শিৱসাগৰত পুনৰ বহিৰাগত যুৱকৰ অসৎ কৰ্ম...

শিৱসাগৰত পুনৰ বহিৰাগত যুৱকৰ অসৎ কৰ্ম...

author-image
Asomiya Pratidin
New Update
শিৱসাগৰত পুনৰ বহিৰাগত যুৱকৰ অসৎ কৰ্ম...

ডিজিটেল সংবাদ, নামতিঃ শিৱসাগৰ জিলাৰ নামতি চাৰিআলিত এগৰাকী অসমীয়া যুৱতীক বিহাৰৰ এজন যুৱকে আক্ৰমণ কৰা ঘটনাৰ মান নৌ যাওঁতেই পুনৰ জিলাখনৰ গেলেকীৰ পৰা আন এজন বিহাৰৰ যুৱকে প্ৰলোভনেৰে এগৰাকী ১৪ বছৰীয়া অসমীয়া কিশোৰীক পলোৱাই লৈ যায় ।

Advertisment

উক্ত ঘটনাৰ খবৰ পোৱাৰ লগে লগে গেলেকী অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ॥ জানিব পৰা মতে, গেলেকী চাৰিআলিৰ বাছ ষ্টেণ্ডৰ সন্মুখত থকা "ভৰত হোটেল" নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানখনত চনু শ্বাহ নামৰ বিহাৰী সম্প্ৰদায়ৰ যুৱক কৰ্মচাৰী হিচাপে আছিল।

সেই চনু শ্বাহ নামৰ প্ৰায় ২২ বছৰীয়া যুৱকজনে গেলেকী চাৰি আলিৰ পৰা এগৰাকী পিতৃহাৰা ১৪ বছৰীয়া কিশোৰীক সন্ধিয়া পলোৱাই লৈ যায় ॥ বিহাৰৰ সমষ্টিপুৰ জিলাৰ ৰাজঘাটৰ যুৱক চনু শ্বাহৱে কিছুদিন পূৰ্বে ভৰত চাহ হোটেলত যোগদান কৰিছিল যদিও হোটেলৰ স্বত্বাধিকাৰীজনে যুৱকজনৰ কোনো ধৰণৰ নথি-পত্ৰ জামা লোৱা নাছিল বুলি জানিব পৰা গৈছে।

ইফালে একমাত্ৰ কন্যাক হেৰুৱাই হিয়া ঢাকুৰি কান্দিছে স্বামী হাৰা কিশোৰীগৰাকীৰ মাতৃ নাজিমা বেগম। ইতিমধ্যে, নাজিমা বেগমে গেলেকী আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰা পাছতে আৰক্ষীয়ে তীব্ৰগতিত তদন্ত আৰম্ভ কৰিছে ॥ স্থানীয় একাংশ সচেতন লোকে "ভৰত চাহ নামৰ হোটেল"ৰ স্বত্বাধিকাৰীক অনতি পলমে কিশোৰীগৰাকীক বিহাৰী যুৱক জনৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ দাবী জনাইছে।

শিৱসাগৰ