/asomiyapratidin/media/media_files/2025/04/28/n5lZhRss5rA6Zj1krSBQ.jpg)
ডিজিটেল সংবাদ,শিৱসাগৰঃ আজি শিৱসাগৰত ইছলামীক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আজি ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক খিলঞ্জীয়া মুছলমান ৷ সহস্ৰাধিক মুছলমান পুৰুষ-মহিলাই পাকিস্তান মুৰ্দাবাদ, হত্যাকাৰী নিপাত যাওক আদি সন্ত্ৰাসবাদ বিৰোধী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।
ঐতিহাসিক ৰংঘৰৰ সন্মুখৰ পৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে হুংকাৰ দি খিলঞ্জীয়া মুছলমান পুৰুষ মহিলাই চহৰৰ দিশে এক সমদল উলিয়াই। উজনি অসম থলুৱা মুছলিম পৰিষদৰ নেতৃত্বত ৰংঘৰৰ সমুখৰ পৰা এই প্ৰতিবাদী সমদল বাহিৰ কৰে।
পাকিস্তানৰ সৈতে ভাৰতৰ সকলো সম্বন্ধ চেদ কৰাৰ পোষকতা কৰে প্ৰতিবাদকাৰী সকলে ৷ পাকিস্তানৰ ঘৰৰ ভিতৰত সোমাই সন্ত্ৰাসবাদীক নিঃশেষ কৰিবলৈ প্ৰতিবাদথলীৰ পৰা আহ্বান জনাই সংগঠনটোৰ নেতা ফৰিদ ইছলাম হাজৰিকাই ৷ ভাৰতৰ শান্তি শৃংখল কোনো কাৰণতে যাতে বিঘ্নিত নহয় তাৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে ৷