/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e8ea3cdf-ad5e-4764-a7c6-37565668871a/protest_20.jpg)
protest
ডিজিটেল ডেস্কঃ পুনৰ আন্দোলনত উত্তপ্ত হ'ব ৰাজ্যৰ ৰাজপথ। ছয় জনগোষ্ঠীৰ জনজাতিৰকৰণৰ বিষয়টোক লৈ কিছুদিন ৰাজ্যৰ পৰিৱেশ শান্ত হৈ আছিল যদিও পুনৰ জনজাতিকৰণ সন্দৰ্ভত আন্দোলন ঘোষণা কৰিছে সংগঠন কেইটাই।
শেহতীয়াকৈ কেন্দ্ৰই অসমৰ ৬ জনগোষ্ঠীক বঞ্চিত কৰি কেইবাখনো ৰাজ্যৰ একাধিক জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ পিছতে অসমৰ ছয় জনগোষ্ঠী ক্ৰমে মৰাণ, মটক, তাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ আৰম্ভ কৰিছিল যদিও ৰাজ্য চৰাকৰে তেওঁলোকক আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱাত সাময়িক ভাৱে আন্দোলন স্থগিত ৰাখি আলোচনাত মিলিত হৈছিল।
ৰাজ্য চৰকাৰৰ সৈতে অনুষ্ঠিত হোৱা সেই আলোচনা এতিয়া অতীত। ৰাজ্য চৰকাৰৰ সৈতে অনুষ্ঠিত হোৱা আলোচনাত আস্বস্ত নোহোৱা ছয় জনগোষ্ঠীয় সংগঠনে এতিয়া প্ৰধানমন্ত্ৰীৰ নেৰেন্দ্ৰ মোডীৰ সৈতে পোনপটীয়া আলোচনাৰ দাবী উত্থাপন কৰিছে।
সংগঠন কেইটাই এই দাবীৰে অহা ১০ নৱেম্বৰত গুৱাহাটীত ধৰ্ণা কাৰ্যসূচী ঘোষণা কৰিছে। সেই দিনাই এক যৌথ আলোচনাৰো আহ্বান কৰিছে এই সংগঠন কেইটাই। ইফালে কোচ ৰাজবংশীয় সংগঠনে পূৰ্বেই ঘোষণা কৰি থৈছে ধাৰাবাহিক আন্দোলনৰ লগতে ৰে'ল অৱৰোধ কাৰ্যসূচী।
সেই অনুসৰিয়েই সংগঠনটোৱে ঠায়ে ঠায়ে ৰে'ল পথ অৱৰোধ কৰাৰ লগতে দিল্লীৰ যন্তৰমন্তৰতো ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব। একেদৰে ছয় জনগোষ্ঠীয়েও ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও ঘোষণা কৰিছে।