Advertisment

শিৱসাগৰ জিলা সাহিত্য সভাৰ দ্বিবিংশতিতম পূৰ্ণকালীন অধিবেশন

আজি পুৱা শিৱসাগৰ জিলাৰ ২২ গৰাকী ব্যক্তিয়ে ২২ খন পতাকা উত্তোলন কৰে। মূল পতাকা উত্তোলন কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি ড° নিৰুপমা মহন্তই।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ৱপৱপক

ডিজিটেল সংবাদ,শিৱসাগৰঃ “ইন্টাৰনেট, ডিজিটেল মাধ্যম আদিয়ে সাহিত্যলৈ ডাঙৰ প্ৰত্যাহ্বান আনিছে বুলি বহু লোক চিন্তিত যদিও বাস্তৱত সাহিত্যৰ ধাৰা অনাদি অনন্ত কাললৈ প্ৰবাহিত হৈ থাকিব ৷ মানুহৰ আই কিউ ১২০ হোৱাৰ বিপৰীতে কৃত্ৰিম বুদ্ধিমত্তাৰ ১৬০ যদিও আমি উদ্বিগ্ন হোৱাৰ কোনো কাৰণ নাই”- এই মন্তব্য বিশিষ্ট শিক্ষাবিদ তথা কৃষ্ণ সাহিত্যৰ গৱেষিকা ড° অৰুন্ধতী মহন্তৰ ৷ 

Advertisment

শিৱসাগৰ জিলা সাহিত্য সভাৰ দ্বিবিংশতিতম পূৰ্ণকালীন অধিৱেশনৰ সাহিত্য সম্পৰ্কীয় এক আলোচনাচক্ৰত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰি গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক গৰাকীয়ে এই মন্তব্য কৰে। ড° অৰুন্ধতী মহন্তই কয় যে, কৃত্ৰিম বুদ্ধিমত্তাই মানুহতকৈ অধিক ক্ষিপ্ৰতাৰে সমস্যাৰ সমাধান কৰে ৷ মানুহৰ আই কিউ ১২০ হোৱাৰ বিপৰীতে কৃত্ৰিম বুদ্ধিমত্তাৰ ১৬০ যদিও কৃত্ৰিম বুদ্ধিমত্তাক মানুহে বিষয়বস্তু দিব লাগে ৷ এই চিন্তা মানুহে কৰিব পাৰে ৷

লগতে তেওঁ কয় যে, এটা সময়ত জ্ঞান অন্বেষণকাৰী সকলে মানুৰ বুদ্ধিমত্তা বৃদ্ধি কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ ভাষণ প্ৰসংগ ড° অৰুন্ধতী মহন্তই আমাৰ ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত সকলোকে শুদ্ধ ৰূপত অসমীয়া ভাষা ব্যৱহাৰৰ আহ্বান জনায় ৷ সামাজিক মাধ্যম, কম্পিউটাৰ, ৱেবছাইট আদিটো অসমীয়া ভাষা শুদ্ধ ৰূপত ব্যৱহাৰ কৰাৰ বাবে তেওঁ মুকলি আহ্বান জনায়।

উল্লেখ্য যে, সমন্বয় শাখা সাহিত্য সভাৰ উদ্যোগত আৰু বৃহত্তৰ কো‍ঁৱৰপুৰ বাসীৰ সহযোগত যোৱা ২৪ জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কোঁৱৰপুৰৰ বলিয়াঘাটত অৱস্থিত কৃষ্টি বিকাশ সমাজ প্ৰেক্ষাগৃহত তথা সাহিত্যিক খগেন বৰুৱা সোঁৱৰণী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে শিৱসাগৰ জিলা সাহিত্য সভাৰ দ্বা বিংশতিতম পূৰ্ণকালীন অধিবেশন।

আজি পুৱা শিৱসাগৰ জিলাৰ ২২ গৰাকী ব্যক্তিয়ে ২২ খন পতাকা উত্তোলন কৰে। মূল পতাকা উত্তোলন কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি ড° নিৰুপমা মহন্তই। স্মৃতি তৰ্পণ কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ উপসভাপতি বিনোৱা টায়ে আৰু সমন্বয় শাখা সাহিত্য সভাৰ সম্পাদক কল্পনা বৰুৱা দত্তই। ইয়াৰ পাছত শংকৰদেৱ জাতীয় বিদ্যালয়ত অনুষ্ঠিত প্ৰতিনিধি সভা উদ্বোধন কৰে আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি অজিত কুমাৰ নেওগে। 

