শিৱসাগৰত অধিবক্তাৰ ঘৰত চুৰি কাণ্ড...

গুৱাহাটীৰ পৰা অনুসন্ধানকাৰী ফ্ৰিংগাৰ প্ৰিন্টৰ দল মোতায়েন, ৪০ লাখ টকীয়া চুৰি কাণ্ডৰ সন্দৰ্ভত ডি এচ পিৰ সংবাদমেল
শিৱসাগৰত অধিবক্তাৰ ঘৰত চুৰি কাণ্ড...

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চহৰৰ মাজমজিয়াৰ মেলাচকৰ হীৰালাল বৰা পথৰ নিৱাসী এগৰাকী অধিবক্তাৰ গৃহৰ পৰা এটা চোৰৰ দলে নগদ ৪০ লাখ টকা লুটি নিয়াৰ ঘটনাই সমগ্ৰ জিলাখনতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

অধিবক্তা প্ৰসিদ্ধ কুমাৰ বৰাৰ ঘৰৰ পৰা নগদ ৪০ লাখ টকা লুটি নিয়াৰ সন্দৰ্ভত অধিবক্তা গৰাকীয়ে শুকুৰবাৰে দুপৰীয়া শিৱসাগৰ সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ দাখিল কৰা এজাহাৰৰ পৰা জানিব পৰা মতে, প্ৰসিদ্ধ কুমাৰ বৰাই বিগত ২১ অক্টোবৰ তাৰিখে মঙলদৈলৈ ফুৰিব গৈছিল ৷ ২১ অক্টোবৰৰ পৰা অনুপস্থিত প্ৰসিদ্ধ কুমাৰ বৰা আজি মেলাচকৰস্থিত বাসগৃহলৈ আহি দেখে যে ঘৰৰ মূল দৰ্জাত তলা নাই ৷ লগে লগে অধিবক্তা গৰাকীয়ে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ভালদৰে চোৱাত আলমিৰাত জমা থকা নগদ ৪০ লাখ টকাও চোৰে লুটি লৈ গৈছে ৷

অধিবক্তা গৰাকীয়ে এজাহাৰত নগদ জমা থকা ৪০ লাখ টকা মাটি ক্ৰয় কৰিবৰ বাবে বিভিন্ন ব্যক্তিৰ পৰা ধাৰ লৈ গোটাই ৰাখিছিল বুলি উল্লেখ কৰিছে ৷ ইফালে চহৰৰ মাজমজিয়াৰ অতি সুৰক্ষিত তথা সম্ভ্ৰান্ত অঞ্চলটোত সংঘটিত চুৰি কাণ্ডক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

শিৱসাগৰ আৰক্ষীক এই কথা অৱগত কৰাৰ পিছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ আৰক্ষীয়ে অতি পৰিকল্পিতভাৱে সংঘটিত ৪০ লাখ টকীয়া লুট কাণ্ডৰ আঁৰৰ ৰহস্য উদঘাটন আৰু অপৰাধীক কৰায়ত্ব কৰাৰ স্বাৰ্থতেই গুৱাহাটীৰ পৰা ফ্ৰিংগাৰ প্ৰিন্ট এস্কপাৰ্টৰ এটা দল ঘটনাস্থলীলৈ আমন্ত্ৰণ জনয় ৷

