/asomiyapratidin/media/media_files/2025/06/26/1xc-2025-06-26-08-40-31.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ আহোম যুগৰ ৰাজধানী ৰংপুৰৰ লগত এৰাব নোৱৰা সম্পৰ্ক থকা হাতীখোঁক গাঁৱৰ জনসাধাৰণে নতুন প্ৰজন্মক উৎসাহিত কৰাৰ বাবে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আয়োজন কৰে ৷ হাতীখোঁক ক্ৰীড়া সন্থাৰ উদ্যোগত হাতীখোঁক শিক্ষা কোষৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানত কেইবাগৰাকীও ব্যক্তিৰ স্মৃতিত প্ৰৱৰ্তন কৰা বঁটা মেধা ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হয় ৷
বৃহত্তৰ ঐতিহাসিক হাতীখোঁকৰ ৪৯ গৰাকী কৃতীমান, তিনিগৰাকী উদীয়মান খেলুৱৈৰ লগতে ৰংপুৰ পঞ্চায়তৰ অন্তৰ্গত দুগৰাকী উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা কৃতীমানক সমাজকৰ্মী ইন্দ্ৰধৰ চলিহা আৰু সূৰ্যধৰ চলিহা সোঁৱৰণী বঁটা প্ৰদান কৰা হয়।
ৰংঘৰ চাৰিআলিৰ দূবৰিয়নি আলিৰ কাষৰ ড° ভূপেন হাজৰিকা বিবাহ ভৱন আৰু সাংস্কৃতিক কেন্দ্রৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সভাখনত অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকাই অংশগ্ৰহণ কৰি নতুন প্ৰজন্মক অধ্যয়নৰ সমান্তৰালভাৱে সমাজ আৰু দেশৰ উন্নয়নৰ বাবে কাম কৰাৰ আহ্বান জনাই ৷
অনুষ্ঠানত অংশগ্ৰহণ কৰি এনামউদ্দিন আহমেদে হাতীখোঁকৰ ঐতিহাসিক গুৰুত্বৰ কথা উল্লেখ কৰে ৷ সাম্প্ৰতিক সময়ত মানুহে ধাৰণা কৰাতকৈ আহোম যুগৰ হাতীখোঁকৰ সীমা যথেষ্ট দূৰলৈকে ব্যাপি আছিল বুলি দোহাৰি নতুন প্ৰজন্মক ইতিহাসৰ তথ্য আহৰণৰ আহ্বান জনাই ৷ তেওঁ হাতীখোঁক ক্ৰীড়া সন্থা আৰু শিক্ষা কোষকৰ বিষয়ববীয়া সকলৰ কামকাজক ভূয়সী প্ৰশংসা কৰে ৷
অনুষ্ঠানত অংশগ্ৰহণ কৰি শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° ৰীতামনি বৰাই ছাত্র ছাত্রীসকলক অধ্যয়ন তপস্যাৰ দৰে কৰিব লাগিব বুলি মন্তব্য কৰে ৷ তেওঁ ছাত্ৰ- ছাত্ৰী সকলক কঠোৰ অনুশীলনৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায়।
অনুষ্ঠানত ছাত্ৰীক উদ্দেশ্যি কৰি শিক্ষক তথা লেখক চামচুল বাৰিক আৰু আচাদ উল্লাহে বক্তব্য প্ৰদান কৰাৰ লগতে হাতীখোঁক ক্ৰীড়া সন্থাৰ এনে পদক্ষেপক শলাগ লয়। হাতীখোঁক ক্ৰীড়া সন্থাৰ শিক্ষা কোষৰ সভাপতি তথা শিক্ষক চৈয়দ জেহিৰুল হুদা আৰু শিক্ষক আতিকুৰ হাজৰিকাই আঁত ধৰা অভিনন্দন অনুষ্ঠানত সন্থাৰ সভাপতি ইমদাদউল্লাই আদৰণি ভাষণ প্ৰদান কৰি হাতীখোঁক অঞ্চলৰ ক্ৰীড়া আৰু শিক্ষাৰ দিশটোৰ বিষয়ে উল্লেখ কৰে ৷
অনুষ্ঠানত কেইবা গৰাকীও ব্যক্তিয়ে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত হাতীখোঁকৰ গাৱঁৰ পৰা সদ্যঘোষিত উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক, স্নাতক, স্নাতকোত্তৰ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা সৰ্বমুঠ ৪৯ গৰাকীক অভিনন্দন জনোৱা হয় ৷
বৃহত্তৰ ৰংপুৰৰ ভিতৰত উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা প্ৰথম জোনাক জিলমিল বৰা আৰু দ্বিতীয় প্ৰাচুৰ্য প্ৰাপ্তি হাজৰিকাক ইন্দ্ৰধৰ চলিহা আৰু সূৰ্যধৰ চলিহা সোৱঁৰণী বঁটা প্ৰদান কৰা হয়। বটাঁৰ লগত এটি স্মাৰক, অভিনন্দন পত্ৰ প্ৰদান কৰা হয়। ইফালে শিক্ষাকোষৰ সদস্যা শিক্ষাবিদ হাচনা আৰা বেগমৰ ন্যাসৰ পৰা দুগৰাকী কৃতীমানক নগদ ধন প্ৰদান কৰা হয়।
অনুষ্ঠানত দাতা পৰিয়ালৰ পূৰবী চলিহা, চুমী চলিহা, সমাজকৰ্মী লুটফুৰ ৰহমান, চহিদুৰ ৰহমান, ড° তৈচিফুৰ ৰহমান, এমি বেগম, ৱাৰ্ড সদস্যা মৰ্জিনা বেগম, জেচমিনা হাজৰিকা, মেহদি আহমেদ, চৈয়দ পুতুল হুদা, সমাজকৰ্মী ৰফিকুল হাজৰিকা, আজাদুৰ হাজৰিকা,মৌলানা চিদ্দিক বৰভূঞা,আবুল চৈয়দ ইমদাদুৰ ৰহমান, জিয়াৰউদ্দিন, মোজাম্মিল হককে ধৰি ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক আচানুদ্দিন মোলান্না,বাবুল আলী, আফটাব আহমেদ, নজিউল্লা হাজৰিকা সহিতে সকলো বিষয়ববীয়া উপস্থিত থাকে।
আবেদ উল্লাহে শলাগ জ্ঞাপন কৰা সভাৰ আৰম্ভণিতে স্থানীয় শিক্ষাৰ্থী মাচুদ খালিদ বৰাই এটি গীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। ইফালে অনুষ্ঠানৰ লগত সংগতি ৰাখি হাতীখোঁক ক্ৰীড়া সংস্থাই ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা গাঁওখনৰ তিনিগৰাকী উদীয়মান খেলুৱৈ ক্ৰমে- জাহিৰ হুছেইন, তানবীৰ হুছেইন আৰু মাচুদ খালিদ বৰাক মৰহুম নিজামতদ্দিন আহমেদ ( লুলু) সোৱঁৰণী উদীয়মান খেলুৱৈ বঁটা প্ৰদান কৰে।