সদৌ অসম লেখিকা সমাৰোহৰ ঊনত্রিংশতিতম দ্বি-বার্ষিক  অধিৱেশনৰ সফল সামৰণি...

৬৮ গৰাকী লেখিকাক সদস্যৰ ৰত্ন উপাধি প্ৰদান

author-image
Asomiya Pratidin
New Update
সদৌ অসম লেখিকা সমাৰোহৰ ঊনত্রিংশতিতম দ্বি-বার্ষিক  অধিৱেশনৰ সফল সামৰণি...

LEKHIKA SAMAROH

ডিজিটেল সংবাদ, শিৱসাগৰঃ  সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে শিৱসাগৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত কৰা ঊনত্রিংশতিতম দ্বি-বার্ষিক অধিবেশন দেওবাৰে সফলভাৱে সামৰণি পৰে ৷ লেখিকা সমাৰোহৰ নতুন সমিতিৰ সভাপতি ৰূপে নিৰ্বাচিত হয় বোকাখাটৰ সুবৰ্ণ শইকীয়া বৰদলৈ ৷

Advertisment

আজি সামৰণিৰ দিনা শিৱসাগৰ চহৰত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই ৷ বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলে গীত নৃত্য পৰিবেশন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ মুকলি সভা উদ্বোধন কৰে সাহিত্যাচাৰ্য ড° নাহেন্দ্ৰ পাদুনে ৷

ড° চাৰু চহৰীয়া নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিৰ্দিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখিকা ড° কৰবী ডেকা হাজৰিকাই ৷

উল্লেখ্য যে, এই অধিবেশনত  ভাষা সাহিত্যলৈ অৱদান আগবঢ়াই অহা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৬৮  গৰাকী বিশিষ্টা লেখিকাক সদস্যা ৰত্না উপাধি প্ৰদান কৰে ৷  বিশিষ্টা লেখিকা ড° জয়শ্ৰী বৰাই সভাখন উদ্বোধন কৰি বঁটা কিম্বা উপাধি লাভ কৰা সকলৰ দায়িত্ব বৃদ্ধি পোৱা বুলি মন্তব্য কৰে ৷

শিৱসাগৰ জিলাৰ গড়গাওঁ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা তথা বিশিষ্টা লেখিকা ড° অৰুন্ধতী মহন্তক সদস্যা ৰত্ন উপাধী প্ৰদান কৰে ৷

বিভিন্ন গ্ৰন্থ ৰচনা আৰু সম্পাদনাৰে সাহিত্যৰ ভড়াল চহকী কৰা ড° অৰুন্ধতী মহন্তৰ লজতে নাৰী মুক্তিৰ বাবে যোৱা প্ৰায় পাঁচটা দশক কাম কৰি অহা বিশিষ্টা লেখিকা মণিকা শইকীয়াকো সদস্যা ৰত্ন উপাধি  প্ৰদান কৰা হয় ৷ 

কাৰ্বি আংলং ডিফুৰ বিশিষ্টা লেখিকা সাবিত্ৰী গগৈক সদস্যা ৰত্না উপাধী প্ৰদান কৰে ৷ ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী সাবিত্ৰী গগৈক  ইয়াৰ পূৰ্ৱে প্ৰেৰণাময়ী উপাধি প্ৰদান কৰিছিল ৷

অসমৰ বৰ্ণিল  জনগোষ্ঠী গ্ৰন্থৰ লগতে তেওঁ ভালেসংখ্যক গ্ৰন্থ সম্পাদনা কৰিছে ৷ একেখন জিলাৰ গীতাঞ্জলি দাস ক্ৰ, গীতাঞ্জলি শৰ্মা, মাজুলীৰ মিনতি শইকীয়া, কামৰূপ মহানগৰৰ নন্দিতা চলিহা, অৰ্পণা গোস্বামী, কামৰূপ জিলাৰ গৌৰী মহন্ত, তিনিচুকীয়াৰ অনুৰূপা ৰাজখোৱা, যোৰহাটৰ স্বপ্ন শইকীয়া, অপৰাজিতা বৰপূজাৰী, বিনু শইকীয়া , শকুন্তলা দেৱী আৰু ড° বন্দিতা গোস্বামী শইকীয়াক এই উপাধি প্ৰদান কৰা হয় ৷

শিৱসাগৰৰ বোৱাৰী তথা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ তনয়া জয়শ্ৰী চলিহা,ঊষা শইকীয়া, গুণৱতী মিলি, ৰেণু বৰুৱা, অমিয়া ফুকন, দেৰগাঁৱৰ অনিমা দেৱী, ৰেণু বৰা, বীণা ঠাকুৰ বেজবৰুৱা, ডিব্ৰুগড়ৰৰ দীপিকা কটকী, ৰেণু শৰ্মা, ড° গুণলতা বৰুৱা, ওদালগুৰিৰ চম্পা  হাজৰিকা ডেকা, ধেমাজিৰ কৰৱী দেউৰী আৰু লক্ষী বৰগোহাঁইক সদস্যা ৰত্ন উপাধি প্ৰদান কৰা হয় ৷

