/asomiyapratidin/media/media_files/2025/03/14/6rboItNVh40EexY35eM7.png)
ডিজিটেল সংবাদ, চিৰাং : ৰাজ্যিক বিজেপিৰ সভাপতি দিলিপ শইকীয়াই ঘোষণা কৰিছিল আগন্তুক বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিজেপি দলে অকলেই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব । কিন্তু বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণাৰ আগতেই চিৰাং জিলা বিজেপিৰ ভিতৰচ'ৰাত আৰম্ভ হৈছে দলীয় অন্তঃকলহ ।
প্ৰথমে জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়ৰ বিৰুদ্ধে বিষেদগাৰ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিছিল জিলা বিজেপিৰ বহু জ্যেষ্ঠ নেতা -কৰ্মীয়ে । চিৰাং জিলা বিজেপিৰ এই অন্তঃকলহ চলি থকাৰ মাজতেই জিলা বিজেপিত মোক্ষম আঘাত হানি জিলা বিজেপিৰ উপ সভাপতিৰ লগতে কেইবাগৰাকী বিজেপি নেতাৰ দলত্যাগ কৰাৰ বাতৰি পোহৰলৈ আহিছে ।
/asomiyapratidin/media/media_files/2025/03/14/dmh12V4t08U2GjS2e00b.jpg)
বৃহস্পতিবাৰ দিনা চিৰাং জিলা বিজেপিৰ উপ সভাপতি শ্যাম মাৰ্ডি, ১৩ নং চিৰাং মণ্ডল বিজেপিৰ কোষাধ্যক্ষ সুৰেশ কিস্কুয়ে বিজেপি দলৰ পৰা পদত্যাগ কৰি জিলা সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে । উল্লেখ্য যে আদিবাসী বিজেপি নেতা দুগৰাকীৰ লগতে ১৩ নং চিৰাং মণ্ডল বিজেপিৰ অন্তৰ্গত ৫ টাকৈ বুথ সমিতিৰ সভাপতিয়েও বিজেপিৰ দল ত্যাগ কৰি পত্ৰ প্ৰেৰণ কৰিছে ।
/asomiyapratidin/media/media_files/2025/03/14/yua12RnTjvank1VYTrcH.jpg)
চিৰাং জিলা বিজেপিৰ আদিবাসী জনগোষ্ঠীৰ এগৰাকী নিষ্ঠাৱান দলীয় কৰ্মী হিচাপে দলৰ মজিয়াত পৰিচিত শ্যাম মাৰ্ডিৰ লগতে অন্যান্য আদিবাসী বিজেপিৰ নেতাসকলৰ দল ত্যাগৰ সিদ্ধান্তৰ পিছত জিলা বিজেপিৰ ভিতৰচ'ৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । একাংশ জিলা বিজেপিৰ নেতাৰ কৰ্মকাণ্ডত অসন্তুষ্ট হৈ চিৰাং জিলা বিজেপিৰ পৰা আৰু বহু নেতা -কৰ্মী দল ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ।
দলত্যাগী নেতাসকলে কোন দলত যোগদান কৰিব সেয়া এতিয়াও পোহৰলৈ অহা নাই যদিও খুব কম সময়ৰ ভিতৰত সংবাদমেল অনুষ্ঠিত কৰি ঘোষণা কৰিব বুলি এটা সুত্ৰই সদৰী কৰিছে ।