শিৱসাগৰত সংঘটিত ডকাইতি ঘটনাৰ পম খেদি সোণাৰীক গ্ৰেপ্তাৰ...

শিৱসাগৰৰ বিভিন্ন স্থানত সংঘটিত কেইবাটাও চুৰি -ডকাইতি ঘটনাৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত দুটা ডকাইতৰ স্বীকাৰোক্তিৰ ভিত্তিত শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত জয়সাগৰ আৰক্ষী চকীৰ বিষয়া জ্যোতিস্মান বৰাই

author-image
Asomiya Pratidin
New Update
doio

doio Photograph: (doio)

ডিজিটেল সংবাদ, শিৱসাগৰঃ  শিৱসাগৰৰ বিভিন্ন স্থানত সংঘটিত কেইবাটাও চুৰি -ডকাইতি ঘটনাৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত দুটা ডকাইতৰ স্বীকাৰোক্তিৰ ভিত্তিত শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত জয়সাগৰ আৰক্ষী চকীৰ বিষয়া জ্যোতিস্মান বৰাই নাজিৰাৰ এখন জুৱেলাৰীৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ এই স্বৰ্ণ বেপাৰী তথা জুৱেলাৰীৰ স্বত্বাধিকাৰী জন হ’ল গণেশ বাৰ্মা ৷

নাজিৰা চহৰৰ ৮ নং ৱাৰ্ডৰ বাসিন্দা গণেশ বাৰ্মাই “ মা কামাখ্যা” নামৰ এখন জুৱেলাৰী খুলি ব্যৱসায় অব্যাহত ৰাখিছিল এক সূত্ৰৰ পৰা জানিব পৰামতে গণেশ বাৰ্মাই ডকাইতৰ দল এটাৰ পৰা চোৰাং সোণ তথা সোণৰ আঅলংকাৰ ক্ৰয় কৰিছিল ৷ শেহতীয়া ভাৱে গণেশ বাৰ্মাই মঠিয়াছিগা দিহিঙীয়া গাঁৱৰ দুধৰ্ষ ডকাইত পৰিক্ষীত দিহিঙীয়া ওৰফে চুনু আৰু ব্ৰজেন দিহিঙীয়া ওৰফে বাচা ৰ পৰা ২ লাখ টকাত ৫০ গ্ৰাম ওজনৰ সোণৰ আঅলংকাৰ ক্ৰয় কৰিছিল ৷ জয়সাগৰ আৰক্ষীয়ে যোৱা ১৭ মাৰ্চৰ পুৱতি নিশা  মঠিয়াছিগা দিহিঙীয়া গাঁৱৰৰ দুধৰ্ষ ডকাইত পৰিক্ষীত দিহিঙীয়া ওৰফে চুনু আৰু ব্ৰজেন দিহিঙীয়া ওৰফে বাচাক গ্ৰেপ্তাৰ কৰিছিল ৷ ডকাইট দুটাৰ পৰা আৰক্ষীয়ে ৪ লক্ষাধিক টকা মুল্যৰ সোণৰ আঅলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত দুটাই ডকাইতি কৰা সোণৰ আঅলংকাৰ নাজিৰা চহৰৰ “ মা কামাখ্যা” নামৰ জুৱেলাৰীৰ গৰাকী গণেশ বাৰ্মাক বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰে ৷ যোৱা দুটা দিনধৰি আত্মগোপন কৰি থকা গণেশ বাৰ্মাক আৰক্ষীয়ে কালি পুৱতি নিশা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ গণেশ বাৰ্মাৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সোণৰ আঅলংকাৰ জব্দ কৰাৰ লগতে ৰঙা ৰঙৰ এখন আই টুৱেণ্টি গাড়ী জব্দ কৰে ৷

আৰক্ষীৰ জেৰাত গণেশ বাৰ্মাই ডকাইট দুটাৰ পৰা সোণৰ আঅলংকাৰ ক্ৰয় কৰাৰ কথা স্বীকাৰ কৰিছে। উল্লেখ্য যে পৰিক্ষীত দিহিঙীয়া আৰু ব্ৰজেন দিহিঙীয়াই যোৱা দুটা বছৰধৰি অনেক লোকৰ ঘৰত ডকাইতি কৰি ধন সোণ লুট কৰি নিয়াৰ লগতে নামঘৰৰ দানপাত্ৰ ভাঙি টকা সহিতে বিভিন্ন সামগ্ৰী চুৰিকৰি ত্ৰাসৰ সৃষ্টি কৰিছিল ৷

যোৱা ১২ মাৰ্চৰ ফুটগধূলিতে এই ডকাইত দুটাই শিৱসাগৰ জয়সাগৰ সংলগ্ন  গদাধৰ নগৰৰ মণি দত্ত নামৰ অ’ এন জি চিৰ অৱসৰপ্ৰাপ্ত ৬৫ বছৰীয়া বিষয়া গৰাকীৰ ঘৰত  প্ৰবেশ কৰি বৰ্ষীয়ান মহিলা গৰাকীৰ হাত ভৰি ৰছীৰে বন্ধাৰ লগতে মুখত সোপা দি ১০ লক্ষাধিক টকাৰ সম্পতি লুট কৰি নিয়ে ৷  উক্ত ঘটনাৰ পম খেদি আৰক্ষীয়ে দুটা ডকাইত আৰু ডকাইতৰ পৰা স্বৰ্ণ অলংকাৰ ক্ৰয় কৰা জুৱেলাৰীৰ গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়  ৷ আৰক্ষীয়ে  তিনিওটা ডকাইতক আদালতত হাজিৰ কৰাত আদালতে তিনিওটাকে কাৰাগাৰলৈ নিক্ষেপ কৰে ৷

শিৱসাগৰ