ধুবুৰীৰ জ্যোৎস্না দাস, কুন্তলা কোচ, গোলাঘাটৰ ডালিমী শইকীয়া বৰা, জয়ন্তী হিলৈদাৰী, বীণা ৰাজকুমাৰী, অমিয়া বৰগোহাঁই, কল্পনা চেতিয়া, গুণপ্ৰভা বৰা, চন্দ্ৰপ্ৰভা চেতিয়া, চন্দ্ৰপ্ৰভা শইকীয়া ডেকা, শোনিতপুৰৰ কমলা গোস্বামী, বন গোঁহাই, ৰাণু হাজৰিকা আৰু  অনুৰূপা বৰাক এই উপাধি প্ৰদান কৰা হয় ৷

ড° থুনু কলিতা, সুৱৰ্ণলতা মহন্ত আৰু গীতাঞ্জলি কলিতাই আঁত ধৰা অনুষ্ঠানটোত বিশ্বনাথ চাৰিআলিৰ নিকুঞ্জ কোঁৱৰ মহন্ত, নলবাৰীৰ ক্ষীৰদা বুজৰবৰুৱা, অনুপমা দেৱী, বৰপেটাৰ তৰু দাস কাকতি, নীলিমা ৰণা পাটগিৰী, বিনয়াবালা ডাকুৱা, বঙাইগাঁৱৰ যামিনী দেৱী, জ্যোৎস্নাপ্ৰিয়া দেৱী, হিন্দুমতি শইকীয়া সিংহ, গোৱালপাৰাৰ গীতা দাস, নিৰলা নিৰ্মল বড়ো, জয়ন্তী দাস, দৰং জিলাৰ হংসেশ্বৰী শইকীয়া, লতা দেৱী, নলিনী দেৱী, বীণাপাণি দেৱী, লখিমপুৰ স্বপ্না দেৱী, ক্ষীৰদা কাকতি, মৰিগাঁৱৰ পোনাদেৱী মহন্ত, বাণী বৰুৱা, নগাঁৱৰ বীণাপাণি শৰ্মা, দীপা বৰুৱা, সাৱিত্ৰী ভূঞা গগৈ, কমলা বেজবৰুৱাৰ আৰু কলিয়াবৰৰ মামনি ভূঞা হাজৰিকাক সদস্যা ৰত্না উপাধি প্ৰদান কৰা হয় ৷ আজি ভিন্ন প্রেক্ষাপটত ১২ গৰাকী বিশিষ্ট লেখকক বঁটা প্ৰদান কৰা হয়।

এই সভাত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ড° চাৰু চহৰীয়া নাথক প্ৰাজ্ঞ ভাৰতী আৰু কাৰ্য্যকৰী সভানেত্রী সুবৰ্ণ শইকীয়া বৰদলৈক জাগৃতি মনিষা উপাধি প্ৰদান কৰা হয় ।

তদুপৰি ডা° নীলিমা ঠাকুৰীয়া হকক কাব্য ভাৰতী নলিনীবালা দেৱী বঁটা, স্বৰ্ণ বৰুৱা গগৈক  পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা, ড° বিভা বৰাক সমাজৰত্ন আৰতী শইকীয়া সোঁৱৰণি সমাজ সাহিত্য বঁটা, ড° নিৰুপমা মহন্তক লেখিকা সমাৰোহ সাহিত্য বঁটা ২০১৯, জুৰি বৰা বৰগোহাঁইক লেখিকা সমাৰোহ সাহিত্য বঁটা ২০২০, আভা বৰাক বীণা শৰ্মা স্মৃতি শিশু সাহিত্য বঁটা, অনুপমা দেৱীক ড° ইন্দিৰা দত্ত অনুবাদ সাহিত্য বঁটা, দৰ্পণা বৰা নেওগক হেমচন্দ্ৰ শৰ্মা স্মৃতি বঁটা, স্বৰ্ণ হাজৰিকাক সম্প্ৰতি শইকীয়া স্মৃতি বঁটা, ড° মৌচুমী চহৰীয়াক জিনু কোঁৱৰ সোঁৱৰণি সংস্কৃতি সাধনা বঁটা আৰু চন্দ্ৰা বৰ্মনক অনুভা বৰুৱা লেখিকা গৰিমা বঁটা প্ৰদান কৰে ৷

assam sivsagar