/asomiyapratidin/media/media_files/2025/08/01/ujjsd-2025-08-01-14-24-04.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ চহৰ সংলগ্ন ৰংঘৰ চাৰিআলিৰ একেটা পৰিয়ালৰ পাঁচজনকৈ সদস্য বিগত প্ৰায় এসপ্তাহে সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
প্ৰাপ্ত তথ্য মতে,যোৱা ১৬ জুলাইৰ দিনা শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত ৰংঘৰ চাৰিআলিৰ নিবাসী চৈয়়দ মোজাম্মিল হুছেইনে (৬৬) পত্নী চৈয়দা নাজনিন হক(৫৭) ,জ্যেষ্ঠ পুত্ৰ
চৈয়দ মোৱাচ্ছিৰ হুছেইন (৩২) আৰু বোৱাৰীয়েক চৈয়দা তাচনিম নাজৰিণ(২৫)ক লগত লৈ চাৰিমহীয়া নাতিনি চৈয়দা তাহেৰা ফাৰহিনক চিকিৎসা কৰাবলৈ বুলি ডিব্ৰুগড়লৈ গৈছিল ৷
২৫ জুলাইলৈকে তেওঁলোক কনিষ্ঠ পুত্ৰ চৈয়দ মাচুম হুছেইন(২৭) ৰ সৈতে যোগাযোগত আছিল যদিও ২৫ জুলাইৰ আবেলিৰ পৰা তেওঁলোক সন্ধানহীন হৈ পৰে ৷ উক্ত দিনাৰ পৰা তেওঁলোকে ব্যৱহাৰ কৰি থকা ম'বাইল নাম্বাৰ কেইটাও চুইটচ অফ হৈ আছে ৷
ম'বাইল নাম্বাৰ কেইটা চুইটচ অফ হৈ থকাত বিভিন্ন দুঃচিন্তাত ভোগা চৈয়দ মোজাম্মিল হুছেইনৰ কনিষ্ঠ পুত্ৰ চৈয়দ মাচুম হুছেইনে পিতৃ-মাতৃ তথা ককায়েক-বৌয়েক-ভতিজীৰ সন্ধানত একাধিক স্থানত বিচাৰ-খোচাৰ কৰিছে যদিও তেওঁলোকৰ কোনো শুংসুত্ৰ উলিয়াব পৰা নাই ৷
পিতৃ-মাতৃ তথা ককায়েক-বৌয়েক-ভতিজিৰ শুং সূত্ৰ উলিয়াই উদ্ধাৰ কৰি দিবলৈ আহ্বান জনাই চৈয়দ মাচুম হুছেইনে আজি শিৱসাগৰ জয়সাগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