিৰ পৰা ৰক্ষা পৰিল ৬গৰাকী নাবিক। কাৰ্যতঃ এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ পৰা জীৱন ৰক্ষা পৰিল এই ৬ ভাৰতীয় নাবিকৰ। 

Advertisment

প্ৰাণ ৰক্ষা ৬ ভাৰতীয় নাবিকৰ

ঘটনা অনুসৰি ভাৰতৰ পৰা এম এছ ভি চালামাট নামৰ মালবাহী জাহাজখনে লক্ষদ্বীপৰ কদমলৈ চিমেণ্টকে ধৰি আন কেতবোৰ নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰী কঢ়িয়াই সাগৰীয় পথেৰে গৈ আছিল। লগত আছিল ৬গৰাকী ভাৰতীয় নাবিক। 

এনে অৱস্থাতে মংগালুৰ উপকূলৰ পৰা প্ৰায় ৬০ মাইল দূৰৈৰ এক এলেকাত জাহাজখনৰ সুৰুঙাৰে ভিতৰৰ পানী সোমাবলৈ ধৰে। ইয়াৰ পাছতে জাহাজখনত থকা নাবিকসকল আতংকিত হৈ পৰে আৰু জীৱন ৰক্ষাৰ বাবে জাহাজৰ ডেকত আশ্ৰয় লয়। 

প্ৰাণ ৰক্ষা ৬ ভাৰতীয় নাবিকৰ

প্ৰাণৰ শংকাত আতংকিত নাবিককেইজনে লগে লগে তহলদাৰী ভাৰতীয় উপকূলৰক্ষী বাহিনীক খবৰ দিয়ে। ইয়াৰ পাছতে পলম নকৰি উপকূলৰক্ষী বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ মাজত আটাইকেইগৰাকী ভাৰতীয় নাবিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ১২ মে’ত যাত্ৰা আৰম্ভ কৰা মালবাহী জাহাজখনে ১৮ মে’ত গন্তব্যস্থানত উপস্থিত হোৱাৰ কথা আছিল। ইফালে এই ঘটনাৰ প্ৰাৰম্ভমিক অনুসন্ধান অনুসৰি জাহাজখনৰ কাৰিকৰী বিজুতিৰ ফলত এই ধৰণৰ অনাকাঙ্খিত ঘটনাৰ উদ্ভৱ হোৱা বুলি উল্লেখ কৰে। 

প্ৰাণ ৰক্ষা ৬ ভাৰতীয় নাবিকৰ

উদ্ধাৰ হোৱা নাবিককেইজন হৈছে- ইছমাইল শ্বৰীফ, আলেমান আহমদ বে গাভদা, কাকাল ছুলেইমান ইছমাইল, আকবৰ আব্দুল চুৰানি, কাছাম ইছমাইল আৰু আজমল। সম্প্ৰতি আটাইকেইজন নাবিকৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি উপকূলৰক্ষী বাহিনীয়ে জানিবলৈ দিয়ে।

উপকূলৰক্ষী বাহিনী