/asomiyapratidin/media/media_files/2025/03/18/1Z0qkoPUZzGk9mhrqA5L.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত জয়সাগৰ আৰক্ষী চকীৰ বিষয়া জ্যোতিস্মান বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই কালি নিশা মঠিয়াছিগা অঞ্চলৰ দুটা ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ এই ডকাইত দুটাৰ পৰা অতিকমেও ৪ লাখ টকাৰ সোণৰ আঅলংকাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷
এই ডকাইট দুটা ক্ৰমে মঠিয়াছিগা দিহিঙীয়া গাঁৱৰ পৰিক্ষীত দিহিঙীয়া ওৰফে চুনু আৰু ব্ৰজেন দিহিঙীয়া ওৰফে বাচা ৷ জানিবপৰা মতে কালি নিশা দহ বজাত আৰক্ষীয়ে ব্ৰজেন দিহিঙীয়াৰ ঘৰ ঘেৰাও কৰি এই ডকাইতটোক আটক কৰাৰ লগতে ডকাইতটোৰ ঘৰৰ পৰা চাৰি লক্ষাধিক মূল্যৰ সোণৰ আঅলংকাৰ উদ্ধাৰ কৰে ৷
ব্ৰজেন দিহিঙীয়াক মাৰথান জেৰা কৰাৰ পিছত ডকাইতটোৱে পৰিক্ষীত দিহিঙীয়া জড়িত থকাৰ কথা ব্যক্ত কৰে ৷ আৰক্ষীয়ে আজি পুৱতি নিশা প্ৰায় ২'৩০ বজাত পৰিক্ষীত দিহিঙীয়াক স্বগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ এই ডকাইত দুটাই যোৱা দুটা বছৰধৰি অনেক লোকৰ ঘৰত ডকাইতি কৰি ধন সোণ লুট কৰি নিয়াৰ লগতে নামঘৰৰ দানপাত্ৰৰ লগতে বিভিন্ন সামগ্ৰী চুৰিকৰি ত্ৰাসৰ সৃষ্টি কৰিছিল ৷
এক সুত্ৰৰ পৰা জানিব পৰামতে আৰক্ষীয়ে জিলাখনৰ ঐতিহাসিক জয়সাগৰ সংলগ্ন গদাধৰ নগৰত যোৱা ১২ মাৰ্চৰ ফুটগধূলিতে সংঘটিত হোৱা এক চাঞ্চল্যকৰ ডকাইতি ঘটনাৰ পম খেদি এই ডকাইত দুটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ উক্ত দিনা গদাধৰ নগৰৰ মণি দত্ত নামৰ অ’ এন জি চিৰ অৱসৰপ্ৰাপ্ত বিষয়া গৰাকীৰ ঘৰত ব্ৰজেন দিহিঙীয়া নামৰ ডকাইতটো প্ৰবেশ কৰি বৰ্ষীয়ান মহিলা গৰাকীৰ হাত ভৰি ৰছীৰে বন্ধাৰ লগতে মুখত সোপা দি কেইবা লক্ষাধিক টকাৰ সম্পতি লুট কৰি নিয়ে ৷
ঘৰৰ আলমিৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থানত থকা সামগ্ৰী লণ্ড ভণ্ড কৰি ডকাইটোৱে দহ লক্ষাধিক টকাৰ সোণৰ আঅলংকাৰ আৰু নগদ টকা লুটি নিছিল। পৰৱৰ্তী সময়ত জনসাধাৰণে বিষয়টো জানিব পাৰি মহিলা গৰাকীৰ হাত আৰু মুখৰ ৰছী খুলি দি জয়সাগৰ আৰক্ষীক খৱৰ দিয়ে ৷ ঘটনাৰ সময়ত মহিলা গৰাকীৰ ঘৰৰ বাহিৰত পৰিক্ষীত দিহিঙীয়াই অৱস্থান কৰিছিল ৷ উক্ত ঘটনাৰ পূৰ্বে এই ডকাইত দুটাই খৰিকটীয়া আলিৰ কাষত থকা এগৰাকী শিক্ষাবিদৰ ঘৰত প্ৰবেশ কৰি শিক্ষাবিদ গৰাকীৰ তনয়াক অস্ত্ৰৰ ভয় দেখুৱাই টকা, সোণৰ আঅলংকাৰ সহিতে বিভিন্ন সামগ্ৰী লুট কৰি নিছিল ৷
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us