/asomiyapratidin/media/media_files/2025/04/05/tIxttwTICrCy6vlEYEo3.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ চেছ একাডেমীৰ উদ্যোগত শিৱসাগৰ জিলা দবা সন্থা আৰু শিৱসাগৰ মাৰোৱাৰী চেৰিট্ৰেবল চছাইটিৰ সহযোগত আজিৰে পৰা শিৱসাগৰ মিলন মন্দিৰত অনুষ্ঠিত হৈছে "শিৱসাগৰ অপেন, ২০২৫ '' প্ৰতিযোগিতা ৷
প্ৰথম ৰাউণ্ডৰ শেষত পশ্চিম বংগৰ অৰ্ণণ দাস আৰু ইণ্টাৰনেশ্যনেল মাষ্টাৰ পালিত সোমক, বিহাৰৰ ফিডে মাষ্টাৰ কুমাৰ গৌৰৱ, পশ্চিম বংগৰ ফিডে মাষ্টাৰ জয়দ্বীপ দত্ত, অসমৰ ইফটিকাৰ আলম মজুমদাৰ, কাছাৰৰ ৰাহুল সিং, শিৱসাগৰৰ বিজিত চেতিয়া, মণিপুৰৰ এলেংবাম শশীকান্ত সিং, মনদ্বীপ ধৰ, অসমৰ কৃতাৰ্থ প্ৰতীম বুঢ়াগোহাঁই, সমুজ্জ্বল বৰুৱা, তানিছা এ. আৰ. সোম, দিবাংগনা বৰা আদিয়ে বাতৰি লিখা পৰলৈকে এক পইণ্টকৈ লাভ কৰি অগ্ৰগতি লাভ কৰিছে।
প্ৰতিযোগিতাখনৰ মুখ্য আৰ্বিটাৰৰ দায়িত্ব পালন কৰিছে গুৱাহাটীৰ প্ৰণৱ কুমাৰ নাথে। আৰ্বিটাৰ হিচাপে দায়িত্ব পালন কৰিছে স্বৰাজ বুঢ়াগোহাঁই, অপূৰ্ব সোণোৱাল, ৰাজনীজ বাৰ্মা আৰু অলি বৰুৱা ৰাজকুমাৰী। বিহাৰ, পশ্চিম বংগ, মণিপুৰ, অৰুণাচলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰৰ ২১২ জন প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছে।
অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী যোগেন মহন, ড০ জ্যোতিপ্রসাদ শইকীয়া, ড০ প্ৰতীম শৰ্মা, ক্ৰীড়াবিদ মনোজ ভাগৱতী, ডা০ বীণাপাণি হাজৰিকা, শিৱসাগৰ মাৰোৱাৰী চেৰিট্ৰেবল চছাইটিৰ সম্পাদক সঞ্জয় আগৰৱালা, শিৱসাগৰ জিলা দবা সন্থাৰ সভাপতি, সম্পাদক ক্ৰমে ভাৰত শৰ্মা, ৰাজু গগৈ , প্ৰতিযোগিতা আয়োজক সমিতিৰ সভাপতি ডা০ প্ৰশান্ত প্ৰতীম শৰ্মা উপস্থিতি থকা গাম্ভীৰ্যপূৰ্ণ সভাখনৰ আঁত ধৰে অশ্ৰুমণি দত্ত ঘোষ আৰু হেমন্ত গগৈয়ে। আদৰণি ভাষণ আগবঢ়াই ক্ৰীড়া সংগঠক ডা° প্ৰশান্ত প্ৰতীম শৰ্মাই ।
সভাত শিৱসাগৰ চেছ একাডেমীৰ প্ৰতিষ্ঠাপক সভাপতি বীৰেন্দ্ৰ নাথ শইকীয়াক দবাখেললৈ আগবঢ়োৱা অৱদানৰ বাবে সম্বৰ্ধনা জনোৱা হয়। প্ৰতিযোগিতাৰ উপলক্ষে অশ্ৰুমণি দত্ত ঘোষ আৰু প্ৰণৱ বৰাৰ সম্পাদনাত প্ৰকাশিত "ৰংপুৰৰ ৰংগভূমি" উন্মোচন কৰে সতী সাধনী বিশ্ববিদ্যায়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য ড০ জ্যোতিপ্রসাদ শইকীয়াই ৷
প্ৰতিযোগিতাখন একোগছ বন্তি প্ৰজ্বালন কৰি শুভাৰম্ভ কৰে ডা° বীণাপাণি হাজৰিকা, ভাৰত শৰ্মা, জ্যোতিপ্ৰসাদ শইকীয়া , মৃণাল কুমাৰ বৰবৰা আৰু ড০ প্ৰতীম শৰ্মাই । প্ৰতিযোগিতাৰ স্থলীত উপস্থিত হৈ প্ৰতিযোগী আৰু আয়োজকসকলক শুভেচ্ছা জনায় প্ৰাক্তন সাংসদ তপন গগৈয়ে।