Advertisment

শিৱসাগৰৰ আকাশে বতাহে কৃষ্ণ বন্দনা...

শিৱসাগৰঃ জীৱাত্মা আৰু পৰামাত্মাৰ মিলনৰ উৎসৱ ৰাস। এই ৰাস এতিয়া সমগ্ৰ ৰাজ্য জুৰি ব্যাপক উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হৈছে।  শৰৎ কালৰ বিতোপন চন্দ্ৰাৱালী নিশা ৰাসৰ জৰিয়তে...

author-image
Asomiya Pratidin
New Update
শিৱসাগৰ

ডিজিটেল সংবাদ, শিৱসাগৰঃ  জীৱাত্মা আৰু পৰামাত্মাৰ মিলনৰ উৎসৱ ৰাস। এই ৰাস এতিয়া সমগ্ৰ ৰাজ্য জুৰি ব্যাপক উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হৈছে।  শৰৎ কালৰ বিতোপন চন্দ্ৰাৱালী নিশা ৰাসৰ জৰিয়তে গোপী সকলে দেখুৱাই যোৱা  শ্ৰেষ্ঠ ভক্তি আৰু আত্মসমৰ্পণ ৰ নিৰ্দশন ৰাসৰ যোগেদি উপস্থাপন কৰা হয় ৷ শিৱসাগৰ জিলাৰ চাৰিং, দিখৌমুখ, ঢুলীয়াপাৰ, জয়সাগৰ, বেতবাৰীৰ পৰা আৰম্ভ কৰি চৰাইদেউলৈকে বিভিন্ন স্থানত সকলোতে এতিয়া কৃষ্ণ বন্দনা ৷ জিলাখনৰ প্ৰান্তে প্ৰান্তে কৃষ্ণ ৰসৰ লগত বিলীন হৈছে সকলো ৷

Advertisment

শিৱসাগৰ জিলাৰ দিখৌ, দৰিকা আৰু লুইতৰ ত্ৰিবেণী সঙ্গম তথা ভিন্ন  জনগোষ্ঠীয় লোকৰ মিলনভূমি দিখৌমুখ  ৰাস মহোৎসৱক সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈ উৎসৱমুখৰ পৰিবেশ ৷ ইতিহাসপ্ৰসিদ্ধ   দিখৌমুখত বাস কৰা কোচ, কলিতা, আহোম, মিচিং, কৈবৰ্তকে ধৰি প্ৰতিটো জনগোষ্ঠীয় লোকক ৰাসে একতাৰ ডোলেৰে বান্ধি আহিছে ৷ ৰাসক কেন্দ্ৰ কৰি অনৈক্যৰ মাজতো সৃষ্টি হয় ঐক্য ৷ ৰাস মহোৎসৱে বছৰ বছৰ ধৰি বিলাই অহা ঐক্য সম্প্ৰীতি বাণীয়ে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় সম্প্ৰীতিক অধিক মজবুত কৰিছে ৷

এইবছৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই ৷ ৰাসক কেন্দ্ৰ কৰি কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে সমগ্ৰ দিখৌমুখৰ আকাশ বতাহ।  দিখৌমুখ মিলিত শিল্পী সমাজৰ উদ্যোগত  এইবাৰ ঊনচল্লিশ সংখ্যক বৰ্ষত ভৰিদিলে ৰাস মহোৎসৱে ৷

সমাজকৰ্মী নোমল দত্তৰ সোঁৱৰণত অনুষ্ঠিত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ কংসৰ ভাওত প্ৰতিগৰাকী অভিনত, অভিনেত্ৰীৰ সাৱলীল অভিনয়ে সকলোকে মন্ত্ৰমুগ্ধ কৰে ৷ বাঁহীৰ অমিয়া সুৰ আৰু কৃষ্ণ ভক্তৰ সুৰৰ একাকাৰ হয় ৷ তাৰ মাজে মাজে নানাৰঙী বিজুলী চাকিৰ আলোকত কৃষ্ণ নৃত্য, ৰাধা নৃত্য আৰু গোপীসকলৰ নৃত্যই সকলোৰে মন জয় কৰে ৷

