/asomiyapratidin/media/media_files/2025/03/18/OFNXzHDtXA8eIa7nqt0A.jpg)
ডিজিটেল সংবাদ,শিৱসাগৰ: আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত আজি শিৱসাগৰৰ ৰাজপথ উত্তাল কৰিলে সদৌ টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই। চহৰৰ মাজমজিয়াৰ মুক্তিনাথ চাৰিআলিৰ পৰা বিশাল সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে টাইপাই।
টাইপাৰ নেতা কৰ্মীৰ লগতে সহস্ৰাধিক আহোম জনগোষ্ঠীয় লোকে হাতে হাতে প্লে কাৰ্ড , বেনাৰ লৈ আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰক, টাইপা জিন্দাবাদ, বিজেপি চৰকাৰ মূৰ্দাবাদ, বিজেপি মূৰ্দাবাদ হায় আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰে।
সমদলকাৰী সকলে জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰিবলৈ আগবাঢ়িছিল যদিও আধাবাটতে আৰক্ষীয়ে বাধা দিয়াত পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us