/asomiyapratidin/media/media_files/2025/01/21/VhKqkZwSinZ7Dk7gvctA.jpg)
ডিজিটেল সংবাদ,শিৱসাগৰঃ আহোম যুগৰ ৰাজধানী ৰংপুৰৰ গাতেই লাগি থকা ঐতিহাসিক হাতীখোঁক গাঁৱত একাংশ সমাজ সচেতন লোকে নাৰী শিক্ষাৰ উদ্দেশ্য আগত ৰাখি প্ৰতিষ্ঠা কৰা মাদ্ৰাছাতুল বানাতৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ সফলভাৱে সামৰণি পৰে৷ এই ছোৱালী মাদ্ৰাছাত ইছলামিক শিক্ষাৰ সমান্তৰালকৈ বিজ্ঞানক সামৰি আধুনিক শিক্ষা প্ৰদান কৰা হয় ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোৱা ১৬ বছৰ ধৰি এই শিক্ষানুষ্ঠানৰ উতীৰ্ণৰ হাৰ ১০০ শতাংশ ৷
দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰূপালী জয়ন্তী অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা “ মঞ্জিমা” নামৰ স্মৃতিগ্ৰন্থ খনি উন্মোচন কৰে বিশিষ্ট কবি সাহিত্যিক তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই । তেওঁ কয় যে,কেৱল পুৰুষৰ সৱলীকৰণে এখন সমাজ শক্তিশালী হ’ব নোৱাৰে। এখন সৱল সমাজ তথা ৰাষ্ট্ৰ গঠন কৰিবলৈ হ’লে নাৰীসকলকো সমানে আগুৱাই নিব লাগিব। নাৰীসকলক প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰিব লাগিব।
ইছলাম ধৰ্মই নাৰীক আটাইতকৈ বেছি মৰ্যাদা প্ৰদান কৰিছে। সকলো ধৰ্মই নাৰীক,মাতৃজাতিক আটাইতকৈ উচ্চ মৰ্যাদা প্ৰদান কৰিছে। কিন্তু পুৰুষতান্ত্ৰীক সমাজব্যৱস্থাত কৰবাত নহয় কৰবাত মহিলাৰ অধিকাৰ খৰ্ব হোৱা দেখা যায়। সৰ্বাংগসুন্দৰ আৰু উন্নত সমাজ আৰু দেশ নিৰ্মাণ কৰিবলৈ হ’লে আমি নাৰীসকলক শিক্ষিত কৰি তুলিবই লাগিব।
আন এক প্ৰসংগত তেওঁ ভাৰতৰ স্বাধীনতাৰ পিছত কৰবাত কৰবাত ধৰ্মৰ ভুল ব্যাখ্যাৰ বাবে ইছলাম সমাজৰ মহিলাসকল শিক্ষাৰ ক্ষেত্ৰত অনাকাংক্ষিতভাৱে পিছ পৰি ৰল বুলি কোৱাৰ লগতে ২০২৪ ৰ সামগ্রিক শিক্ষিত হাৰৰ ক্ষেত্ৰত অসমৰ মুছলমান নাৰীৰ হাৰ হৈছে মাত্ৰ ৩০ শতাংশ। ই এক দুখলগা অৱস্থা বুলি ব্যক্ত কৰাৰ লগতে পুৰুষ সকলৰ সমান্তৰালকৈ নাৰীসকলক আগুৱাই নিব লাগিব বুলি উল্লেখ কৰে। উল্লেখ্য যে স্মৃতিগ্ৰন্থ খনি সম্পাদনা কৰে নজিউল্লা আৰু ৰচিদ উল্লাহে ৷
পৰিচালনা সমিতিৰ সম্পাদক আবেদ উল্লাহ আৰু আতিকুৰ হাজৰিকাই আঁত ধৰা অনুষ্ঠানৰ পিছতেই অনুষ্ঠিত হোৱা মুকলি সভাত নিদিষ্ট বক্তা হিচাপে অংশগ্রহণ কৰি বিশিষ্ট শিক্ষাবিদ তথা খ্যাতনামা লেখক ড° দেবব্রত শৰ্মাই ভাৰতীয় আৰু অসমৰ প্ৰেক্ষাপটত মুছলমান নাৰীসকলৰ শিক্ষাৰ দিশটোৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ লগতে ইতিহাসত মুছলমান পুৰুষ- মহিলাৰ অৱদানৰ বিষয়ে বিস্তৃত বৰ্ণনা দিয়ে।
