শুকুৰবাৰে শিৱগাৰত ONGC ৰ গেছ নিৰ্গমণ ৰোধৰ চেষ্টা চলাব আমেৰিকাৰ পৰা অহা বিশেষজ্ঞৰ দলে

শিৱসাগৰ ৰুদ্ৰসাগৰৰ অ’ এন জি চিৰ তৈলক্ষেত্ৰৰ বাৰীচুকৰ তৈল খাদৰ পৰা নিৰ্গত হোৱা গেছ আজিও প্ৰতিৰোধ কৰিব পৰা নাই অ’ এন জি চিয়ে। কাইলৈ শিৱসাগৰ পাবহি আমেৰিকাৰ বিশেষজ্ঞৰ দল। 

author-image
Asomiya Pratidin
New Update
শুকুৰবাৰে শিৱগাৰত ONGC ৰ গেছ নিৰ্গমণ ৰোধৰ চেষ্টা চলাব আমেৰিকাৰ পৰা অহা বিশেষজ্ঞৰ দলে

ডিজিটেল ডেস্কঃ শিৱসাগৰ ৰুদ্ৰসাগৰৰ অ’ এন জি চিৰ তৈলক্ষেত্ৰৰ বাৰীচুকৰ তৈল খাদৰ পৰা নিৰ্গত হোৱা গেছ আজিও প্ৰতিৰোধ কৰিব পৰা নাই অ’ এন জি চিয়ে। সকলো প্ৰচেষ্টা যোৱা ৮ দিন ধৰি বিফল হোৱাৰ পিছত শুকুৰবাৰে অৰ্থাৎ কাইলৈ শিৱসাগৰ পাবহি আমেৰিকাৰ বিশেষজ্ঞৰ দল। 

Advertisment

এই দলটোৱে শিৱসাগৰত উপস্থিত হৈয়ে গেছ নিৰ্গত হৈ থকা অ' এন জি চিৰ তৈলখাদতো পৰ্যবেক্ষণ কৰি নিৰ্গত গেছ প্ৰতিৰোধৰ বাবে নতুন কৰ্ম আঁচনিৰে পদক্ষেপ গ্ৰহণ কৰিব। ইফালে এই ঘটনাক কেন্দ্ৰ কৰি অ' এন জি চি আৰু অ' এন জি চিয়ে এই তৈল খাদটোৰ ঠিকা দিয়া এছ কে পি নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে।

দল সংগঠনবোৰে দুৰ্ঘটনাস্থলীলৈ গৈ দুৰ্গত আৰু ক্ষতিগ্ৰস্ত লোকসকলৰ খবৰ ল'বলৈ আজৰি নোপোৱা শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে ক্ষোভত ফাতি পৰিছে। এই পৰিবেশ পৰিস্থিতিৰ মাজতে আজি শ্ৰীকৃষ্ণ আগৰৱালাৰ কোম্পানীয়ে এই তৈলখাদটোৰ সমীপত থকা কোম্পানীটোৰ বিভিন্ন যন্ত্ৰ খাদটোৰ পৰা আঁতৰাই নিবলৈ চাৰিখনকৈ ট্ৰেইলৰ প্ৰেৰণ কৰে। 

এই খবৰ পোৱাৰ পিছতেই অধিক উত্তেজিত হৈ পৰে তৈল ক্ষেত্ৰটোৰ সমীপত থকা লোকসকল। উত্তেজিত লোকসকলে চাৰিখন ট্ৰেইলৰক ঘূৰাই পঠিওৱাৰ লগতে শ্ৰীকৃ্ষ্ণ আগৰৱালালৈ সতৰ্কবাণী প্ৰেৰণ কৰি কয় যে, সাধাৰণ লোকৰ নিৰাপত্তা আৰু জৈৱ বৈচিত্ৰৰ প্ৰতি তিলমানো অনুকম্পা নথকা শ্ৰীকৃষ্ণ আগৰৱালাক কোনো কাৰণতে এই যন্ত্ৰবোৰ নিবলৈ দিয়া নহ'ব। 

একাংশ লোকে অ' অন জি চিৰ কৰ্তৃপক্ষকো চোকা ভাষাৰে সমালোচনা কৰি এসময়ৰ তেলচোৰ চক্ৰৰে জড়িত শ্ৰীকৃষ্ণ আগৰৱালাৰ দৰে লোকক অ' এন জি চিয়ে কি কাৰণত এই তৈলখাদসমূহৰ দায়িত্ব দিছিল বুলি প্ৰশ্ন কৰে। তাৰ মাজতে শ্ৰীকৃষ্ণ আগৰৱালাৰ জেপত সোমাই থকা কেইবাজনো তথাকথিত প্ৰতিষ্ঠিত দালালে প্ৰতিবাদকাৰী দল, সংগঠনৰ নেতৃত্বক মেনেজৰ চেষ্টা কৰে।

বিশেষকৈ পূৰ্বৰ পৰা তেল চুৰি চক্ৰৰ সৈতে বিশেষ সনাপিটিকা থকা দুই দালালাৰ এনে কোচকাৱাজক লৈ সৰৱ চৰ্চা চলিছে শিৱসাগৰত। জনজীৱনৰ প্ৰতি অতি ভাবুকি কঢ়িয়াই অনা এই গেছ নিৰ্গমণৰ ঘটনা অচিৰেই প্ৰতিৰোধ কৰিব নোৱাৰিলে তেল ৰিগটোৰ চৌপাশৰ অঞ্চলৰ প্ৰতি আৰু অধিক ভাবুকি বৃদ্ধি পাব। পৰিবেশ নিয়ন্ত্ৰণ ব'ৰ্ডে সমগ্ৰ বিষয়টোৰ ওপৰত চোকা নজৰত ৰাখিব লাগিছিল যদিও সেয়া পৰিলক্ষিত হোৱা নাই।
 

ৰুদ্ৰসাগৰ অ' এন জি চি