শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত সদৌ অসম মেকআপ প্ৰতিযোগিতাৰ সফল সামৰণি...

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত  সদৌ অসম মেকআপ প্ৰতিযোগিতাৰ সফল সামৰণি...
Published on
Updated on

ডিজিটেল সংবাদ, শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ উদ্যোগত তথা দক্ষতা কেন্দ্ৰ আৰু ইংৰাজী বিভাগৰ সহযোগত সদৌ অসম ভিত্তিত এখনি মেক্ আপ প্ৰতিযোগিতা অনুষ্ঠিত কৰে । বৰ্তমান দক্ষতা কেন্দ্ৰত অধ্যয়নত ছাত্ৰী সকলৰ , বিগত বৰ্ষত উত্তীৰ্ণ ছাত্ৰী তথা ৰাজ‍্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগী সকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্তই প্ৰতিযোগীতাখন শুভ উদ্বোধন কৰে । লগতে উপস্থিত থাকে মহাবিদ্যালয় খনৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা ড° লখিমী দত্ত , প্ৰবক্তা প্ৰিয়ম বৰগোহাঁই, দক্ষতা কেন্দ্ৰ ৰ অধ্যাপক ড° মৃণাল কুমাৰ দত্ত , দক্ষতা কেন্দ্ৰৰ তত্বৱাধক জ্যোতি দত্ত । আক্ৰাম হুছেইনৰ পৰিচালনাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনিত বিচাৰক হিচাবে উপষ্ঠিত থাকে সৌন্দৰ্য্য চৰ্চাবিদ তথা মেক আপ প্ৰশিক্ষক ৰুবি নেওঁগ আৰু মামপি শইকীয়াই ।

প্ৰতিযোগীতাখনিত মহাবিদ্যালয় খনৰ দক্ষতা কেন্দ্ৰৰ প্ৰাক্তন ছাত্ৰী তথা বৰ্তমান দক্ষতা বিভাগৰ চৰকাৰী চাকৰি প্ৰাপ্ত জ্যোতি চাহুক সম্বৰ্ধনা জনোৱাৰ লগতে সমাজৰ বিভিন্ন দিশত আন মহিলা আৰু যুৱতী সকলক স্বাৱলম্বী হোৱাৰ পথ দেখুওৱা তথা আদৰ্শ হিচাবে নিজকে প্ৰতিষ্ঠা কৰা ক্ৰমে স্মৃতিৰেখা চেতিয়া,প্ৰণতি গগৈ,ৰেজিনা বেগম ,পাপৰি গগৈ ,মুস্তাক আলী , সত্যজিৎ দেওধাই ফুকন ,পলি নায়ক ,জোণমনি শৰ্মা ,প্ৰিয়ংকা দাস আৰু পাপু আহমেদক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয় ।

উল্লেখযোগ্য যে ২০১২ চনৰ পৰাই শিৱসাগৰ বাণিজ্যি মহাবিদ্যালয়ত , দক্ষতা কেন্দ্ৰ, হস্পিটেলেটি মেনেজমেণ্ট ,ইভেন মেনেজমেন্টত বহু ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি পৰবৰ্তী সময়ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো তেওঁলোক নিজ নিজ বিভাগৰ কৰ্মত নিয়োজিত হবলৈ সক্ষম হৈছে । এইয়া হৈছে মহাবিদ্যালযখনৰ আন এক উল্লেখযোগ্য কৃতিত্ব ।

মেক্ আপ প্ৰতিযোগিখনিত শ্ৰেষ্ঠ কষ্টিউম ৰ সন্মান লাভ কৰে ক্ৰমে আৰিফা বেগম আৰু আকচিতা মজুমদাৰে , শ্ৰেষ্ঠ আই মেক্ আপ লাভ কৰে চন্দনা হাতিমূৰীয়া আৰু পূৰৱী শইকীয়াই । শ্ৰেষ্ঠ নিউদ মেক্ আপ ৰ সন্মান লাভ কৰে লাকী সন্দিকৈয়ে, শ্ৰেষ্ঠ হেয়াৰ ষ্টাইলৰ সন্মান লাভ কৰে ৰিংকুমণি বৰগোহাঁই য়ে।শ্ৰেষ্ঠ চেল্ফ মেক্ আপৰ সন্মান লাভ কৰে ৰিংকু দাসে । তৃতীয় শ্ৰেষ্ঠ মেক্ আপ আৰ্টিষ্টিৰ সন্মান লাভ কৰে নেহা‌ ৰহমানে । দ্বিতীয় শ্ৰেষ্ঠ মেক্ আপ আৰ্টিষ্টিৰ সন্মান লাভ কৰে পূৰৱী নেওঁগ য়ে আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ মেক্ আপ আৰ্টিষ্টিৰ সন্মান লাভ কৰে দিৰ্পন বিউটি পাৰ্লাৰৰ ছাত্ৰী নিহাৰিকা বৰুৱাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in