যাৰ বাবে শিৱসাগৰ আৰক্ষীয়ে ঘৰটো সম্পুৰ্ণৰূপে চীল কৰি অনুসন্ধানকাৰী ফ্ৰিংগাৰ প্ৰিন্ট এস্কপাৰ্টৰ দলটোৰ আগমণৰ বাবে অপেক্ষা কৰিছে ৷ চাঞ্চল্যকৰ চুৰি কাণ্ডৰ সন্দৰ্ভত আজি সন্ধিয়া শিৱসাগৰ আৰক্ষী প্ৰশাসনে এখন জৰুৰী সংবাদমেলৰ আয়োজন কৰে ৷ সদৰ উপ আৰক্ষী অধীক্ষক ডেইজী গগৈয়ে সম্বোধন কৰা সংবাদমেল খনত বিষয়া গৰাকীয়ে নগদ ৪০ লাখ টকা চুৰি হোৱাৰ সন্দৰ্ভত প্ৰসিদ্ধ কুমাৰ বৰাৰ পৰা এখন এজাহাৰ লাভ কৰাৰ কথা জানিবলৈ দিয়াৰ লগতে ঘটনাৰ সন্দৰ্ভদ ৪০২/ ২০২২ নম্বৰৰ বিপৰীতে ভাৰতীয় দণ্ডবিধি ৩৮০ ধাৰাৰ অধীনত অনুসন্ধান চলোৱাৰ কথা অৱগত কৰে ৷

কিন্তু সাংবাদিকে ইমান বৃহৎ পৰিমাণৰ ধনৰ উৎস কি আৰু এই ধন বেংকৰ পৰিৱৰ্তে কিয় ঘৰত জমা ৰাখিছিল সেই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত বিষয়াগৰাকীয়ে অনুসন্ধানৰ খাতিৰত উত্তৰ দিয়াৰ পৰা বিৰত থাকে ৷

অন্যহাতে ঘটনা অৱগত হোৱাৰ সম্পূৰ্ণ ৫ ঘন্টাৰ পিছতহে দুপৰীয়া ১-৩০ বজাত সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা প্ৰসিদ্ধ কুমাৰ বৰাই সংবাদ মাধ্যমৰ সন্মুখত ৪০ লাখ টকা চুৰি হৈছে বুলি কোৱাৰ বাদে অন্য কোনো কথা ব্যক্ত কৰা নাই ৷ এগৰাকী অধিবক্তাৰ গৃহত ৪০ লাখ টকা জমা ৰখাৰ ঘটনাই বহু প্ৰশ্নৰ উদ্ৰেগ ঘটাইছে ৷

যিহেতু নগদ লেন দেনৰ প্ৰক্ৰিয়া ইতিমধ্যে বহু ক্ষেত্ৰত বাৰণ কৰাৰ সময়তেই এগৰাকী অধিবক্তাই ৪০ লাখ কৈ টকা বেংকৰ পৰিৱৰ্তে কিয় ঘৰত জমা ৰাখিল তাকলৈও প্ৰশ্নৰ সৃষ্টি হৈছে ৷

আনহাতে ৪০ লাখকৈ ধন ঘৰত জমা কৰি কিয় প্ৰসিদ্ধ কুমাৰ বৰাই ৮ টাকৈ দিন ঘৰ এৰি বাহিৰত থকাৰ ঘটনাকো ৰাইজে সহজ ভাৱে ল'ব পৰা নাই ৷ উল্লেখ্য যে, প্ৰসিদ্ধ কুমাৰ বৰাৰ পত্নী বৰ্তমান মঙলদৈৰ মুখ্য ন্যায়িক দণ্ডাধীশ হিচাবে কৰ্মৰত।স্বাভাৱিকতেই অধিবক্তা, দণ্ডাধীশেৰে পৰিৱেষ্টিত এটা পৰিয়ালৰ ঘৰৰ পৰা গৃহস্থৰ অনুপস্থিতিত নগদ আলমিৰাত জমা থকা ৪০ লাখকৈ টকা চুৰে লুটি নিয়াৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সৰৱ চৰ্চা আৰম্ভ হৈছে ৷

ৰাইজে এই ঘটনাৰ এক উচ্চস্তৰীয় তদন্ত আৰু দোষীক গ্ৰেপ্তাৰেৰে ৰহস্য ফাদিল কৰিবলৈ আহব্বান জনাইছে ৷ শেহতীয়া ভাৱে গুৱাহাটীৰ পৰা অহা অনুসন্ধানকাৰী দলে ঘৰটোত প্ৰবেশ কৰি অনুসন্ধান আৰম্ভ কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in