ইয়াৰ পাছত সাহিত্য সৃষ্টিৰ ব্যৱহাৰিক মাধ্যম আৰু অসমীয়া সাহিত্যৰ ভৱিষ্যত বিষয়ত অনুষ্ঠিত আলোচনা চক্ৰ সঞ্চালনা কৰে ড° নিৰুপমা মহন্তই। আলোচক হিচাপে অংশগ্ৰহণ কৰে ড° অৰুন্ধতী মহন্ত আৰু ড° ৰীতামণি বৰাই। প্ৰথম দিনা পুৱা সাহিত্যিক খগেন বৰুৱা সোঁৱৰণী সমন্বয় ক্ষেত্ৰ শুভ উদ্বোধন কৰে আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ সভাপতি হাৰুণল ৰছিদে। অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে সমন্বয় শাখা সাহিত্য সভাৰ সভাপতি মাণিক চন্দ্ৰ গগৈ, আদৰণী সমিতিৰ সভাপতি ড° প্ৰশান্ত কুমাৰ চুতীয়াই।

ইয়াৰ পাছত সাহিত্যিক পুষ্প গগৈ সোঁৱৰণী গ্ৰন্থমেলা আৰু বিজ্ঞান মেলা উদ্বোধন কৰে অ' এন জি চিৰ অৱসৰী মুখ্য অভিযন্তা বুদ্ধেশ্বৰ চুতীয়াই। স্বাধীনতা সংগ্ৰামী বংশী বৰুৱা সোঁৱৰণী শিৱসাগৰ জিলা ভিত্তিত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে কোঁৱৰপুৰ ৰাস আৰু শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি গোবিন চন্দ্ৰ বড়াই। সাহিত্যিক মহেশ্বৰ নেওগ আৰু ডিম্বেশ্বৰ নেওগ সোঁৱৰণী মঞ্চ উদ্বোধন কৰে শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ বিপুল বৰকটকীয়ে।

বকুল বন বঁটা প্ৰাপক কেৰিমুদ্দিন আহমেদ সোঁৱৰণী সাহিত্য আৰু যুৱ প্ৰজন্মৰ ভূমিকা বিষয়ত বক্তৃতা প্ৰদান কৰে জাতীয়-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি সকলে। সদৌ অসম মইনা পাৰিজাতৰ সহকাৰী সম্পাদক মোহন চন্দ্ৰ দত্তই উদ্বোধন কৰা বক্তৃতা প্ৰদান অনুষ্ঠানটো সঞ্চালনা কৰে জাতীয় সংগ্ৰামী সেনাৰ চিতু বৰুৱাই।

উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সভাপতি মণিৰুল ইছলাম বড়া, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ পৰশজ্যোতি দাস,অসমীয়া যুৱ মঞ্চৰ বিষ্ণু শইকীয়া আৰু সংগ্ৰামী সেনাৰ পংকজ খাউণ্ডে। ইয়াৰ পাছত ৰামধেনু যুগৰ কবি শশীকান্ত গগৈ সোঁৱৰণী কবি সন্মিলন সঞ্চালনা কৰে পুঞ্জন বৰুৱাই। উদ্বোধন কৰে দিপালী ভট্টাচাৰ্য বৰুৱাই।

কবি সন্মিলনত প্ৰাঞ্জল বুঢ়াগোহাঁই, ড° কিশোৰ কুমাৰ দেউৰী, ড° সীমান্ত বৰুৱা, মনোৰঞ্জন টায়ে,অঞ্জনা ৰূপা দাস,বৰিস্মৃতা ফুকন,অনুজ য়েইন, বিপ্লৱ চেতিয়া,জিতেন নাথ,ধন্যৰাম পাংগিং,জনম খনিকৰ,  মনোৰঞ্জন বৰগোঁহাই, মৃণাল ৰঞ্জন গগৈ, নিৰু চেতিয়া হাজৰিকা, দীতিমণি দত্ত, মোহন চন্দ্ৰ দত্ত আদি ব্যক্তি সকলে কবিতা পাঠ কৰে।

শিৱসাগৰ