ড° দেৱব্ৰত শৰ্মাই সমগ্ৰ দেশত ইতিহাস বিকৃত কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ মহাবীৰ লাচিত বৰফুকনৰ পালি সেনাপতি ইছমাইল চিদ্দিকি অৰ্থাৎ বাঘ হাজৰিকাক নস্যাৎ কৰা হৈছে ৷ লাচিত বৰফুকনকো উপহাস কৰা হৈছে। তেওঁ কয় বিজয়েন্দ্ৰ প্ৰসাদ আৰু কুলপ্ৰীত যাদৱে শেহতীয়াকৈ ৰচনা কৰা “ ব্ৰহ্মপুত্ৰ ” নামৰ গ্ৰন্থত লাচিত বৰফুকনক অপমান কৰা হৈছে ৷ লাচিত বৰফুকনে সাহস , বীৰত্ব আৰু বুদ্ধিমত্তাৰে মোগলক পৰাজিত কৰাৰ পৰিবৰ্তে ঘঁৰিয়ালেহে শৰাইঘাটৰ যোদ্ধা জয়ী কৰোৱা দেখুৱাইছে ৷
ড° দেৱব্ৰত শৰ্মাই কয়, গ্ৰন্থখনত এইবুলি উল্লেখ আছে যে লাচিতৰ মাক প্ৰসৱ বেদনাত থকাৰ সময়ত স্বামীক ভৰা নদী পাৰকৰাই নিশা এটি শিৱ মন্দিৰলৈ লৈ যাবলৈ অনুৰোধ জনাইছিল ৷ স্বামীয়ে মন্দিৰলৈ নিনিয়াৰ বাবে মহিলা গৰাকীয়ে নিশা ভৰা নদীত অকলে টুলুঙা নাও বাই পাৰহৈ যাবলৈ চেষ্টা কৰাৰ সময়তে নদীৰ মাজত লাচিত জন্ম হয় ৷ ঘঁৰিয়ালে কামুৰি নাড়ী চিঙিছিল ৷
লাচিত বৰফুকনে তেতিয়াই টাই ভাষা বা অসমীয়া ভাষাৰ সলনি ঘঁৰিয়ালক হিন্দী ভাষাত বড়ে ভাই আৰু ঘঁৰিয়ালে লাচিতক চুটে ভাই বুলি মাতিছিল ৷ শৰাইঘাটৰ যোদ্ধত লাচিতক ঘঁৰিয়ালে জিকালে বুলি গ্ৰন্থখনত উল্লেখ আছে ৷ ড° দেবব্ৰত শৰ্মাই কয় সেই কাহিনীৰ আধাৰত বিগ বাজেটৰ চিনেমা নিৰ্মাণ কৰা হ’ব ৷ ইয়াৰ বিৰুদ্ধে কিয় প্ৰতিবাদ নহ’ব ৷
তেওঁ কয় জাতি গঠন প্ৰক্ৰিয়াৰ সমন্বয়ৰ দিশ একাষৰীয়া কৰি এতিয়া সাম্প্ৰদায়িক চিন্তা চৰ্চাৰে জাতি গঠন কৰিব বিচৰা হৈছে ৷ তেওঁ কয় বীৰ পিয়লি ফুকনে নাৰায়ণৰ পিঠিত উঠি ঘাৰঘৰ চাইছিল ৷ যিহেতু তেওঁ চাকুলা আছিল ৷ নাজিৰাৰ বদৰত আলীয়ে তেওঁলোকক বাট দেখুৱাইছিল ৷ এইবোৰ কথা মন কী বাতত আমি কাহানিও শুনিবলৈ নেপাওঁ ৷
আধুনিক অসম গঢ়ি যোৱা সকলৰ লগতে অসম ৰক্ষা কৰা কৰি যোৱা সকলৰ ভিতৰৰ আতন বুঢ়াগোহাঁই, লাই ধনখাঁ , গেঠুৱা, ভকুৱা আদিৰ নাম মন কী বাতত শুনিবলৈ নেপালেও আমি সকলোকে শুনাব লাগিব বুলি মন্তব্য কৰে ৷ ভাষণ প্ৰসংগ তেওঁ হিন্দু সাম্প্ৰদায়িক লোকৰ দৰে মুছলমানৰ সাম্প্ৰদায়িক তথা গোড়া লোক সকলো আমাৰ সমাজৰ বাবে ক্ষতিকাৰক বুলি মন্তব্য কৰে ৷
চাহজামাল আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে আতিকুৰ হাজৰিকাই ৷ সভাত শিৱসাগৰ দ্বীনি মাদ্ৰাছাৰ অধ্যক্ষ মৌলানা আতিকুৰ ৰহমান কাছিমীয়ে বক্তব্য আগবঢ়াই ৷ সভাত মুজাম্মিল হক, চাজিদ আহমেদ, মৌলানা চিদ্দিক আহমেদ বৰভূঞাকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে ৷
আবেলি ৩.২০ ত হোজাইৰ মুফতি হুচেইন আহম্মদ হাম্মাদ চৌধুৰীয়ে বক্তব্য আগবঢ়োৱাৰ পিছতেই সন্ধিয়া আমন্ত্রিত মুখ্য অতিথি সৰ্বভাৰতীয় দ্বীনি তালিম বৰ্ডৰ সম্পাদক মৌলানা মুফতি চৈয়দ চালমান মনচুৰ পুৰিয়ে বক্তব্য প্ৰদান কৰে ৷ তাৰ পূৰ্বে এইবাৰ মাদ্ৰাছৰ পৰা হাদীচ পাঠ্যক্ৰম সম্পন্ন কৰা ১৪ গৰাকী আলিমাক ডিগ্ৰী প্ৰদান কৰা হয়। তাৰ পিছতেই বিশ্বশান্তিৰ বাবে প্ৰাৰ্থনা জনোৱা হয় ৷