শিৱসাগৰৰ চেন্নাইৰ বিখ্যাত চিকিৎসক ডাঃ নৱীনাথ মহান...

বৰ্তমান উত্তৰ আধুনিক যুগত নগৰ মহানগৰৰ জনসাধাৰণৰ দৈনন্দিন জীৱনশৈলী যথেষ্ঠ ব্যতিক্ৰমী, অতিশয় ব্যস্ততাপূৰ্ণ হৈ উঠিছে, সাম্প্ৰতিক কালত সমগ্ৰ দেশজুৰি যিবোৰ জীৱন শৈলী জনিত কাৰণত হোৱা ৰোগ চিনাক্তকৰণ কৰা হৈছে ৷

author-image
Asomiya Pratidin
New Update
bananna

ডিজিটেল সংবাদ, শিৱসাগৰঃ " বৰ্তমান উত্তৰ আধুনিক যুগত নগৰ মহানগৰৰ জনসাধাৰণৰ দৈনন্দিন জীৱনশৈলী যথেষ্ঠ ব্যতিক্ৰমী, অতিশয় ব্যস্ততাপূৰ্ণ হৈ উঠিছে, সাম্প্ৰতিক কালত সমগ্ৰ দেশজুৰি যিবোৰ জীৱন শৈলী জনিত কাৰণত হোৱা ৰোগ চিনাক্তকৰণ কৰা হৈছে ৷ সেই ৰোগবোৰৰ ভিতৰত শীৰ্ষস্থানত থকা অন্যতম ৰোগ হৈছে মধুমেহ আৰু বৃক্কৰ ৰোগ।"  আজি শিৱসাগৰ নগৰৰ ছহিদ পিয়লি ফুকন পথ ( পূব যমুনা ৰোড) অঞ্চলত আয়োজিত এখন গুৰুত্বপূৰ্ণ সংবাদ মেল সম্বোধন কৰি চেন্নাইস্থিত এছিয়ান ইন্সটিটিউট অফ নেফ্ৰ'লজি এণ্ড ইউৰ'লজিৰ বিশেষজ্ঞ চিকিৎসক ডা° নৱীনাথ মহানে এনেদৰে মন্তব্য প্ৰকাশ কৰে।

উল্লেখযোগ্য যে  ষ্টেচন চাৰিআলিস্থিত মেডিলাইফ মেডিকেল ষ্টৰৰ উদ্যোগত আজি চেন্নাইৰ পৰা অহা বিশেষজ্ঞ চিকিৎসক ডা° নৱীনাথ মহানৰ এটি বিশেষ ৰোগী পৰীক্ষা আৰু বিনামূলীয়া পৰামৰ্শ তথা সজাগতা সৃষ্টিৰ অনুষ্ঠান আয়োজন কৰা হৈছিল।

সমাজকৰ্মী ৱাছিম আলী হাজৰিকাই আঁত ধৰা এই সজাগতা আৰু বিনামূলীয়া পৰামৰ্শ প্ৰদান অনুষ্ঠানত ভাষণ প্ৰদান কৰি চেন্নাইৰ  বিশেষজ্ঞ চিকিৎসক ডা° নৱীনাথ মহানে উপস্থিত ৰাইজক মধুমেহ ৰোগৰ প্ৰাথমিক কাৰণ, মধুমেহ ৰোগৰ প্ৰাক সুৰক্ষা বিধি, মধুমেহ ৰোগ চিনাক্তকৰণ আৰু প্ৰাথমিক সময়ত মধুমেহ ৰোগৰ প্ৰাকৃতিক আৰু শাৰীৰিক ব্যায়াম পদ্ধতিৰ নিৰাময়ৰ বিষয়ে বিশদভাৱে পৰামৰ্শ প্ৰদান কৰে।

ইফালে মধুমেহ ৰোগৰ পৰাই গৈ গৈ সৰহভাগ ৰোগীৰ বৃক্ক জনিত বিভিন্ন সমস্যা, বৃক্কৰ ৰোগো আৰম্ভ হয়। ৰক্তচাপ, হৃদৰোগ, বৃক্কৰ ৰোগ তথা প্ৰাথমিক স্তৰত মধুমেহ ৰোগৰ চিনাক্তকৰণ সকলো প্ৰকাৰৰ ৰোগীৰ বাবেই অত্যন্ত গুৰুত্বপূৰ্ণ সুৰক্ষা মূলক বিষয় বুলি ডা° মহানে উল্লেখ কৰে।   মন কৰিব লগীয়া যে __ অসমৰ পৰা বহু সংখ্যক এনেবোৰ ৰোগৰ জটিল স্তৰত উন্নত চিকিৎসাৰ বাবে সততে চেন্নাইলৈ যায়। কিন্তু প্ৰাথমিক স্তৰত ৰোগ চিনাক্তকৰণ কৰাত পলম হ'লে ৰোগীৰ সমস্যা বৃদ্ধি হয়।

সেয়েহে ঐতিহাসিক শিৱসাগৰ চহৰত চেন্নাইৰ  (AINU INSTITUTES) বিখ্যাত বিশেষজ্ঞ চিকিৎসক সময়ে সময়ে  আহি উজনি অসমৰ লগতে শিৱসাগৰৰ ৰোগীসকলৰ বাবে ক্ষেত্ৰভেদে  বিনামূলীয়াকৈ আৰু ক্ষেত্ৰভেদে সুলভ মূল্যত ৰোগীৰ পৰীক্ষা, পৰামৰ্শ প্ৰদানৰ এটি সু-ব্যৱস্থা আজি শুভাৰম্ভ কৰা হয়। মধুমেহ ৰোগৰ সাধাৰণ প্ৰাথমিক কেইটামান পৰীক্ষাৰ দ্বাৰা মধুমেহ ৰোগ আৰু বৃক্কৰ বিভিন্ন ৰোগৰ আৰম্ভণি স্তৰতে সঠিক নিদান আৰম্ভ কৰিব পৰা যায়।

এই  লক্ষ্য উদ্দেশ্যক সন্মুখত লৈ শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ পূব যমুনা ৰোড অঞ্চলত অৱস্থিত মেডিলাইফ মেডিকেল ষ্টৰৰ সহযোগিতাত আজি চেন্নাইৰ (AINU INSTITUTES)  শাখাটো আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আজি বিশিষ্ট চিকিৎসক ডা° নৱীনাথ মহানে শিৱসাগৰৰ ১০ গৰাকী ৰোগীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে কেতবোৰ প্ৰয়োজনীয় ঔষধো বিতৰণ কৰে।উদ্যোক্তা সকলে চিকিৎসাৰ বাবে  চেন্নাইলৈ নিয়া ৰোগীক সহায় কৰাৰ বাবে অসম সন্তান সুমন  ছেত্ৰীৰ ৯৫৮৫৬৪৪৪৪৮  নম্বৰ ফোনত যোগাযোগ কৰিলে তেওঁ সহায় কৰিব বুলি ব্যক্ত কৰিছে ৷

শিৱসাগৰ