এই ৰাস মঞ্চত  দুৰ্দান্ত অভিনয়েৰে হাজাৰ হাজাৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হয় একালৰ ছাত্ৰ নেতা তথা অসম উন্নতি সভাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শৰৎ হাজৰিকাই ৷ কৃষ্ণ চৰিত্ৰৰ উপৰি ৰাসত কংসৰ অভিনয় প্ৰত্যক্ষ কৰাৰ বাবে অনেক লোকে আগ্ৰেহেৰে অপেক্ষা কৰে ৷ কংসৰ ভাৱত অৱতীৰ্ণ হোৱা শৰৎ হাজৰিকাৰ আকাশ বতাহ কঁপোৱা সংলাপে ৰাসক অনন্য মাত্ৰা প্ৰদান কৰে ৷ সংলাপৰ সমান্তৰালকৈ তেওঁৰ অংগচালনা প্ৰশংসনীয় ৷ বিভিন্ন মঞ্চত শকুনিৰ চৰিত্ৰত অভিনয় কৰা শৰৎ হাজৰিকাই  কংসৰ চৰিত্ৰত কৰি সাৱলীল অভিনয়ক দৰ্শকে ভূয়সী প্ৰশংসা কৰিছে ৷

বসুদেৱৰ চৰিত্ৰত স’ৰাগুৰি কৈৱৰ্ত গাঁওৰ প্ৰাঞ্জল হাজৰিকা আৰু দৈৱকীৰ চৰিত্ৰত তেলিয়াডোঙা মিছিং গাৱঁৰ নীকুমনি টায়েৰ লগতে প্ৰতিজন শিল্পী কলা কুশলীৰ অভিনয়ে সকলোকে সন্মোহিত কৰি ৰাখে। পুৱা পতাকা উত্তোলন, নাম প্ৰসংগ ,‌ ১৯ খন গাৱঁৰ নামঘৰলৈ বন্তি প্ৰদান, দিহানাম প্ৰদৰ্শনৰ অন্তত সন্ধিয়া স্মৃতি চাৰণ, শিক্ষাবিদ সৰুৰাম ভৰালী , ভদ্ৰেশ্বৰ হাজৰিকা সোঁৱৰণী ন্যাস বঁটা আৰু ইন্দ্ৰেশ্বৰ নেওগ সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ অন্তত সভাপতি বুবুল দত্তই আঁতধৰা বিশিষ্ট চিকিৎসক  উদয়াদিত্য ৰাজকোঁৱৰ, শিৱসাগৰ জলসিঞ্চন বিভাগৰ অভিযন্তা মফিদুল ইছলাম,আক্ৰাছুৰ নেতা প্ৰাৰ্থজিৎ বৰা বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা উদ্বোধনী অনুষ্ঠানত মঞ্চ মুকলি কৰি সোণাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক, বিশিষ্ট কবি ড° ৰঘূনাথ কাগয়ুঙে সকলো জনগোষ্ঠীৰ সম মৰ্য্যদা আৰু অংশগ্ৰহণেৰে দিখৌমুখ মিলিত শিল্পী সমাজে অনুষ্ঠিত কৰি অহা ৰাস মহোৎসৱে জনগোষ্ঠীয় সম্প্ৰীতি সমন্বয়ৰ বাৰ্তা বিলাই সমাজ জীৱনৰ বাবে আদৰ্শ দেখুওৱা বুলি উল্লেখ কৰি শিল্পী সমাজে প্ৰকৃতাৰ্থত  সমাজ সংগঠকৰ ভুমিকা লোৱাৰ বাবে শিল্পী সমাজক ধন্যবাদ জ্ঞাপন কৰে। ৰাস মহোৎসৱত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা উপস্থিত থাকি সাংসদ পুজিৰে নিৰ্মিত এটা কাৰ্যালয় গৃহ উদ্ধোধন কৰে ৷

শিৱসাগৰ