শিৱসাগৰৰ ডাকঘৰত নৈশ চকীদাৰৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

শিৱসাগৰৰ ডাকঘৰত নৈশ চকীদাৰৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
শিৱসাগৰৰ ডাকঘৰত নৈশ চকীদাৰৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, শিৱসাগৰ: শিৱসাগৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। শিৱসাগৰ সদৰ ডাকঘৰত উদ্ধাৰ হৈছে নৈশ চকীদাৰৰ ৰক্তাক্ত মৃতদেহ। জানিব পৰা মতে, মৃত লোকজন ডাকঘৰৰ নৈশ চকীদাৰ বুদ্ধেশ্বৰ গগৈ। আনদিনাৰ দৰে দেওবাৰে নিশাও ডাকঘৰৰ দায়িত্বত আছিল চকীদাৰজন।

Advertisment

কৰ্তব্যত নিয়োজিত হৈ থকা সময়তে দুৰ্বৃত্তৰ হাতত মৃত্যু হয় চকীদাৰজনৰ। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ আনহাতে ডাকঘৰত সংঘটিত এই ঘটনাই সমগ্ৰ জিলাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Also Read: শোণিতপুৰ আৰু দৰঙত সাদিন-প্ৰতিদিন গোষ্ঠীৰ সহযোগত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী...

sivsagar