Advertisment

শিৱসাগৰৰ ঐতিহাসিক সম্পদ থলীত নৱবৰ্ষৰ উলাহ, বিদেশী পৰ্যটকৰো ভিৰ...

নৱবৰ্ষৰ প্ৰথম দিনটো আজি শিৱসাগৰীয়া ৰাইজে ব্যাপক উৎসাহ উদ্দীপনাৰ সৈতে উদযাপন কৰে। দৈনন্দিন কৰ্মব্যস্ততা তথা হতাশা হুমুনিয়াহক একাষৰীয়া কৰি আজি বৃহৎ সংখ্যক লোকে পৰিয়াল তথা আপোনজনৰ সৈতে ইংৰাজী নৱবৰ্ষৰ দিনটো পালন কৰিলে।

author-image
Asomiya Pratidin
New Update
1`1

11 Photograph: (11)

ডিজিটেল সংবাদ, শিৱসাগৰঃ  নৱবৰ্ষৰ প্ৰথম দিনটো আজি শিৱসাগৰীয়া ৰাইজে ব্যাপক উৎসাহ উদ্দীপনাৰ সৈতে উদযাপন কৰে। দৈনন্দিন কৰ্মব্যস্ততা তথা হতাশা হুমুনিয়াহক একাষৰীয়া কৰি আজি বৃহৎ সংখ্যক লোকে পৰিয়াল তথা আপোনজনৰ সৈতে ইংৰাজী নৱবৰ্ষৰ দিনটো পালন কৰিলে।

Advertisment

শিৱসাগৰ  চহৰৰ শিৱদ’লৰ লগতে চহৰৰ সমীপৰ ইতিহাসপ্ৰসিদ্ধ ৰংঘৰ বাকৰি,তলাতল ঘৰ প্ৰাঙ্গন আদিৰ লগতে দিচাংমুখ,দিখৌমুখৰ বিভিন্ন বনভোজ থলী সমূহত আজি ব্যাপক জন সমাগম হোৱা দেখা যায়।একাংশ লোকে পৰিয়ালৰ সৈতে এসাজ তৃপ্তিৰে খাই আনন্দ উছাহ প্ৰদৰ্শন কৰাৰ বিপৰীতে আন একাংশই পৌৰাণিক কৃতি চিহ্ন,বনভোজ থলী সমূহ ভ্ৰমণ কৰি অনাবিল আনন্দত ডুব যোৱা দেখা যায়।

পুৱাৰ ভাগত যথেষ্ট সংখ্যক লোকে মন্দিৰ,মছজিদ,গীৰ্জালৈ গৈ নেদেখা জনৰ সমুখত মূৰ দোৱাই নতুন বছৰ ভালে কুশলে যোৱাৰ বাবে প্ৰাৰ্থনা কৰা দেখা যায়।এটা নতুন দিনত আগমন হোৱা নতুন বছৰক আদৰি লোৱা প্ৰতিজন ব্যক্তিয়ে আজি নতুন বছৰ সুখ,শান্তি আৰু আনন্দৰে ভৰি পৰাৰ কামনা কৰে।

উল্লেখযোগ্য যে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ ইতিহাস বুকুত সাৱটি থকা শিৱসাগলৈ আজি বছৰৰ প্ৰথম দিনটোতে এজাক বিদেশী পৰ্যটকৰ আহি জিলা খনৰ অনন্য আকৰ্ষণৰ কেন্দ্ৰ সমূহ পৰিভ্ৰমণ কৰে।।

শিৱসাগৰ